Tuesday, 12 November 2013

প্ৰস্ৰাৱাগাৰবিহীন বিদ্যালয়ত লেপটপ্ লোৱা ছাত্ৰী

This article was published in Aamar Asom on 9 October, 2013.

ক’লেজীয়া দিনত এটা ইংৰাজী কবিতা পঢ়িছিলোঁ, যিটো কবিতা মই প্ৰায়ে গুণগুণাই থাকো | কবিতাটোৰ মূলভাৱ হৈছে এনেধৰণৰ - এটা গজালৰ অভাৱত ঘোঁৰা এটাৰ খুৰাত নাল লগোৱা নহ’ল, খুৰাত নালটো লগাব নোৱাৰা বাবে ঘোঁৰাটো যাব নোৱাৰিলে, ঘোঁৰা নোহোৱা বাবে আৰোহীজন ৰৈ গ’ল, আৰোহীজন যাব নোৱাৰা বাবে এটা ‘খবৰ’ পঠিওৱা নহ’ল, খবৰটোৰ বাবে এদল সৈনিকে এখন যুদ্ধত পৰাজিত হ’ব লগা হ’ল, এই যুদ্ধৰ পাছত এখন দেশ হেৰুৱাব লগা হ’ল; কিন্তু এই আটাইবোৰৰ মূলতে আছিল ঘোঁৰাৰ খুৰাৰ নালত লগোৱা এটা ক্ষুদ্ৰ গজাল | কবিতাটো উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলো | 

For want of a nail, a shoe was lost.
For want of a shoe, the horse was lost,
For want of a horse, the rider was lost,
For want of a rider, the message was lost,
For want of a message, the battle was lost, 
For want of a battle, the kingdom was lost. 
And all for the want of a horseshoe nail.

এই কবিতাটো মোৰ বৰকৈ মনত পৰিল মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ কেইদিনমান পিছত | অসমৰ এখন ভিতৰুৱা ঠাইৰ এখন সভাত যোগ দিবলৈ গৈ এটা অবিস্মৰণীয় ঘটনা ঘটিল | চাহ-তামোলেৰে আপ্যায়ণ কৰা এগৰাকী কিশোৰীক পঢ়া-শুনা কৰাৰ কথা সোধোঁতে ক’লে যে তাই স্কুলৰ পঢ়া আধাতে সাং কৰিছে | কিয় ? মই আচৰিত হৈ সুধিছিলো | সাধাৰণ ছোৱালীজনীয়ে একো উত্তৰ দিয়া নাছিল | কিন্তু ছোৱালীজনীৰ মাকৰ মুখৰ পৰা যিটো উত্তৰ পাইছিলোঁ সিয়ে মোৰ সন্মুখত যেন এখন নেদেখা পৃথিৱীৰ দুৱাৰ মুকলি কৰি দিলে | মাকে কৈছিল যে তাই পঢ়া বিদ্যালয়খনত ছোৱালীয়ে প্ৰস্ৰাৱ কৰা ঠাই নাই | সেইবাবে গাঁৱত আৰু দুজনী ছোৱালীয়ে পঢ়াকে বাদ দিছে | এজনী সাধাৰণ ছোৱালীৰ লাজে আমাৰ সামাজিক অৱস্থা, প্ৰশাসন, চৰকাৰ সকলোৰে মুখত ছাই সানিবলৈ যেন যথেষ্ট হ’ল |

