Wednesday, 31 July 2013

কুশল কোৱৰৰ ঘৰ আৰু কিছু কথা

This article was published in Amar Asom on March 31, 2012

নামবৰ হাবিৰ মাজেৰে ক’লা অজগৰ এডালৰ দৰে পৰি থকা নিমজ ৰাস্তাটোৰে আমাৰ গাড়ীখন আগবাঢ়িছিল সৰুপথাৰ অভিমুখে | বন্ধুবৰ দীনেশ ভিলৱালিয়াৰ ঘৰ পাওতে এন্ধাৰ ভালকৈয়ে হৈছিল | যোৰহাটৰ পৰা গোলাঘাট, গোলাঘাটত দিনজোৰা ব্যস্ততা আৰু তাৰ পিছত নিশাৰ আলহী হৈ আমি বন্ধু দীনেশৰ ঘৰ উঠিছোগৈ | কাইলৈ দীনেশে আমাক নাগালেণ্ড আৰু অসমৰ সীমান্ত অঞ্চলসমূহ দেখুওৱাৰ কথা | কথাৰ মাজতে দীনেশে এবাৰ হঠাত্‍ কৈ পেলালে যে এই সৰুপথাৰতে কুশল কোৱৰহতে ৰেল বগৰাইছিল | মহাশক্তিমান বৃটিছ সিংহৰ অহংকাৰক সৰুপথাৰৰ মাটিত মিহলি কৰি দিয়াৰ দুঃসাহস কৰিছিল কেইজনমান অসমীয়া যুৱকে | গাটো জিকাৰ খাই উঠিল | এৰা, আমিতো সেই ঠাইতে আছো - য’ত কুশল কোৱৰৰ ঘৰ আছে, কুশল কোৱৰৰ স্মৃটি আছে আৰু আছে এশ কোটি ভাৰতীয়ক বুকু ফুলাই ক’ব পৰা অসমীয়া শ্বহীদজনৰ গৌৰৱময় গাথা | এক মুহূৰ্তও বিলম্ব নকৰি দীনেশক ক’লো যে কাইলৈ আমাৰ প্ৰথম কাম হ’ব কুশল কোৱৰৰ ঘৰলৈ যোৱা | 

ভবামতে পিছদিনা পুৱা ১০মান বজাত আমি কুশল কোৱৰৰ ঘৰ গৈ ওলালো | খেতিৰ মৰণা, খেৰৰ দ’ম আৰু কাঠিত দ’মাই থোৱা ধানৰ ডাঙৰিয়ে পদূলিমুখতে আমাক পৰিয়ালটো কৃষিজীৱী বুলি পৰিচয় দিলে | হাতত ওখোনডাল লৈয়ে ডেকাল’ৰা এজনে আমাক চ’ৰাঘৰলৈ লৈ গ’ল | তাত পুৰণি কাঠৰ চকী দুখনমান আৰু এখন বিছনা | বেৰত ডাঙৰকৈ বন্ধোৱা কুশল কোৱৰৰ এখন ছবি | প্ৰাক্তন প্ৰধান মন্ত্ৰী, ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ লগত উঠা ছবিবোৰ কুশল কোৱৰৰ পুত্ৰ খগেন কোৱৰৰ | বেৰৰ পৰা ফটোবোৰ এই সুলকি পৰো, সুলকি পৰো হৈ আছে | ধূলিয়ে এটা তৰপ পেলাইছে কুশল কোৱৰৰ ওপৰত | 

কোনোবাই ‘দাইটি’ বুলি চিঞৰ এটা মৰা শুনিলো | এখন পুৰণি উৱলি যোৱা ধূতী আৰু চোলা এটাৰে সত্তৰোৰ্ধ্বৰ বৃদ্ধ এজন কপা কপা খোজেৰে আমাৰ সন্মুখত আহি বহিল | তেও কাণেৰে নুশুনে, হাত-ভৰিবোৰ অনবৰতে কপি থাকে | মই ওৰেটো বাটে ভাবি গৈছিলো কুশল কোৱৰৰ কাৰ্যকলাপ নিজ চকুৰে দেখা, তেওৰ স্পন্দন আমাতকৈ ভালকৈ অনুভৱ কৰা তেওৰ পুত্ৰজনৰ লগত মই বহুত কথা পাতিম | স্বদেশৰ বাবে জীৱন দিব পৰা আৰু বহুত কুশলক আজি আমাৰ মাজত লাগে, সেইবোৰ কথাও পাতিম | কিন্তু খগেন কোৱৰৰ মুখত যিখিনি শুনিলো সেয়া হ’ল ক্ষোভ, চৰকাৰৰ প্ৰতি ক্ষোভ, কেন্দ্ৰীয় চৰকাৰৰ কিবা এটা পেঞ্চন নোপোৱাৰ ক্ষোভ | ভুবনেশ্বৰ কলিতাই হেনো লিখিতভাৱে জনাইছিল পেঞ্চনটো হব বুলি, হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তহতেও কৈছিল হ’ব বুলি, কিন্তু আজিলৈ হোৱা নাই | মহান স্বাধীনতা সংগ্ৰামী কুশল কোৱৰৰ সন্তানে এটা পেঞ্চনৰ বাবে আশা পালি আছে, এই কথাটো যেন মই শুনিব খোজা নাছিলো | মই তেওৰ লগত বেছি কথা পাতিব নোৱাৰিলো | কুশল কোৱৰৰ বাবে আজিৰ প্ৰজন্মৰ আৱেগ আছেনে, নে সেই আৱেগৰ ওপৰত পাহৰণিৰ ধূলিয়ে তৰপ বান্ধি পেলাইছে ! একধৰণৰ হতাশাবোধে মোক আচ্ছন্ন কৰি তুলিলে |

