Monday, 18 November 2013

‘অশ্বত্থামা হত’ যুক্তিৰে মোডী বিৰোধিতা

This article was published in Asomiya Pratidin on 18 November, 2013. 

কোনো আদৰ্শক আঁকোৱালি লোৱা আৰু আদৰ্শৰ নামত মতান্ধ হোৱা দুটা পৃথক কথা | মতান্ধ লোকৰ ‘যুক্তিবাদ’ মৌলবাদৰ সমানেই ভয়ংকৰ | এনে মতান্ধসকলে যুক্তিৰ নামত মিছা কথাৰ অৱতাৰণা কৰিবলৈকো কুন্ঠাবোধ নকৰে | ভাৰতবৰ্ষত কিছু সংখ্যক লোকে পক্ষপাতদুষ্টভাৱে এনেদৰে যুক্তিৰ নামত অযুক্তিকৰ কথাৰ অবতাৰনা কৰা প্ৰায়েই পৰিলক্ষিত হয় | যোৱা ১২ নৱেম্বৰত এই কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত ‘চৰ্দাৰ পেটেল-ভগত সিং- মোডী প্ৰসংগ’ শীৰ্ষক লেখাটোৰ আঁত ধৰি মই এই প্ৰসংগটোৰ ওপৰত দুটামান কথা উল্লেখ কৰিব বিচাৰিছো | 

লেখাটোত এষাৰ কথা ভালদৰে বৰ্ণনা কৰিছে যে ভগত সিঙে লালা লাজপত ৰায়ৰ মতক সমৰ্থন নকৰিলেও তেওঁৰ হত্যাকাণ্ডৰ প্ৰতিবাদত অস্ত্ৰ তুলি লৈছিল | এই কামৰ দ্বাৰাই প্ৰমানিত হৈছিল যে ভগত সিং আদৰ্শবাদী হ’লেও মতান্ধ নাছিল | লাজপত ৰায়ৰ বাবে যদি ভগত সিঙে অস্ত্ৰ তুলি ল’ব পাৰে; তেন্তে ‘কমিউনিষ্ট’ ভগত সিঙৰ দেশপ্ৰেমক নৰেন্দ্ৰ মোডীয়ে প্ৰসংশা কৰিব নোৱাৰিব কিয় ? যি যুক্তিবাদীয়ে নোৱাৰিব বুলি মতপোষণ কৰে তেওঁতকৈ ডাঙৰ মৌলবাদী তথা তেওঁতকৈ প্ৰতিক্ৰিয়াশীল ব্যক্তি আৰু কোন হ’ব পাৰে ? নিজৰ আদৰ্শৰ লোক নহ’ল বুলিয়েই মহত্‍ লোকক মহত্‍ বুলি ক’ব নোৱাৰিবনে ?

দেখা যায় যে কংগ্ৰেছীৰ লগতে একাংশ সমাজবাদী বা নিজকে সমাজবাদী বুলি দাবী কৰা লোকে অহৰহ বিজেপি আৰু আৰ এছ এছৰ বিপক্ষে কাকতে পত্ৰই লিখি থাকে আৰু তেওলোকে দুয়োটা সংগঠনকে হেয় প্ৰতিপন্ন কৰাৰ বাবে মনেসজা কথাবোৰকে লিখি থাকে | তেনে এটা কথা হ’ল স্বাধীনতা আন্দোলনত আৰ এছ এছৰ লোকে অংশগ্ৰহন নকৰা বুলি উল্লেখ কৰাটো | আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনত ‘আৰ এছ এছ’ৰ প্ৰতিষ্ঠাপক হেডগেৱাৰকে ধৰি বহুতো স্বয়ংসেৱকে অংশগ্ৰহণ কৰাই নহয়, গ্ৰেপ্তাৰো হৈছিল | এইবিলাক তথ্য য’তে-ত’তে পোৱা যায় | স্বাধীনতা আন্দোলনৰ পৰা ‘ইমাৰ্জেন্সি’ বিৰোধী আন্দোলনলৈকে সকলো আন্দোলনতে আৰ এছ এছৰ স্বয়ংসেৱকসকলে ভাগ লৈছিল; কিন্তু ‘আৰ এছ এছ’ যাতে এটা আন্দোলনকাৰী সংস্থা হিচাপে গঢ় নলৈ সামাজিক-সাংস্কৃতিক সংস্থা হিচাপেহে বিকশিত হয় তাৰ প্ৰতি সৰসংঘচালক (সংঘৰ মুৰব্বী)সকলে গুৰুত্ব দিছিল | কিন্তু এই কথাখিনিকে কুত্‍সাৰটনাকাৰী আৰু দেশদ্ৰোহী শক্তিসমূহে বিকৃতভাৱে প্ৰচাৰ কৰি আহিছে | কংগ্ৰেছৰ নেতৃত্বত যেতিয়া ৪২ৰ আন্দোলন চলিছিল তেতিয়া ভাৰতীয় কমিউনিষ্টে বৃটিছৰ পক্ষ লৈছিল আৰু তাকে উচিত কাম আছিল বুলি প্ৰচাৰ চলাইছিল | চৰ্দাৰ পেটেলে যেতিয়া হায়দৰাবাদ চামিলকৰনৰ বাবে প্ৰচেষ্টা চলাইছিল তেতিয়া মাউন্টবেটেন আৰু নেহৰুয়ে বিধি-পথালি দিছিল | হায়দৰাবাদত হাজাৰ হাজাৰ কংগ্ৰেছী আৰু আৰ এছ এছৰ স্বয়ংসেৱকে অত্যাচাৰী নিজামৰ পুলিচৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰাৰ বিপৰীতে কমিউনিষ্টসকলে নিজামৰ লগত মিত্ৰতা কৰিছিল | এতিয়া প্ৰশ্ন হ’ল নৰেন্দ্ৰ মোডীয়ে কোনবিধ কমিউনিষ্টক পূজা কৰা উচিত ? ভগত সিঙৰ দৰে দেশপ্ৰেমিকক নে ৪২ৰ আন্দোলনত বৃটিছৰ সংগ দিয়া কমিউনিষ্টক ? কোনগৰাকী কংগ্ৰেছীক পূজা কৰিব, পেটেলৰ দৰে লৌহমানৱক নে নেহৰুৰ দৰে দুৰ্বল প্ৰধানমন্ত্ৰীক ? 

