This article was published in Aamar Asom on 3 October 2013.
সেই চনটো আছিল ১৯৮২ | অসমত তেতিয়া বিদেশী খেদা আন্দোলনৰ ভৰপক | সেই বছৰতে অন্ধ্ৰ প্ৰদেশত এটা সৰু ঘটনা ঘটিছিল; যিটো ঘটনাই সেই ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি দিছিল | সেই সময়ত ৰাজীৱ গান্ধী আছিল কংগ্ৰেছ দলৰ সাধাৰন সম্পাদক আৰু দেশৰ প্ৰধানমন্ত্ৰী আছিল তেওৰ মাতৃ ইন্দিৰা গান্ধী | ৰাজীৱ গান্ধী অন্ধ্ৰ প্ৰদেশলৈ ব্যক্তিগত ভ্ৰমনত গৈছিল | কিন্তু ৰাজীৱ গান্ধীয়ে হায়দৰাবাদৰ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে দেখা পাইছিল তেওৰ বাবে ৰৈ থকা বিপুলসংখ্যক কংগ্ৰেছ কৰ্মকৰ্তাক; যাৰ লগত আছিল অন্ধ্ৰ প্ৰদেশৰ স্বয়ং মুখ্য মন্ত্ৰী | অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী আছিল তেতিয়া টি আঞ্জায়া (Tantuguri Anjaiah) | ৰাজীৱ গান্ধীয়ে তেওৰ সম্বৰ্ন্ধনাৰ বাবে কৰা এনে আয়োজন দেখি স্তম্ভিত হৈছিল | কাৰন তেওঁ দলৰ সাধাৰণ সম্পাদকহে, তাকো গৈছে ব্যক্তিগত ভ্ৰমনত | কিন্তু মুখ্যমন্ত্ৰীয়ে ৰাজীৱ গান্ধীৰ মনোভাব নুবুজি অনাহকত তেওক তোষামোদ কৰিছিল | ৰাজীৱ গান্ধী খঙত অগ্নিশৰ্মা হৈছিল আৰু মুখ্য মন্ত্ৰীক খঙতে ৰাজহুৱা ভাবে ‘চাতুকাৰ - তোষামোদকাৰী’ আখ্যা দি গালি পাৰিছিল | যি সময়ত ৰাজীৱ গান্ধীয়ে গালি পাৰি আছিল সেই সময়খিনিত দেখা গৈছিল মুখ্য মন্ত্ৰী আঞ্জায়াই অসহায় হৈ নিঃশব্দে কান্দি থকা | মুখ্য মন্ত্ৰীৰ দুচকুৰ পৰা নিৰৱচ্ছিন্নভাবে চকুলো ওলাই আছিল আৰু ৰাজীৱ গান্ধীয়ে তেওক ভত্সৰ্না কৰিয়েই আছিল | কিছুদিনৰ পাচতেই আঞ্জায়াই মুখ্য মন্ত্ৰীত্ব হেৰুৱাইছিল আৰু বিদায়পৰত সেই দলিত সম্প্ৰদায়ৰ কংগ্ৰেছী নেতাজনে মাথো কৈছিল - ‘মই নাজানো কিয় মই মুখ্য মন্ত্ৰী হৈছিলোঁ আৰু ইয়াকো নাজানো কিয় মই আঁতৰি গ’লোঁ |’