এটা বয়সলৈ ল’ৰা-ছোৱালীয়ে লাজ সংকোচ আদিৰ কথা বৰকৈ নাভাবে | কিন্তু বাঢ়ি অহা ছোৱালী এজনীৰ বাবে ‘লাজ’ শব্দটোৱে বহু অৰ্থ প্ৰকাশ কৰে | সেই অৰ্থ বুজি পায়ে হয়তো শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ নীতি-নিৰ্ধাৰকসকলে ছাত্ৰীৰ বাবে পৃথককৈ প্ৰস্ৰাৱাগাৰ, স্বাস্থ্যসন্মত আৰু পৰিস্কাৰ শৌচাগাৰ, পানীৰ যোগান, পুষ্টিকৰ আহাৰ, আইৰণযুক্ত ঔষধ আদিৰ সু-ব্যৱস্থা কৰে | কিন্তু ইয়াক পালন কৰিবৰ বাবে যেতিয়া চৰকাৰ অক্ষম, সীমাহীন দুৰ্নীতি আৰু অনিয়মেৰে যেতিয়া ৰাজ্যৰ দুখীয়া ছাত্ৰীক প্ৰাথমিক আৰু মৌলিক সুবিধাকণ দিয়াৰ পৰা বঞ্চিত কৰা হয়, তেতিয়া সেইখন চৰকাৰৰ পৰা ৰাইজেহে লাজ পাবলগীয়া হয় | ছোৱালীজনীৰ পঢ়া বাদ দিয়া ঘটনাটোৰ কথা কওতে বহুতে বিশ্বাস কৰিব খোজা নাছিল | বিশ্বাস নোহোৱাটো স্বাভাবিক | কিন্তু এনে বহু অবিশ্বাস্য কথাও এতিয়া স্বাভাবিক সত্য | এই সত্যতা উন্মোচন কৰাৰ বাবে মাজে সময়ে বাতৰি কাকতত বাতৰি ওলায়েই থাকে | ১৯ অক্টোবৰ তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশ পাইছিল যে - শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ নোহোৱাকৈ চলিছে বৰপেটাৰ ১,১১১ খন বিদ্যালয় | ইয়াৰে ৪খন উচ্চতৰ মাধ্যমিক, ৪৭ খন হাইস্কুল, ১৫২ খন মধ্য ইংৰাজী আৰু ৯০৮ খন প্ৰাথমিক বিদ্যালয়তে শৌচাগাৰ-প্ৰস্ৰাৱাগাৰৰ কোনো ব্যৱস্থা নাছিল বুলি বাতৰিটোত প্ৰকাশ পাইছিল | সেইটো আছিল কেৱল এখন জিলাৰ বাতৰি | তেন্তে বাকী জিলাবোৰৰ অবস্থা আকৌ ?

প্ৰাসঙ্গিক যেন অনুভৱ কৰি মই কিছু তথ্যলৈ আঙুলিয়াব খুজিছো | ২০১১-১২ বৰ্ষৰ মাৰ্চ মাহত কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে প্ৰাথমিক পৰ্যায়তে বিদ্যালয় এৰা ল’ৰা-ছোৱালীৰ সংখ্যা ৮.৩ শতাংশ, মাধ্যমিক পৰ্যায়ত বিদ্যালয় এৰে ১৫.২ শতাংশই | আকৌ যোৱা বছৰৰ ‘এনুৱেল ষ্টেটাছ অব ইডুকেচন ৰিপৰ্ট’ত প্ৰকাশ পাইছে যে অসমৰ ১৫-১৬ বছৰীয়া কিশোৰ-কিশোৰীৰ ১৯.৬ শতাংশই বিদ্যালয়লৈ নাযায় | হাইস্কুল পৰ্যায়তে শিক্ষা জীৱন সামৰিছে ২৩.১ শতাংশ ছাত্ৰ আৰু ১৫.৭ শতাংশ ছাত্ৰী | আকৌ মূখ্যমন্ত্ৰীৰ শিশু আৰু মহিলাৰ বাবে প্ৰস্তুত কৰা ‘ভিছন ডকুমেন্ট ২০১৬’তো আধাতে বিদ্যালয় শেষ কৰা ছাত্ৰীৰ সমস্যা এটা গুৰুতৰ সমস্যা হিচাপে চিহ্নিত হৈছিল | তাত প্ৰকাশ কৰা মতে চৰকাৰী বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীত ভৰ্তি হোৱা ছাত্ৰীৰ সংখ্যা ৩.৮৬ লাখ, কিন্তু পঞ্চম শ্ৰেণীত এই সংখ্যা কমি গৈ হয় ২.৫৮ লাখ | নবম-দশম শ্ৰেণীত শিক্ষা সাং কৰা ছাত্ৰীৰ সংখ্যা সৰহ, কাৰণ উচ্চতৰ মাধ্যমিক বা ক’লেজ পোৱালৈ ছাত্ৰীৰ সংখ্যা ১.১৯ লাখহে হয়গৈ |

