Wednesday, 31 July 2013

জাতিক ধ্বংস কৰা উন্নয়ন নালাগে

This article was published in Asomiya Pratidin on April 24, 2012

মই পচিশ বছৰ কাল অসমৰ বাহিৰত আছিলো | সুদীৰ্ঘ ১৯৮৫ চনৰ পৰা ২০১০ চনলৈ শিক্ষা আৰু বৃত্তিগত কাৰণত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত দিন কটাবলগীয়া হোৱাৰ ফলত সেইখিনি সময়ত আমাৰ ৰাজ্যখনৰ উন্নয়ন স্বচক্ষে দেখিবলৈ পোৱা নাছিলো | মোৰ মনত মচিব নোৱাৰাকৈ মাথো অংকিত হৈ আছিল ১৯৮৫ চনৰ আগৰ অসমৰ ছবিখন | বহু বছৰৰ মূৰত অসমলৈ উভটি আহি উন্নয়ন চাব খোজোতে দেখা পালো এক বিচিত্ৰ পৰিবৰ্তন |

এদিন সন্ধিয়াৰ কথা | নোট এখনৰ খুচুৰা বিচাৰি পাণদোকান এখনৰ সন্মুখত থিয় হ’লো | এক মুহূৰ্তও পলম নকৰি দোকানীজনে দেখুৱাই দিলে মদৰ দোকান এখনলৈ আৰু ক’লে তাত খুচুৰা পাবই, যিমান ডাঙৰ নোট নহওক কিয় ! মুহূৰ্ততে অনুভৱ কৰিছিলো ৰাজ্যখনত যেন এটা পৰিবৰ্তন হৈছে, ডাঙৰ পৰিবৰ্তন !

আচলতে সেইদিনা সেই দোকানীজনে মোক দেখুৱাই দিছিল এখন নতুন অসম, যিখন অসমৰ উন্নয়নৰ পৰিসংখ্যা দাঙি ধৰি সৌ-সিদিনা বিধানসভাত গগৈ মন্ত্ৰীসভাৰ আবকাৰী মন্ত্ৰী অজিত্ত সিঙে ক’লে যে অসম চৰকাৰে প্ৰতি বছৰে প্ৰায় ২০০ কোটি আহৰণ কৰে অকল মদ বিক্ৰীৰ পৰা | কি সাংঘাটিক পৰিবৰ্তন ! এই ধন হেনো ৰাজ্য চৰকাৰে আহৰণ কৰা মুঠ কৰৰ চল্লিশ শতাংশ | বিধানসভাত দাখিল কৰা তথ্যমতে যোৱা চাৰিটা বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে মুঠ ৭৭৯.১৯ কোটি টকা আহৰণ কৰিছে দেশীয় মদ আৰু ভাৰতত তৈয়াৰী বিদেশী মদ (IMFL) বিক্ৰীৰ জৰিয়তে | এই ধনৰ ১৫৬ কোটিয়েই আহিছে গুৱাহাটীৰ পৰা | ‘হিন্দুস্থান টাইমছ’ৰ যোৱা ১২ মাৰ্চ, ২০১২ সংখ্যা কাকতত প্ৰকাশিত বাতৰি এটাত আছিল এনেধৰণৰ কথা - Want to get high on branded country liquor? Visit Assam in the 2012-13 fiscal. There is good news too, if you swear by IMFL, alcohol will get cheaper along with money with a VAT cut from 13.5% to 5%.