আঞ্জায়াক কৰা সেই অপমান কিন্তু এজন অন্ধ্ৰৰ ব্যক্তিক কৰা ব্যক্তিগত অপমান হৈ থকা নাছিল | এই ‘অপমান’কে হাথিয়াৰ হিচাপে তুলি লৈছিল তেলেগু ছবিৰ ছুপাৰষ্টাৰ নন্দমুৰি তাৰক ৰামাৰাৱে | এন টি ৰামাৰাৱে ধ্বনি দিছিল - ‘আৰুকোটলা অন্ধ্ৰুলা আত্ম গৌৰৱম’ অৰ্থাত্ ‘ছয় কোটি অন্ধ্ৰবাসীৰ অপমান’ | তেওৰ এই বক্তব্য আৰু শ্লোগানক ৰাইজৰ আগত তুলি ধৰাত সহায়ৰ হাত আগবঢ়াইছিল ৰামোজী ৰাৱে ; যিয়ে ‘ইলাডু’ কাকতৰ জৰিয়তে ব্যাপক প্ৰচাৰৰ সুযোগ দিছিল ৰামাৰাৱক |
ইয়াৰ পিছৰ ঘটনাক্ৰম ৩০ বছৰ আগৰ ইতিহাস | অন্ধ্ৰৰ ৰাইজে অপমানকাৰীৰ দলক উচিত শিক্ষা দিছিল | এন টি ৰামাৰাৱৰ পিছৰ কালৰ সফলতা-বিফলতা বা কংগ্ৰেছৰ প্ৰস্থান বা পুনৰ প্ৰৱেশৰ ঘটনাবোৰে সেই যুগান্তকাৰী পৰিবৰ্তনৰ ঘটনাটোক কেতিয়াও ম্লান কৰিব নোৱাৰে |
স্বাভিমান, আত্মসন্মান, গৌৰৱ - এইবোৰ শব্দই সময়ে সময়ে একে উদ্দেশ্যৰে একেটা অৰ্থকে প্ৰতিনিধিত্ব কৰা দেখা যায় | ইংৰাজী pride শব্দটোৰ বাখ্যা অলেখ | এৰিষ্ট’টলৰ পৰা বাৰ্নাড শ্ব’লৈকে বিভিন্ন মনীষীয়ে এই শব্দক এক ‘সুগভীৰ সদগুণ’ আখ্যা দিছে | অবশ্যে স্বাভিমান বা গৌৰৱ শব্দই যেতিয়া ব্যক্তিগত পৰিসীমা অতিক্ৰম কৰি সামূহিক আবেগক প্ৰতিনিধিত্ব কৰে তেতিয়াহে ইয়াৰ ধনাত্মক দিশটোৰ ইতিবাচক আলোচনাৰ বাবে উত্সাহ বৃদ্ধি হয় |
এই কথাত সন্দেহ নাই যে যিয়ে মাথোঁ অতীতক লৈয়েই গৌৰৱত মত্ত হৈ থাকে, তেওঁৰ বৰ্তমানক লৈ গৌৰৱ কৰিবলগীয়া একোৱেই নাই বুলি সকলোৱে বুজি পায় | কিন্তু তাতো এক মতবাদ নিহিত থাকে | এটা জাতিৰ বা এখন দেশৰ গৌৰৱগাথা দীৰ্ঘকাল ধৰি অক্ষুন্ন থকাৰ পাচত সাময়িক ভাৱে সেই গৌৰৱ যদি পদদলিত হয় তেন্তে যিকোনো নেতাই প্ৰাচীন গৌৰৱগাথাকে সোঁৱৰাই ৰাইজক সংগ্ৰামী কৰাৰ চেষ্টা কৰিব পাৰে, ৰাইজক পুণৰ সবল আৰু কৰ্মঠ কৰি তুলিব পাৰে | অন্ধ্ৰপ্ৰদেশত নন্দমুৰি তাৰক ৰামাৰাৱেও সেই কামেই কৰিছিল | এসময়ত দেশৰ স্বাধীনতা যুদ্ধৰ সময়ত বাল গংগাধৰ তিলকে সেই কাম কৰিছিল, স্বামী শ্ৰদ্ধানন্দই সেই কাম কৰিছিল |
বহুতো লোকে এই স্বাভিমান বা গৌৰৱক এক অদৰকাৰী চিন্তা আখ্যা দিব খোজে যদিও এয়া সঁচাকৈয়ে অদৰকাৰীনে ?
