Thursday, 31 October 2013

বাহিৰা পইচা

This article was published in Dainik Agradoot on 30 October, 2013.

বাহিৰা পইচা বুলি ক’লে বুজি নোপোৱা মানুহ অসমত কোনোবা আছেনে ? মোৰ মনে কয় - নাই | ল’ৰাৰ পৰা বুঢ়ালৈ সকলোৰে আজি পৰিচিত শব্দ ‘বাহিৰা পইচা’ | বৈধ উপায়েৰে সত্‍ভাৱে উপাৰ্জন কৰা পইচাত বাহিৰে অসত্‍ উপায়েৰে অৰ্জা পইচাৰ নাম বাহিৰা পইচা | ইয়ে প্ৰমাণ কৰে বাহিৰা পইচা আমাৰ জনজীৱনত হাড়ে-হিমজুৱে সোমাই পৰিছে | সমাজে মান্য ৰূপ দিছে বাহিৰা পইচাক আৰু মান্যতা পাইছে বাহিৰা পইচা উপাৰ্জনকাৰীয়ে | বাহিৰা পইচা আছে বুলি ক’বলৈ এতিয়া কোনেও সংকোচ নকৰে, কন্যাদায়গ্ৰস্থ পিতৃয়েও এতিয়া হ’ব লগা জোঁৱাইৰ বাহিৰা পইচা আছে বুলিলে মনত সন্তোষেই পায় | য’ত আমাৰ সমাজৰ অবক্ষয়ৰ এক জলন্ত প্ৰতীক হব লাগিছিল ‘বাহিৰা পইচা’, লজ্জা আৰু সামাজিক ব্যাধিৰ নাম হ’ব লাগিছিল ‘বাহিৰা পইচা’, তাত গোপনে অথচ মুকলি ভাৱেই সমাদৃত হৈছে ‘বাহিৰা পইচা’ | ‘বাহিৰা পইচা’ নামেৰে সুন্দৰ নাম দি দুৰ্নীতিক জানো আমি আমাৰ বাবে গ্ৰহণযোগ্য কৰি তোলা নাই ?

ইংলণ্ডত অসত্‍ উপায়েৰে অৰ্জা পইচাক বুজাবলৈ ব্যৱহাৰ কৰে ‘ব্লাড মানি’ শব্দটো | অৰ্থাত্‍ আনক মাৰি অনা পইচা বা তেজৰ পইচা | শব্দটোৱেই ঘৃণামিশ্ৰিত | আমাৰ অভিধানত গালি বা বেয়া শব্দৰ অভাৱ নিশ্চয় নাই | নলবাৰীত অকল গালিৰ (গালি পাৰোতে ব্যৱহাৰ কৰা শব্দবোৰ) এখন পুথি উন্মোচন হোৱাৰ খবৰো মই পাইছিলো; কিন্তু আমি মনত ঘৃণা জন্মাব পৰা বা লাজ পাব পৰা শব্দ এটা নিদি ‘ব্লাড মানি’ক নাম দিছো ‘বাহিৰা পইছা’ ; যাতে কোনেও ইয়াক লৈ লজ্জিত হ’ব লগা নহয় |

চাকৰিয়ালৰ বাবে বাহিৰা পইচা (এক্সট্ৰা মানি) আৰু চাকৰি নকৰা ডেকাৰ বাবে সহজ পইচা (ইজি মানি) উপাৰ্জনৰ মানসিকতাই বৰ্তমান সৰ্বনাসী ৰূপ লৈ সমাজখনক, জাতিটোক যেন গ্ৰাস কৰিবলৈ উদ্যত হৈছে | শ্ৰমবিমুখ অসমীয়া যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে ঠিকা-ঠুকলি, দালালি, কমিচন পোৱা আদি কামৰ প্ৰতি ধাউতি | একাংশই হোটেল বয়, ছিকিউৰিটি গাৰ্ড, দ্বাৰৰক্ষী আদি কামলৈ ধাবিত হৈছে বহিঃৰাজ্যলৈ | হতাশাগ্ৰস্থ একাংশ লিপ্ত হৈছে অপৰাধমূলক কাম-কাজত | অনাহক হিংসা, বিদ্বেষ, লুণ্ঠন, প্ৰবঞ্চনা আদি বৃদ্ধি পাইছে ভয়ানকভাৱে | ‘নেছনেল ক্ৰাইম ৰেকৰ্ডচ ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে হিংসাত্মক অপৰাধৰ ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত অসম শীৰ্ষত | সৰ্বভাৰতীয় পৰ্যায়ত হিংসাত্মক ঘটনাৰ হাৰ ২২.৭ শতাংশ, অসমত ৫৪.২ শতাংশ | নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত অসমৰ স্থান উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম | ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ত যেন অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে | এহাতে যেনেকৈ ঘৰুৱা হিংসা বৃদ্ধিয়ে পাৰিবাৰিক অবক্ষয়ৰ স্বৰূপ দাঙি ধৰিছে, তেনেকৈ চোৰ, ডকাইত, বলাত্‍কাৰী, হত্যাকাৰীৰ সংখ্যা বৃদ্ধিয়ে সামাজিক অবক্ষয়ৰো এখন ছবি উদ্ভাষিত কৰিছে | কিন্তু এই সকলোবোৰৰ আঁৰত যে ৰাজনৈতিক নেতাৰ ভূমিকা আৰু তেওঁলোকৰ ৰাজনৈতিক সংস্কৃতিৰ কথা জড়িত হৈ আছে সেই কথা বহুতেই অনুধাৱন নকৰে | 