কেৱল নিজৰ আদৰ্শক বিশ্বাস কৰা ব্যক্তি বা নিজৰ দলৰ মানুহকহে পূজা কৰিব লাগে বুলি ভবাসকল অসহিষ্ণু আৰু মৌলবাদীৰ স্তৰৰ লোক | নৰেন্দ্ৰ মোডীয়ে স্পষ্ট কৰি দিছে যে যিকোনো দেশপ্ৰেমিকক তেওঁ বন্দনা কৰিবই | এই কথাত কংগ্ৰেছ বা কমিউনিষ্টৰ শিবিৰৰ লোকসকল আতংকিত হৈ পৰাতো স্বাভাৱিক | কিন্তু সেই বুলিয়েই মোডী, বিজেপি বা আৰ এছ এছৰ বিপক্ষে মিছা যুক্তিৰে অপপ্ৰচাৰ চলোৱা বিষয়টো ৰাইজে বিচাৰ কৰিব |

গান্ধী হত্যাৰ ঠিক পাচতেই আন বহুতৰ দৰে চৰ্দাৰ পেটেলেও আৰ এছ এছ এই ঘটনাৰ সতে জড়িত হ’ব পাৰে বুলি সন্দেহ কৰিছিল | কিন্তু এই সন্দেহ এসময়ত পেটেলৰ দূৰ হৈছিল | সেইবাবেই আৰ এছ এছৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতা উঠাই লোৱাই নহয় সৰসংঘচালক গুৰুজী গোলৱালকাৰৰ সৈতে আলোচনা কৰি চৰকাৰৰ সজকামবোৰত সহায় কৰি যাবলৈ অনুৰোধ কৰিছিল | এই কথাবোৰ আনকি নেহৰু আৰু কংগ্ৰেছ সমৰ্থক হিচাপে জনাজাত ৰামচন্দ্ৰ গুহৰ ‘India after Gandhi’ৰ দৰে গ্ৰন্থতো উল্লেখ আছে | সংঘৰ ওপৰত তিনিবাৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পাচতো প্ৰত্যাহাৰ কৰিব লগা হৈছিল একমাত্ৰ সংঘৰ নিস্কলুষতাৰ বাবেই | সংঘই দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবেই সংঘক গণতন্ত্ৰ দিৱসৰ পেৰেডত ভাগ ল’বলৈ দিয়া হৈছিল | মিডিয়াৰ ৯০ শতাংশ কংগ্ৰেছ আৰু কমিউনিষ্টৰ সমৰ্থকৰ হাতত আছিল বা আজিও আছে | তেনে অৱস্থাত আৰ এছ এছ বা বিজেপিৰ বিপক্ষে সময়ে সময়ে মিডিয়াত অপপ্ৰচাৰ চলি থকা কথাত আচৰিত হ’বলগীয়া একো নাই | কিন্তু আজিলৈকে কোনো আদালতে গান্ধী হত্যাৰ অভিযোগত আৰ এছ এছক অভিযুক্ত কৰিব পৰা নাই, কিন্তু অপপ্ৰচাৰ হ’লে কমা নাই | ২০১০ চনত এ জি নুৰানীয়ে ‘দি ষ্টেটচমেন’ কাকতত লিখিছিল গান্ধী হত্যাৰ সতে আৰ এছ এছ জড়িত বুলি | এ জি নুৰানী সমগ্ৰ জীৱনজুৰি আৰ এছ এছৰ অপপ্ৰচাৰত লিপ্ত হৈ আহিছে | কিন্তু যেতিয়া আৰ এছ এছৰ দিল্লী গোটৰ পৰা এ জি নুৰানী আৰু কাকতৰ ওপৰত আদালতত মোকৰ্দমা তৰা হৈছিল, তেতিয়া নুৰানী আৰু কাকতখনে নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ বাধ্য হৈছিল | কিন্তু এনে অপপ্ৰচাৰকাৰীসকলৰ প্ৰত্যেকৰ বিপক্ষে মোকৰ্দমা তৰিয়েই থাকিব লাগিবনে ? শিক্ষিত মানুহৰ নৈতিকতাৰ যদি এনে অধঃপতন হয় তেন্তে এখন দেশে উন্নতিৰ শিখৰত কিদৰে আগবাঢ়িব ? নৰেন্দ্ৰ মোডীৰ ‘চাৰ্টিফিকেট’ কুলদীপ নায়াৰ বা ‘মেইনষ্ট্ৰীম’ কাকতে দিয়া আৰু পাৰভেজ মুছাৰফে দিয়া একে কথা | কংগ্ৰেছ, কমিউনিষ্ট, তথাকথিত চেকুলাৰবাদী আৰু দেশদ্ৰোহী শক্তিসমূহে আজি একগোট হৈ মোডীৰ বিপক্ষে থিয় দিছে; কাৰণ তেওঁলোকে জানে যে তেওলোকৰ সান্দহ খোৱা বালি তল যোৱাৰ উপক্ৰম হৈছে | 