প্ৰায় আঠ-দহ বছৰ আগতে বিহাৰৰ মানুহে নিজকে বিহাৰী বুলি কবলৈ লাজ পোৱা হৈছিল | বিহাৰৰ বাহিৰত যদি কোনো বিহাৰী লোকক তেওৰ ঘৰ ক’ত বুলি সোধা হয় তেন্তে বহুক্ষেত্ৰত দেখা গৈছিল যে তেও বিহাৰৰ নাম নলৈ তেওৰ জিলা বা চহৰখনৰ নামহে লৈছিল | অৰ্থাত্ বিহাৰৰ লোক বুলি নকৈ চাপ্ৰাৰ লোক বা কাটিহাৰৰ লোক বুলি কৈছিল | ইয়াৰ পৰা বুজা গৈছিল যে বিহাৰৰ লোক বুলি কৈ আনৰ পৰা সন্মান বা সম্ভ্ৰম আদায় কৰিব পাৰিব বুলি তেওলোকে ভবা নাছিল | ‘টাইমচ অব ইণ্ডিয়া’ত বিনয় পাণ্ডে নামৰ সাংবাদিক ‘Pride and Prejudice’ শীৰ্ষক এটা লিখনিত উল্লেখ কৰিছিল বিহাৰী শ্ৰমিকৰ সম্ভ্ৰমহীন অৱস্থাৰ কথা | দিল্লীৰ বৃহত্ অট্টালিকা বা দিল্লী মেট্ৰো ৰেলসেৱা আৰু পঞ্জাবৰ কৃষিক্ষেত্ৰত বিহাৰী শ্ৰমিকৰ ভূমিকাৰ কথা লিখি উঠি তেও লিখিছিল - ‘The credit for building the Delhi Metro or making Punjab prosperous will never go to Biharies. Does anyone ever say that blacks built America ?’
বিহাৰৰ দুৰৱস্থাৰ কাহিনী নতুন নাছিল | উপনিৱেশ চলি থকা সময়ৰ পৰাই বিহাৰী শ্ৰমিকৰ প্ৰব্ৰজন ঘটিছিল মৰিছাছ, চুৰিনাম আৰু ফিজিৰ দৰে বহিঃৰাষ্ট্ৰলৈ | দেশৰ বিভিন্ন চহৰ গাৱলৈ বিহাৰী শ্ৰমিকৰ প্ৰব্ৰজন ঘটি থকাটোৱেই সূচাইছিল যে বিহাৰত সাধাৰণ মানুহৰ অবস্থা খুবেই বেয়া | যি ঠাইত আৰ্থিক নিশ্চয়তা নাই, সেই ঠাই জন্মভূমি হলেও গৌৰৱৰ কাৰন হৈ নাথাকে | চৰকাৰী হিচাব মতে অকল পঞ্জাব প্ৰদেশতে অতি কমেও ২৫ লাখ বিহাৰী লোকে কাম কৰি আছে | কিন্তু লাহে লাহে পৰিস্থিতিৰ পৰিবৰ্তন হ’ল | বিহাৰত লালু ৰাজৰ অবসানৰ পাচত ‘জে ডি (য়ু) - বিজেপি’ চৰকাৰ গঠন হোৱাৰ লগে-লগে লাহে লাহে বিহাৰী প্ৰব্ৰজন হ্ৰাস পাব ধৰিলে | ২০১০ চনত পঞ্জাবত গঠিত হয় প্ৰবাসী বিহাৰীৰ কল্যানৰ নিমিত্তে এখন বোৰ্ড | এই নবগঠিত বোৰ্ডৰ অধ্যক্ষ আৰ চি যাদৱৰ মতে সদ্যহতে নতুন প্ৰব্ৰজনৰ হাৰ প্ৰায় ৩০ শতাংশতকৈও বেছি কমিছে | বেছিভাগ বিহাৰীয়ে এতিয়া বিহাৰতে কৰ্মসংস্থাপনৰ দিহা কৰিবলৈ সক্ষম হৈছে | ইয়াৰ লগে লগে পুণৰ ঘূৰি আহিব ধৰিছ BIHARI PRIDE, বিহাৰীৰ স্বাভিমান | এনে