যিসময়ত বিশ্বযুৰি লিঙ্গ-সমতা আৰু নাৰী-সবলীকৰণৰ ঢৌ উঠিছে, সেই সময়ত আমাৰ ৰাজ্যত আধাতে শিক্ষা সাং কৰা কিশোৰীৰ সংখ্যা বৃদ্ধিৰ কথা ভাবিবলগীয়া | অসমৰ বিদ্যালয়সমূহত চলোৱা এক পৰিসংখ্যা মতে ২০০৯-১০ চনত প্ৰাথমিক পৰ্যায়ত বিদ্যালয় এৰা ছাত্ৰী ৫.০ শতাংশৰ পৰা ২০১১-১২ চনলৈ ১১.৯ শতাংশলৈ বৃদ্ধি পাইছে | মাধ্যমিক পৰ্যায়ত এই হাৰ ১৩.৫ ৰ পৰা ১৪.৩ শতাংশলৈ বৃদ্ধি হৈছে |

ছাত্ৰীৰ বিদ্যালয়ৰ প্ৰতি এনে অনীহাৰ এট কাৰণ হ’ব পাৰে মই গাঁৱত লগ পোৱা কিশোৰীজনী | কিশোৰীজনীৰ ঘটনাই উদঙাই দিছে অসমৰ শিক্ষা ব্যৱস্থাত হোৱা উন্নয়নৰ ফোপোলা স্বৰূপ | ইউনিচেফৰ এক অধ্যয়নত প্ৰকাশ যে ভাৰতবৰ্ষৰ প্ৰতি ১০০ খন বিদ্যালয়ৰ ৫৪ খনতহে ছোৱালীৰ বাবে পৃথক প্ৰস্ৰাৱাগাৰ আছে; আনহাতে অসমত প্ৰতি নখন বিদ্যালয়ৰ এখনতহে এনে প্ৰস্ৰাৱাগাৰ আছে |

কেগৰ প্ৰতিবেদন মতে অসমৰ ৪০.১৮ শতাংশ বিদ্যালয়ত ছাত্ৰীৰ বাবে কোনো প্ৰস্ৰাৱাগাৰ (লগতে শৌচাগাৰ)ৰ ব্যৱস্থা নাই, ১৫.৫৭ শতাংশ বিদ্যালয়ত কোনো প্ৰস্ৰাবাগাৰেই নাই | ১৮.৮৫ শতাংশ বিদ্যালয়ত নাই খোৱা পানীৰ ব্যৱস্থা | য’ত যথেষ্ট সংখ্যক ছাত্ৰীয়ে বিদ্যালয় সমূহত প্ৰস্ৰাৱাগাৰ নথকাৰ বাবে বিদ্যালয় এৰিবলৈ বাধ্য হৈছে তাত চৰকাৰে প্ৰথম স্থানপ্ৰাপ্ত মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ আৰু লেপটপ প্ৰদান কৰাৰ নামত কোটি কোটি টকা খৰছ কৰাটো কিমান সমিচিন হৈছে, সেয়া বিচাৰ্য বিষয় |

কম্পিউটাৰ শিক্ষা বৰ্তমান সময়ৰ শিক্ষা-ব্যৱস্থাত এটা অপৰিহাৰ্য বিষয় | আনন্দৰাম বৰুৱা বঁটাৰ মাধ্যমেৰে কম্পিউটাৰ প্ৰদান কৰা বিষয়টোৰ মই বিৰোধীও নহয় | কিন্তু কম্পিউটাৰৰ সমানে এটা স্বাস্থ্যসন্মত পৰিবেশ জানো ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ নহয় ? চলিত বছৰলৈ কম্পিউটাৰ আৰু লেপটপ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১,৪০,০০০ | চলিত বৰ্ষত ২৬,৭৮৮ জন ছাত্ৰ-ছাত্ৰীয়ে কম্পিউটাৰ লাভ কৰিছে | কিন্তু ইয়াৰে মাজত এনে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম নহয়, যাৰ হয়তো এটা লেপটপ প্ৰাথমিক প্ৰয়োজন নাছিল | মেধাবী ছাত্ৰ এজনৰ উচ্চশিক্ষাৰ বাবে এটা স্কলাৰশ্বিপ, কাৰোবাৰ বাবে কলেজৰ নামভৰ্তিৰ মাচুল অথবা কাৰোবাৰ বাবে স্কুলখনৰ টয়লেটটো হয়তো লেপটপটোতকৈও বহুত বেছি মূল্যবান আছিল | 