ভাৰতত মদৰ বজাৰখনৰ সমৃদ্ধিয়ে অহা বছৰ অৰ্থাত্‍ ২০১৩ চনত এনে এটা পৰ্যায় পাবগৈ বুলি অনুমান কৰা হৈছে যে বিশ্বৰ ভিতৰত ইয়াৰ স্থান হ’ব দ্বিতীয় | ৰাছিয়াক তৃতীয় স্থানলৈ ঠেলি ভাৰতে চীনৰ পাচতে স্থান ল’ব বুলি অনুমান কৰা হৈছে | কাৰণ দ্বিতীয় স্থানত থকা ৰাছিয়াৰ মদৰ বজাৰখন ০.৪% অৱনমন হৈছে ২০১০ চনত | ২০০৯ চনতে ভাৰতৰ পাচটা ব্ৰেণ্ডক আন্তঃৰাষ্ট্ৰীয় মদৰ বজাৰত টপ-টেনত প্ৰৱেশ কৰা বুলি গণ্য কৰা হৈছে | কিন্তু এয়া কি সচাই সমৃদ্ধি ? ইন্টাৰনেটত এই সন্দৰ্ভত এজনে নিজৰ মত ব্যক্ত কৰিছিল এনেদৰে - I do not know whether it is a cause for celebration or mortification?

অসমত মদৰ সম্প্ৰসাৰণৰ পক্ষে এক আৱেগিক যুক্তিক থিয় কৰোৱা হয় | অসমখন এখন জনজাতি অধ্যুষিত ৰাজ্য | এই জনজাতীয় লোকসকলৰ মদ প্ৰস্তুতকৰণৰ এক প্ৰাচীন পৰম্পৰা আছে | বহু ক্ষেত্ৰত ই এক সামাজিক ৰীতি আৰু ধৰ্মীয় লোকাচাৰো | গতিকে অসমত মদৰ প্ৰচলনৰ বিৰোধিতা কৰাটো উচিত নহয় | কাৰণ বহু ক্ষেত্ৰত এনে বিৰোধিতাৰ সুযোগ গ্ৰহণ কৰি জনজাতীয় লোকক অপমান আৰু অসন্মান কৰাৰ সুযোগ থাকে |