স্বাভিমানী বিহাৰীয়েই এতিয়া ওলোটাই পঞ্জাবীক কবলৈ সক্ষম হৈছে - ‘আমাৰ বিহাৰী সকল পঞ্জাবৰ পৰা লাহে লাহে বিহাৰলৈ উভটি আহিব ধৰিছে ; কিন্তু পঞ্জাবী সকলে চোন এতিয়াও কানাডাত ট্ৰাক চলায়েই আছে |’ উল্লেখ্য যে পঞ্জাবৰ পৰা গৈ বহু পঞ্জাবীয়ে কানাডাত প্ৰবাসী জীৱন-যাপন কৰিছে | কিন্তু পঞ্জাবীৰ প্ৰব্ৰজনে পঞ্জাবৰ গৌৰৱ ম্লান কৰা নাই, কাৰন পঞ্জাব এখন সম্পদশালী প্ৰদেশ আৰু ইয়াৰ পৰা বিদেশলৈ প্ৰব্ৰজন কৰা লোকক সৰ্বহাৰা বা উদ্বাস্তু নাইবা কৰ্মহীন বুলি গণ্য কৰা নহয় | পঞ্জাবীৰ প্ৰব্ৰজনৰ কাৰন অধিক প্ৰাচুৰ্যৰ আশা |
এসময়ত বিহাৰীয়ে নিজকে বিহাৰৰ বুলি নকৈ দাৰভাংগা বা চাপ্ৰাৰ লোক বুলি কোৱাৰ লেখিয়াকৈ লাহে লাহে অসমৰ এচাম মানুহেও নিজকে অসমীয়া বুলি কবলৈ বেয়া পোৱা হ’ল | অসমীয়া বুলি গৌৰৱ কৰাতকৈও নিজৰ জাতি উপজাতিৰ নামেৰে গৌৰৱ কৰাৰ প্ৰবণতা আহিল | ইয়াৰ কাৰন, হতাশা নে ক্ষোভ ? হয়তো দুয়োটাই | লাহে লাহে অসমীয়াই নিজকে বড়ো, মিচিং, কাৰ্বি, আহোম, কোচ, কলিতা, বামুন, যোগী, কায়স্থ বুলি কবলৈ যোৱা পৰম্পৰা এটা আৰম্ভ হ’ল | অৰ্থাত্ সামূহিক ভাৱে অসমীয়া বুলি গৌৰৱ কৰি অহা উত্সাহলৈ হতাশা আহিল |
কোৱা হয় যে এচাম ৰাজনৈতিক উচ্চাকাংক্ষী নেতাৰ প্ৰবল উচ্চাকাংক্ষাৰ বাবেই বিভাজনৰ প্ৰক্ৰিয়া ত্বৰাম্বিত হয় | এই তত্ব দলিয়াই পেলাব নোৱাৰি | কিন্তু ইয়াৰ লগে লগে আন কিছুমান কাৰনকো উলাই কৰিব পৰা নাযায় | ১৯৮৫ চনৰ পাচত অসমৰ সকলো লোকে উত্সাহেৰে সামূহিক ভাৱে যিদৰে নিজকে অসমীয়া বুলি কৈ গৌৰৱ বোধ কৰিছিল, আজি তেনেদৰে গৌৰৱ বোধ কৰেনে ? ইয়াৰ উত্তৰটো হ’ল - আজিৰ তাৰিখত এক বুজন সংখ্যক লোকে নিজকে অসমীয়া বুলি ভাবিবলৈ বাদ দিছে | কাৰন অসমীয়া বুলি সামূহিক পৰিচয় এটাৰ বিশেষ সুনাম ঘূৰি আহিব বুলি বহুতো লোকে নাভাবে | অসমত আঞ্চলিকতাবাদৰ বিপৰ্যয় (অগপৰ বিপৰ্যয়), প্ৰতিবাদী শক্তি ‘আছু’ৰ কন্ঠ দুৰ্বল হৈ অহা, ‘অসম সাহিত্য সভা’ক লৈ চলা বিৰক্তিকৰ বিতৰ্ক, আলফাৰ অধঃপতন, ছালফাৰ দৌৰাত্ম আদিয়ে অসমৰ অসমীয়াক হতাশ কৰিলে | উচ্চবিত্ত শ্ৰেণীৰ দিল্লী বাঙ্গালোৰ প্ৰীতি আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ কঠোৰ জীৱন সংগ্ৰামে আজি অসমীয়া হব খোজা উত্সাহৰ শলিতাডাল লাহে লাহে নুমুৱাই আনিছে | অসমৰ সকলো লোকৰ বাবে অসমীয়া হোৱাৰ উত্সাহটো এতিয়া মাত্ৰ বিহু আহিলেহে আহে | ইয়াৰ উপৰিও বাংলাদেশীৰ প্ৰব্ৰজনে অসমৰ জনগাঁথনি সলনি কৰি দিয়াৰ পাচত আজি অসমৰ খিলঞ্জীয়া মানুহ আৰু বেছি হতাশ হৈ পৰিছে |
এটা সময় আছিল যেতিয়া অসমৰ অসমীয়াই জীবিকাৰ বাবে ৰাজ্যখনৰ বাহিৰলৈ প্ৰব্ৰজন কৰিবলগীয়া হোৱা নাছিল | এই সংক্ৰান্তত Myron Weiner এ Sons of the soil গ্ৰন্থত লিখা কথাখিনি প্ৰমান হিচাবে লব পাৰি | Myron Weiner এ লিখিছিল Among the major linguistic communities, the Assamese are India's least mobile people. In 1961, almost 99.7 per cent of all Assamese resided in Assam. More than half of the nineteen thousand Assamese who lived outside the state resided in West Bengal, mainly in Calcutta and the hill districts of Jalpaiguri and Darjeeling, both bordering on Assam. A small number of Assamese also lived in Punjab, mainly serving in the army. (পৃষ্ঠা - ৬৫) | অথচ আজিৰ পৰিস্থিতি কল্পনা কৰকচোন | হায়দৰাবাদ চহৰত আজি অসমীয়াৰ পৰিচয় হ’ল ছিকিউৰিটি গাৰ্ড | অৰ্থাত্ অসমৰ মানুহ বুলিলে হায়দৰাবাদৰ আন মানুহে ছিকিউৰিটি গাৰ্ড বুলিহে বুজে | অসমৰ হাজাৰ হাজাৰ ল’ৰাই তাত গৈ এই কাম কৰি আছে | ছিকিউৰিটি গাৰ্ডৰ কামটো একো বেয়া কাম নিশ্চয় নহয় ; কিন্তু এখন প্ৰদেশৰ পৰা ইমান সংখ্যক লোকে তাত সামান্য বেতনত এই কামটো কৰিবলৈ যোৱা কথাই কি সূচায় | অসমৰ মানুহে এসময়ত বিহাৰৰ বিহাৰী মানে মাটি কটা নুনীয়া বা ৰিক্সাৱালা, ঠেলাৱালা বুলিহে বুজি পাইছিল | অসমৰ মানুহকো আজি দক্ষিণৰ ৰাজ্যসমূহত এনে বিশেষ ৰূপতহে চিনি পায় | মাননীয় মুখ্যমন্ত্ৰীয়ে ‘ৰূপহী অসম’ৰ শ্লোগান দি থাকোতেই বাৰ বছৰ পাৰ হৈ গ’ল | এই বাৰ বছৰত অসমৰ বাহিৰত অসমীয়াৰ পৰিচয় হ’লগৈ - ছিকিউৰিটি গাৰ্ড, হোটেল বয় | ক’বলৈ সংকোচ হ’লেও আজিৰ তাৰিখত এয়াই অসমীয়াৰ pride , এয়াই সন্মান |