চৰকাৰে বাৰ্ষিক বাজেটত প্ৰতিখন বিদ্যালয়তে প্ৰস্ৰাৱাগাৰ, পাইখানা, চাবোন আৰু খোৱা পানীৰ সু-ব্যৱস্থাৰ কথাটো নিশ্চিত কৰা উচিত | এইক্ষেত্ৰত শিক্ষক, অভিভাবক, স্বেচ্ছাসেৱী অনুষ্ঠান সমূহ আৰু বিদ্যালয় পৰিচালনা সমিটিসমূহো স্বেচ্ছাৰ হোৱা উচিত | ছাত্ৰী এগৰাকীৰ প্ৰাথমিক প্ৰয়োজনীয়তাৰ কথা সমাজৰ প্ৰতিটো স্তৰে উপলব্ধি কৰিব নোৱাৰিলে নাৰী সবলীকৰনৰ সকলো আচনি কাৰ্যতঃ নিস্ফল | আজিৰ দিনত মানুহৰ প্ৰাকৃতিক তাড়নাক কোনো সভ্য আৰু শিক্ষিত মানুহে অবজ্ঞা নকৰে | 

অৰুণ গোস্বামীৰ ・মাছমৰীয়া ছোৱালীৰ লাজ・নামৰ গল্পটোত পঢ়িছিলো দৰিদ্ৰতা লজ্জাৰ কাৰণ হৈ পৰাৰ কথা | কিন্তু একৈশ শতিকাত এজনী ছোৱালীয়ে ‘লাজ’ৰ বাবে বিদ্যালয় এৰিবলগীয়া হোৱা কথা আমাৰ সমাজৰ বাবে বৰ শুভ নহয় | কাৰণ ছোৱালী এজনীৰ মাজতেই  সোমাই থাকে এগৰাকী ভবিষ্যতৰ মাতৃ আৰু মাতৃ এগৰাকীয়েই ঘৰ এখন বা এখন সমাজৰ ঘাই ভেটি | সেই ভেটি দুৰ্বল হোৱাটো আমি নিবিচাৰো | কিন্তু দুখৰ কথা বৰ্তমান চৰকাৰখনত সঠিক আচনিৰে শিক্ষাৰ প্ৰকৃত ভেটিটোক শক্তিশালী কৰি ৰাখিবলৈ সুযোগ্য নেতৃত্বৰ অভাৱ | সৰহভাগ নেতাকে লাগে জনপ্ৰিয়তা | জনপ্ৰিয়তাৰ বাবে লেপটপ এক চমক; গতিকে নেতাই বিচাৰে ছাত্ৰই পাওক লেপটপ | কিন্তু প্ৰস্ৰাৱাগাৰবিহীন বিদ্যালয়ত পঢ়া ছাত্ৰী এগৰাকীৰ বাবে লেপটপ জানো হ・ব পাৰে প্ৰেৰণা ? শীতত কপি থকা মানুহক নেক-টাই দিব লাগে  নে চুৱেটাৰ ? মানুহৰ প্ৰাথমিক প্ৰয়োজন কি ?

সুশিক্ষাৰ পৰা ছোৱালী এজনী বঞ্চিত হোৱাৰ কাৰণ যদি প্ৰস্ৰাৱাগাৰ হয়, তেন্তে সেই কবিতাটোৰ অনুকৰণত আন এটা কবিতা ৰচিত হ・ব পাৰে | নতুবা সেই কবিতাটোৰ তৰ্জমা আন ধৰনেও হ・ব পাৰে | এটা প্ৰস্ৰাবাগাৰ নহোৱাৰ বাবেই এজনী কিশোৰীয়ে সুশিক্ষাৰ পৰা বঞ্চিত হ’ল, শিক্ষাৰ অভাৱত তাই এজনী ভাল মাতৃ হোৱাৰ পৰা বঞ্চিত হ’ল, ভাল মাতৃ নহোৱাৰ বাবে সন্তান দায়বদ্ধ নাগৰিক হোৱাৰ পৰা বঞ্চিত হ’ল আৰু ভাল নাগৰিক নহোৱা বাবে এটা জাতিৰ গঠন প্ৰক্ৰিয়া ব্যাহত হ’ল আৰু এই সমগ্ৰ ক্ষতিৰ আৰম্ভনী কিন্তু এটা সাধাৰণ ‘প্ৰস্ৰাৱাগাৰ’ | মই ক’লেজীয়া দিনত পঢ়া ইংৰাজী কবিতাটো সেইদিনা নিজৰ ভাষাত তেনেদৰে তৰ্জমা কৰি পেলাইছিলোঁ; লাজেৰে, দুখেৰে .. |

No comments:

Post a Comment