বিমৰ্ষ মন এটাৰে আমি এইবাৰ যিটুকুৰা ঠাইত ওলালো, সেই ঠাইটুকুৰাৰ নাম নিউলেণ্ড | অসমীয়া নাম দলনি পথাৰ, নাগালেণ্ডে নাম দিছে নিউলেণ্ড | ৰাস্তা একেবাৰে বেয়া, ধূলি আৰু গাতেৰে ওখোৰা- মোখোৰা গোটেইছোৱা বাট | চকুত পৰিল টিনপাত লগোৱা এটা গিৰ্জা ঘৰ | এখন ফলকত লিখা আছে Yanlum Lotha Baptist Church, তলত নিউলেণ্ড | ওচৰতে এখন স্কুলঘৰ | মাটি অসমৰ, স্কুলঘৰ নাগালেণ্ডৰ | অসমীয়া মানুহে দা, যাঠি লৈ কাৰোবাৰ ঘৰত সোমাই মানুহ কাটিছেনে নাই নাজানো, নাগালেণ্ডে কিন্তু বহু অসমীয়া মানুহক কাটিলে, অকল কটাই নহয়, তেওলোকৰ ভূ-সম্পত্তি সকলো দখল কৰি চিৰদিনলৈ সীমান্তৰ অসমীয়া মানুহৰ মাজত সুমোৱাই দিলে ঘৃণা আৰু সন্দেহৰ বীজ | ১৯৭৯ চনত চুঙাজানত হোৱা হত্যালীলাৰ পৰা বৰ্তমানলৈ একেই আছে সীমান্তৰ সমস্যা, একেই থলুৱা মানুহৰ ভীতি, একেদৰেই আছে আগ্ৰাসন, সলনি হৈছে কেৱল চৰকাৰ |

পাহাৰৰ নামনিত অ’ত-ত’ত সৰু সৰু ঘৰৰ সমষ্টি আৰু পেন-পেন এজাক ল’ৰা-ছোৱালী | দীনেশে ক’লে - প্ৰথমে এঘৰ, তাৰ পিছত দুঘৰ, এনেদৰেই ৰাতিটোৰ ভিতৰতে যেন একোখন গাও হৈ যায় | অসম-নাগালেণ্ডৰ সমস্যাৰ্জজৰ পৰিস্থিতিৰ সুযোগ লৈ সন্দেহজনক এই মানুহবোৰে ক’ৰবাৰ পৰা আহি ইয়াতে বহি লৈছে, গাও পাতিছে, মাটি মুকলি কৰি খেতি কৰিছে | থলুৱা কোনো এঘৰ অসমীয়াই তেওলোকক বাট ভেটি ধৰা নাই, তেওলোকক এবাৰো সোধা নাই ‘ক’ৰ পৰা আহিলানো তোমালোক’ অথবা ‘কিয় আহিলা’ বুলি | 

ধূলিয়ে আৱৰা কুশল কোৱৰৰ ছবি, অসমৰ মাটিত নাগালেণ্ডৰ আগ্ৰাসন, সন্দেহজনক নাগৰিকেৰে ভৰি পৰা সংৰক্ষিত অঞ্চলসমূহ, এই সকলোৱে মোক বহুত কথা চিন্তা কৰাৰ অৱকাশ আনি দিলে | মই চৰকাৰক সুধিব খোজা নাই যে তোমালোকৰ সীমান্ত অঞ্চল উন্নয়ন বিভাগৰ নামত আবন্টিত কোটি কোটি টকা আচলতে কিহত খৰচ কৰিছা ! আজিলৈ সীমা এটা নিৰ্ধাৰণ কৰি দিয়া নাই কিয় নে আৰু কেইশমান মানুহ মৰালৈ বাট আছা ! মই যদি গালি পাৰিব লাগে, তেন্তে গালি পাৰিব লাগিব নিজক | গুৱাহাটীৰ দৰে মহানগৰত নিৰাপদ আবেষ্টনীত থাকি আমি দৰাচলতে আজিও অনুভৱ কৰা নাই সীমান্তবাসীৰ ভয়াৰ্ত দিনবোৰৰ কথা অথবা চুবুৰীয়া ৰাজ্যই দখল কৰি অহা বিস্তৰ মাটিৰ পিছত অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহাৰ কথা |

কুশল কোৱৰৰ জাতীয় চেতনাই আজি কাকো উদ্বেলিত কৰি তুলিব পৰা নাই | আমি যেন কুশল কোৱৰৰ ছবিখন একেবাৰে ধূলিৰে নেদেখা হৈ পৰালৈ বাট চাই আছো |

No comments:

Post a Comment