গোটেই কথাবোৰ যদি জুকিয়াই লওঁ, তেন্তে কথাবোৰ এনে ধৰনৰ হ’বগৈ - যোৱা দহ বছৰত বিহাৰৰ মানুহ বিহাৰলৈ ঘূৰি যোৱা আৰম্ভ হৈছে আৰু অসমৰ মানুহ অসমৰ পৰা ওলাই যোৱা প্ৰক্ৰিয়া পূৰ্ণগতিত চলিছে | যোৱা দহ বছৰত বিহাৰীয়ে নিজকে বহুদিনৰ মূৰত বিহাৰী বুলি কোৱা আৰম্ভ কৰিছে আৰু অসমৰ মানুহে নিজকে অসমীয়া বুলি ক’বলৈ লাজ পোৱা হৈছে | এইবোৰ অপ্ৰিয় সত্যৰ বিৰোধিতা কৰোতা হয়তো ওলাব ; কিন্তু এনে সত্যক কোনেও সৰহ দিনলৈ অসত্য বুলি ঢাকি ৰাখিব নোৱাৰিব |
কাকো জোৰ কৰি অসমীয়া কৰিব নোৱাৰি | বলপূৰ্বক অসমীয়াকৰনৰ আমি তীব্ৰ বিৰোধিতা কৰো | কিন্তু বিহাৰৰ বুলি নকৈ বিহাৰীয়ে চাপ্ৰা বা দ্বাৰভাংগাৰ বুলি কৈ নিজৰ সন্মান যিদৰে ৰক্ষা কৰিব পৰা নাছিল ; ঠিক তেনেদৰে অসমৰ অসমীয়া লোকেও নিজৰ ক্ষুদ্ৰ জাতিসত্বাকে সাবটি নিজৰ সন্মান বঢ়াব নোৱাৰে | আমি যিদৰে অসমীয়া হৈয়ো ভাৰতীয়ত্বক অস্বীকাৰ নকৰো, ঠিক তেনেদৰেই ক্ষুদ্ৰ জনগোষ্ঠীৰ জাতিসত্বা ৰক্ষা কৰাৰ পাচতো নিজৰ ‘অসমীয়া’ পৰিচয়ক আমি নাকচ কৰিব নোৱাৰো | আমি কোনোবাই অসমীয়া হব নুখুজিলেও বাংগালোৰৰ পৰা অসমলৈ উৰাবাতৰিৰ প্ৰভাবত হিলদল ভাগি পলাই অহা লোকখিনিক কিন্তু বাহিৰৰ সকলোৱে অসমীয়া বুলিয়েই কৈছিল, প্ৰাণৰ ভয়ত পলাই অহা লোকখিনিৰ মাজৰ কিমান শ লোক বড়ো, কিমান শ ৰাভা, কিমান হাজাৰ কোঁচ, কলিতা - এইবোৰৰ হিচাপ ক’তো ওলোৱা নাছিল | সংবাদ প্ৰতিষ্ঠানৰ হিচাব মতে অকল বেংগালুৰু চহৰৰ পৰাই ৩০ হাজাৰতকৈও অধিক লোকে অসমলৈ বি টি এ ডি সংঘৰ্ষৰ পাচত পলাই আহিছিল |
অকল বাঙ্গালোৰৰ পৰাই ৩০ হাজাৰৰো অধিক লোকে নিজৰ ঘৰ অসমলৈ পলাই অহা কথাটোৱে বহুতো বিশ্লেষন চকুৰ আগত তুলি ধৰে | প্ৰথম কথাটো হ’ল অসমত কৰ্মসংস্থাপনৰ সুবিধা নাই বাবেই বৃহত্ সংখ্যক লোক আন ৰাজ্যলৈ প্ৰব্ৰজিত হৈছে | দ্বিতীয়তে এইসকল অসমীয়া এতিয়া শৌৰ্যহীন, দিশহাৰা, যিয়ে সামান্য এছ এম এছৰ ভয়তো পলাই আহে | তৃতীয়তে আমাৰ চৰকাৰৰ মুৰব্বীয়ে পলাই অহা সকলক সুকলমে ওভটাই পঠাবহে পাৰে ; তেওলোকক কিয় নিজৰ জন্ম ঠাই এৰি আন প্ৰদেশৰ বাসিন্দা হব লগা হৈছে তাৰ কাৰণ ভাবিব নোৱাৰে |