আনহাতে কেইগৰাকীমান বুদ্ধিজীৱীয়ে অকপটে নিজৰ মদ্যপানৰ অভ্যাসৰ কথা কৈ নিয়ন্ত্ৰিত সুৰাপান কিমান স্বাস্থ্যসন্মত সেইবোৰ কথাৰ বৰ্ণনা কৰাও দেখা যায় | ইয়াৰ দ্বাৰা মদ্যপায়ীক হীন চকুৰে চাব খোজাসকলক অনুন্নত আৰু অনগ্ৰসৰ মানসিকতাৰ শ্ৰেণীভুক্ত কৰাৰ এক প্ৰচেষ্টাও চলোৱা হৈছে | অৱশ্যে এটা কথা সত্য যে মদৰ ইতিহাস বহু পুৰণি | খ্ৰীষ্টজন্মৰ তেৰশ বছৰ আগতেই হেনো গ্ৰীচত সুৰা প্ৰস্তুত হৈছিল | তেওলোকৰ পৰা ৰোমানসকলে এই বিদ্যা আয়ত্ত কৰি সমগ্ৰ ইউৰোপতে প্ৰচলন কৰিছিল | তেতিয়াৰ পৰা আজিপৰ্যন্ত সুৰা প্ৰস্তুতকৰণৰ নিত্য নতুন প্ৰণালী উদ্ভাৱন হৈয়েই আছে | আজিৰ বিশ্বত এনে এখন দেশ নাই, য’ত মদৰ প্ৰচলন নাই | ভাৰতিয় সমাজত পৌৰাণিক যুগৰ পৰাই মদিৰাৰ প্ৰচলন থকা বুলি জনা যায় | এনেস্থলত সকলোবোৰ যুক্তি আৰু আৱেগ যেন মদৰ সপক্ষেই যাব খোজে | যোৱা ফাকুৱা উত্‍সৱৰ দুদিন টিভিৰ সন্মুখত বহি দেখা পাইছিলো ৰাজ্যখনত ইতিমধ্যে হৈ যোৱা ভয়ংকৰ পৰিবৰ্তনৰ ফলত সৃষ্টি হোৱা পৰিবেশৰ এটি ৰেঙণি | আটাইকেইটা স্থানীয় বেচৰকাৰী টিভি চেনেলৰ ব্ৰেকিং নিউজত আছিল দুৰ্ঘটনাৰ বাতৰি | ৰাজ্যখনত সেই দুটা দিনত সংঘটিত বাইক দুৰ্ঘটনা, মটৰ গাড়ীৰ দুৰ্ঘটনা, সলিল সমাধি আদি দুৰ্ঘটনাসমূহৰ ৯৫% দুৰ্ঘটনাৰ কাৰণ আছিল মদ | আনহাতে The Assam Tribune কাকতত ৰাজু দাসে প্ৰেৰণ কৰা বাতৰি এটাত প্ৰকাশ পাইছিল ৮ ফেব্ৰুৱাৰী, ২০১২ সংখ্যাত | বাতৰিটোৰ শিৰোনাম আছিল Growing alcoholism breaking families in Assam. বাতৰিটোত Assam State Women's Commission (ASWC)ৰ চেয়াৰপাৰ্ছন মীৰা বৰুৱাই ৰাজ্যখনত বৃদ্ধি হোৱা মদ্যপায়ীৰ সংখ্যাই ঘৰুৱা অশান্তিত কিদৰে ইন্ধন যোগাইছে, সেই কথা উল্লেখ কৰিছে | মীৰা বৰুৱাই উল্লেখ কৰা মতে ৰাজ্যখনত বৃদ্ধি পোৱা বস্তুবাদী মানসিকতা, যৌতুকজনিত ঘটনা আৰু অসহিষ্ণু মানসিকতাৰ বাবে দায়ী হ’ল মদ | এই বিষয়টোক লৈ কমিছনে চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ লগতে চৰকাৰৰ সুৰা সম্পৰ্কীয় নীতি পৰ্যালোচনা আৰু পুণৰ মূল্যায়ন কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে | চেয়াৰপাৰ্চন গৰাকীৰ মতে অসমত সম্প্ৰতি ঘৰুৱা হিংসাৰ সমস্যাটো এক বৃহ্ত্‍ সমস্যাৰূপে মূৰ দাঙি উঠিছে আৰু শেহতীয়াকৈ সুৰাপায়ীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পোৱা বাবেই এই সমস্যা আৰু বেছি ভয়ংকৰ হৈ পৰিছে | 

অসমত মদ্যপায়ীৰ টিঘিলঘিলনিৰ কথা পঢ়ি থাকোতেই যোৱা ১৬ মাৰ্চ, ২০১২ সংখ্যাৰ The Economist আলোচনীত পঢ়িবলৈ পালো অন্য এক বাতৰি, যিটো বাতৰিৰ শিৰোনাম আছিল South Africa and alcohol : Don't touch a drop | এই বাতৰিৰ তথ্যমতে মদৰ বাবেই দক্ষিণ আফ্ৰিকাত হত্যাৰ হাৰ বিশ্বৰ অন্যতম অধিক হৈ পৰিছে | বাতৰিটোৰ তথ্যমতে মদ্যপানৰ বাবে এটা বছৰত দেশখনত পথ দুৰ্ঘটনাত ১৪,০০০ জনে প্ৰাণ হেৰুৱাইছে | মদে এফালৰ পৰা নিঃশেষ কৰিব ধৰিছে দেশখনক | অকল হত্যাই নহয়, ধৰ্ষণৰ সংখ্যা বাঢ়িছে, HIV সংক্ৰমণৰ সংখ্যা বাঢ়িছে | দেশখনৰ চেন্ট্ৰেল ড্ৰাগ অথৰিটিয়ে উল্লেখ কৰা মতে দেশখনত তীব্ৰ হাৰত মদ্যপায়ীৰ সংখ্যা বাঢ়িছে | যি ঘটনা আমেৰিকা বা বৃটেইনত ঘটা নাই, সেই ঘটনা আফ্ৰিকা বা ভাৰতবৰ্ষত ঘটা বাবে আচৰিত হ’বলগীয়া একো নাই | তৃতীয় বিশ্বৰ দেশ এনেকৈয়ে আক্ৰান্ত হয়, এনেকৈয়ে উচন হয় আৰু এনেকৈয়ে চিৰদিন তৃতীয় বিশ্বৰ দেশ হৈয়েই ৰয় |