যোৱা দশকটোত দেখা গৈছে যে জনগনৰ উন্নয়ণৰ শ্ল’গান আওৰাই চৰকাৰে লোৱা বৃহত্‍ আঁচনিসমূহৰ সৰহভাগেই দুৰ্নীতি কৰিব পৰাৰ বৃহত্‍  সুৰুঙা থাকি যোৱা আঁচনি | এইক্ষেত্ৰত এনৰেগা, মধ্যাহ্ন ভোজন আদি আঁচনিলৈ আঙুলিয়াব পাৰি | হয়তো ক’ৰবাত তথ্য-প্ৰমাণৰ অভাৱত বহুত কেলেংকাৰী অন্ধকাৰত লুকাই পৰিছে, ক’ৰবাত আকৌ ঘৰৰ দেৱাল ভাঙি কোটি কোটি টকা দিনৰ পোহৰতে ওলাই পৰিছে; কিন্তু প্ৰকৃতাৰ্থত জনগনৰ কিমান উন্নয়ণ হৈছে সেয়া ৰাইজৰ চকুত জলজল-পটপটকৈ পৰিস্কাৰ হৈ পৰিছে | প্ৰায় প্ৰতিটো বিভাগতে কোটিৰ ঘৰত সংঘটিত দূৰ্নীতিয়ে লাভবান কৰিছে সাধাৰণ কেৰাণী, পিয়নজনৰ পৰা মন্ত্ৰী, আমোলাজনলৈ | ইয়াৰ কু-প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত পৰা নাই বুলি ভাবিলে ভুল হ’ব | ক’বলৈ গ’লে ‘বাহিৰা পইচা’ই মান্য ৰূপ লাভ কৰিছে এনে সময়ৰ পৰিপ্ৰেক্ষিততে আৰু বাহিৰা পইচাৰ সোৱাদ নোপোৱা এচামৰ মানসিকতাত সোমাই পৰিছে ক্ষোভ, অসহিষ্ণুতা আৰু হিংসাত লিপ্ত হোৱাৰ মানসিকতা | সি লাগিলে ব্যক্তিগত জীৱনতেই হওক বা সামাজিক জীৱনতেই হওক | ইয়াৰ পৰিণতি উত্তৰ প্ৰজন্মৰ বাবে আৰু বেছি ভয়ানক হ’বলৈহে যেন গৈ আছে | বৰ্তমানৰ খাদ্য সুৰক্ষা আঁচনিও যে দুৰ্নীতি বৃদ্ধিত সহায়ক হ’ব,  সেয়া সহজেই অনুমেয় | ৰাজনৈতিক চৰিত্ৰই জনগনৰ চৰিত্ৰত বিপুল প্ৰভাৱ পেলায় | এনেবোৰ কথা বিচাৰ-বিশ্লেষণ কৰিবলৈ বৰ্তমানৰ জনপ্ৰতিনিধিৰ সময়ৰ অভাৱ | ৰাইজৰ জীৱনধাৰাৰ মান সলনি কৰাৰ সলনি নিজৰ গাদী ৰক্ষাৰ বাবে অহৰহ অংকত ব্যস্ত বৰ্তমানৰ জনপ্ৰতিনিধি | সেয়ে হয়তো কেইটামান দশক আগলৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিয়ে শ্ৰদ্ধা আৰু সমীহ আদায় কৰিব পাৰিছিল, যিটো এতিয়া অবাস্তৱ কথা | কাৰণ মূল্যবোধ, শ্ৰদ্ধা, আবেগ, দায়িত্ববোধ এই সদগুণবোৰ এতিয়াৰ নেতাসকলৰ মাজৰ পৰা ক্ৰমাত্‍ অস্তমিত | 

সম্প্ৰতি নিৰাশাবাদৰ ক’লীয়া ডাৱৰে যেন সাধাৰণ অসমীয়া লোকৰ আকাশ ছানি ধৰিছে | সত্‍ আৰু সচেতন মানুহে ‘বাহিৰা পইচা’ক ঘৃণাৰ ডাষ্টবিনলৈ দলিয়াই দি ৰাজ্যৰ অৰ্থনৈতিক মেৰুদণ্ড সবল কৰি তোলাৰ সময় আহি পৰিছে | বাহিৰা পইচাৰে ধনী হ’ব খোজা জাতি এটাই পৰিশ্ৰম আৰু সততাক মূল্য দিব নোখোজে আৰু তেওঁলোকে সংস্কৃতিক কৰি তোলে বিজতৰীয়া | প্ৰশাসনিক স্তৰত দুৰ্নীতি বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ হ’লে ৰাজনৈতিক ক্ষেত্ৰত শক্তিশালী নেতাৰ শক্তিশালী ভূমিকা থাকিব লাগিব | তাৰ বাবে উঠি অহা প্ৰজন্মই দিক্ নিৰ্ণয়কাৰী নেতাৰ সন্ধান কৰিব লাগিব; এনে এগৰাকী নেতা যাৰ মেধা আৰু কৰ্মআচনিয়ে নতুনত্ব কঢ়িয়াই আনিব পাৰে, জাগ্ৰত কৰিব পাৰে সুপ্ত কৰ্মশক্তিক | অন্যথা ‘বাহিৰা পইচা’ই অসমীয়াৰ বৰঘৰত বৰপীৰা পাৰি বহি ল’ব আৰু চিৰকাললৈ বিদায় ল’ব আমাৰ কৰ্মসংস্কৃতি |

____________________________________________________________
         

No comments:

Post a Comment