শেষত উল্লেখ কৰিছো - অসমৰ সন্মান আৰু অসমীয়াৰ স্বাভিমানৰ পতনৰ এটা কৰুন উদাহৰণ | অসমৰ গৌৰৱ চুকাফাক লৈ অঁকা অসমৰ পট এটা যোৱা গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল | এই ব্যৰ্থতাৰ মূল কাৰন আছিল ৰাজ্য চৰকাৰৰ বিষয়াই দিয়া ভুল দিক-নিৰ্দেশনা | ইয়াকে লৈ অসমৰ বিভিন্ন সংগঠনে মাত মাতিলে যদিও ইয়াক কোনেও সন্মানৰ বিষয় হিচাপে নল’লে | মাথো কেন্দ্ৰীয় চৰকাৰ, দিল্লীৱালা বিষয়া, হিন্দী লবী আদি কাল্পনিক দোষীক দোষী সাব্যস্ত কৰিয়েই সকলো ক্ষান্ত থাকিল | এটা সংগঠনে হেংদাং উঠাব বুলি হুংকাৰো দিলে | পিছত গম পোৱা গ’ল যে তেওঁলোকৰ এচামে হেংদান উঠাব খোজা হাতখনেৰে শাসকীয় দলৰ প্ৰতীকচিহ্ন ‘কটা হাত’খনৰ সৈতে কৰমৰ্দনহে কৰিলে | এয়াই অসমীয়াৰ স্বাভিমান ! এয়াই অসমৰ মানুহৰ সন্মান ! এয়া এটা পৰিস্থিতিৰ বৰ্ণনা কৰা হ’ল, কাৰনো উল্লেখ কৰা হ’ল | কিন্তু প্ৰতিকাৰ ? অসমীয়াৰ স্বাভিমান ঘূৰাই অনাৰ উপায় কি ? অসমৰ সন্মান ৰক্ষা কৰাৰ উপায় আছেনে ?
এষাৰ কথা আছে - ‘য’ত অপায় থাকে, তাত উপায়ো থাকে’ | প্ৰথম উপায়টো হ’ল - প্ৰথমেই অসমৰ সকলো লোকে বুজিব পাৰিব লাগিব বিষয়টো কিমান গুৰুত্বপূৰ্ণ | সন্মান নথকা মানুহ হৈ জন্মি যিদৰে লাভ নাই ; সন্মানহীন জাতিৰো একো মূল্য নাই, ভবিষ্যতো নাই | দ্বিতীয়তে এই ক্ষেত্ৰত ৰোগ নিৰাময়ৰ বাবে আগবাঢ়োতে কাকো (জনগোষ্ঠী) বাদ দিব নোৱাৰিব | তৃতীয়তে, যিকোনো জনগোষ্ঠীয়ে অকলেই আগবাঢ়িব পাৰিব বুলি কোৱা নেতাক ৰাইজেই প্ৰকৃত সত্যটো বুজাই দিব লাগিব | এইবোৰ উপায়ৰ কথা কোৱাৰ পিছত প্ৰশ্ন আহে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় উপাদান কি ? নেতা | হয়, যোগ্য নেতৃত্ব অবিহনে অসমৰ সন্মান প্ৰতিষ্ঠা নহয় | সেই নেতৃত্ব চকুৰ আগলৈ নহালৈকে আমি সকলোৱে এক পৰিৱৰ্তনৰ বাবে মাত্ৰ সাজুহে হ’ব লাগিব | আজিৰে পৰা ... |
__________________________________________
বিহাৰী অসমীয়াৰ দৰে অাৱেগিক নহয়, সেইবাবেই বিহাৰী প্রা়ইদ
ReplyDeleteবিহাৰী অসমীয়াৰ দৰে অাৱেগিক নহয়, সেইবাবেই বিহাৰী প্রা়ইদ
ReplyDelete