অকল নৰেন্দ্ৰ মোডীয়েই নহয়, দেশখনক ভালপোৱা সকলো লোকেই ভগত সিঙৰ নাম ল’ব, পেটেলৰ নাম ল’ব তেওঁলোকৰ দেশপ্ৰেমৰ বাবে | আমাক সকলোকে চাৰ্টিফিকেট দিব সময়েহে, কোনো মতান্ধ লেখক, বুদ্ধিজীৱীয়ে নহয় | নিজৰ দেশখনক ভাল পাওঁ বুলি কোৱা নৰেন্দ্ৰ মোডীক উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ‘ক্লীনশ্বিট’ দিছে | গুজৰাটৰ ৰাইজে তিনিবাৰকৈ আঁকোৱালি লৈছে | এইবাৰ সমগ্ৰ দেশৰ ৰাইজ তেওৰ নেতৃত্বত আগবাঢ়িবলৈ সাজু হৈছে | আৰু তাকে দেখি সকলো স্বাৰ্থাম্বেষী ভীতিগ্ৰস্থ হৈছে | ভাৰতৰ প্ৰথমগৰাকী সামৰিক মুৰব্বী ‘কে এম কাৰিয়াপ্পা’ই আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলক তেতিয়াই আহ্বান জনাইছিল - My dear young men, don't be disturbed by uncheritable comments of interested persons. Looks ahead ! Go ahead ! The country is standing in need of your services. জয়প্ৰকাশ নাৰায়নে কৈছিল - ‘সংঘ যদি ফেচিষ্ট তেন্তে ময়ো ফেচিষ্ট’ | ডঃ জাকিৰ হুছেইন, ৰবীন্দ্ৰ বাৰ্মা, জৰ্জ ফাৰ্ণাণ্ডেজ আদি সংঘৰ বাহিৰৰ লোক সকলে সংঘৰ কামক প্ৰশংসা কৰিছিল; কাৰণ তেওলোকে বুজি পাইছিল যে দেশখনক হাড়ে-হিমজুৱে ভাল পোৱা এটা শক্তি হ’ল ‘সংঘ’ |

আমি সকলো সমালোচনাকে আঁকোৱালি ল’ব পাৰো; কিন্তু মিছা কথাক নহয় | কোনো উদ্ধৃতিকে ‘অশ্বত্থমা হত’ৰ নিচিনাকৈ ব্যৱহাৰ কৰিলে তাৰ অৰ্থ কি হ’ব পাৰে সকলোৱেই জানে; কিয়নো তাৰ পিচত আৰু এষাৰ থাকে ‘কিন্তু ইতি গজ’ | মোডী প্ৰসংগত যিমানবোৰ কথা শ্ৰীনাথে লিখিছিল সেয়া ‘অশ্বত্থমা হত’ সদৃশ যুক্তি | এনে কাম নিন্দনীয় | 

____________________________________________
          

No comments:

Post a Comment