যিসকলে আমাৰ জনজাতীয় ভাইসকলৰ ৰীতি আৰু পৰম্পৰাৰ দোহাই দি মদৰ প্ৰচলনৰ পোষকতা কৰে, তেওলোকে কেতিয়াবা বাৰু হিচাপ কৰেনে এনেধৰণৰ স্থানীয়  মদৰ কিমান ব্যৱসায় হৈছে ! আপং, সাজ, হাৰলং, তাড়ি আদি কিমানে পান কৰিছে আৰু IMFL ৰ গ্ৰাহক কিমানে হৈছেগৈ ! ৰাজ্য চৰকাৰৰ তথ্যমতে অসমত ১৬৮৭ খন  IMFL ৰ দোকানৰ আৰু ৩৪১ খন দেশীয় মদৰ অনুজ্ঞাপত্ৰ আছে | গতিকে ইয়াতেই ওলাই পৰে যে জনজাতীয় সকলৰ ৰীতি-পৰম্পৰাৰ প্ৰশ্নটো মদ ব্যৱসায় আৰু ৰাজনৈতিক নেতাৰ এক অজুহাতহে |

যিসকল বুদ্ধিজীৱীয়ে মদৰ উপকাৰিতাৰ বিষয়ে প্ৰবন্ধ লিখে আৰু নিয়ন্ত্ৰিত মদ্যপানৰ পোষকতা কৰে, তেওলোকক মাথো এটা প্ৰশ্নই সুধিবলৈ মন যায় - এই নিয়ন্ত্ৰণৰ কথা মানুহক ঘৰে ঘৰে গৈ শিকাব কোনে ? মদৰ ব্যৱসায়ীয়ে নে প্ৰবন্ধকাৰে ? 

হেম বৰুৱাই লিখিছিল - ‘সোণপাহী মোক এবাটি আপং দিয়া, তোমাৰ আঙুলিৰ শিখৰৰ দৰে ৰঙা ..’ | এই সুন্দৰ কবিতাফাকিত আপং এক চিত্ৰকল্প ; কিন্তু ইয়াক আপংৰ জয়গান বুলি IMFL ৰ বেহা কৰিবলৈ এৰি দিব লাগিব নেকি ? ওমৰ খায়ামে আকন্ঠ মদ্যপান কৰিছিল আৰু তেৱেই ৰুবায়ত্‍ লিখিছিল বাবেই গাৱে-ভূঞে মদৰ ঘাটি পাতিবলৈ এৰি দিম নেকি ? আৰু মদৰ টকাৰে উন্নয়ন ? এইটো এটা ডাঙৰ প্ৰশ্ন | আৰু উত্তৰটো সলসলীয়াকৈ দিব পাৰে  মদপী-অমদপী সকলোৱে | টেক্স আহিছে, ৰেভিনিউ আহিছে .. গতিকে মদৰ বিক্ৰী হওক | নহ’লে মানুহে মেঘালয়ত গৈ মদ কিনিব, অসমৰ টকা মেঘালয়লৈ যাব | সুন্দৰ যুক্তি তেওলোকৰ মদৰ সম্প্ৰসাৰণ তথা বিস্তাৰৰ সপক্ষে | কিন্তু তেওলোকক এটা প্ৰশ্ন কৰিব পাৰোনে ? গুজৰাটত মদ বিক্ৰী নিষিদ্ধ ; অথচ তাত কি উন্নয়ন হোৱা নাই ! আৰুনো কি ক’ম | 

No comments:

Post a Comment