This article was published in Aamar Asom on 13 December 2013.
দিল্লীত একেলগে পঢ়া আমেৰিকা নিৱাসী বন্ধু এজনে কথাৰ মাজতে মোক এটা ডাঙৰ প্ৰশ্ন কৰিলে | প্ৰশ্নটো হ’ল যে ‘মই কেতিয়াবা জনপ্ৰতিনিধি হ’ব পাৰিমনে নাই !’ বন্ধুৰ প্ৰশ্নৰ আওপকীয়া অৰ্থ হ’ল - এজন জনপ্ৰতিনিধি হবলৈ হ’লে প্ৰয়োজন হোৱা গুণবোৰ মোৰ গাত আছেনে ?
পঢ়ি-শুনি, বিদেশৰ বহু লোভনীয় চাকৰিৰ প্ৰস্তাৱ এৰি, মই যেতিয়া সংসদীয় ৰাজনীতিৰ জগতত প্ৰৱেশ কৰিছিলো, তেতিয়া মোৰ ওচৰ-পাজৰৰ মানুহবোৰে মোৰ প্ৰতি বিশেষ ঔত্সুকতা প্ৰকাশ কৰিছিল | সেই সময়তো মোৰ মনত প্ৰায়ে হোন্দোলনি তুলিছিল এই প্ৰশ্নটোৱে যে ‘মই সঁচাকৈ জনপ্ৰতিনিধি হ’ব পাৰিমনে নাই’ | কিন্তু তাৰপিছত নিজৰ ওপৰত থকা প্ৰবল আত্মবিশ্বাসৰ জোৰত ৰাষ্ট্ৰীয় স্তৰত গুৰু দায়িত্ব কান্ধ পাতি ল’লো | ৰাজ্য আৰু ৰাষ্ট্ৰীয় স্তৰৰ ৰাজনীতিত অতিক্ৰম কৰিলোঁ নটা বছৰ | এই সময়বোৰত কাহানিও মনলৈ কোনোধৰনৰ সংশয় বা ভয় ভাব আহিবলৈ দিয়া নাই | কিন্তু বিদেশৰ মাটিত বন্ধুজনে দি থৈ যোৱা প্ৰশ্নটোৱে আকৌ ভালেখিনি পৰলৈ মোৰ মূৰত খুন্দিয়াই থাকিল | শেষত মই নিজেই নিজক জুকিয়াই চাবলৈ ঠিক কৰিলোঁ, যিহেতু সময়খিনি আছিল অবসৰৰ এটা অৱশ আবেলি |
জনপ্ৰতিনিধি এজনৰ গাত কি গুণ থকা উচিত ? প্ৰথম মনলৈ আহিল যে এজন জনপ্ৰতিনিধি হ’বলৈ সৰ্বপ্ৰথমেই নেতাগৰাকীয়ে ‘জনপ্ৰিয়তা’ আৰ্জি ল’ব লাগিব | লগে-লগে অসমৰ ৰাজনীতিত দপ-দপাই থকা বহুকেইজন জনপ্ৰিয় নেতা বা নেত্ৰীৰ ছবি চকুত ভাহি উঠিল | অবশ্যে প্ৰয়াত হেম বৰুৱা, নিবাৰন বৰা বা শৰত সিংহৰ দৰে নেতাৰ জনপ্ৰিয়তা আমাৰ প্ৰজন্মই নিজ চকুৰে দেখা নাপালেও অনুভৱ কৰিব পাৰো তেওঁলোকৰ পৰ্বতসম জনপ্ৰিয়তাৰ কথা | তেওঁলোকৰ প্ৰজ্ঞা, মেধা আৰু ব্যক্তিত্বই তেওলোকক আকাশলংঘী জনপ্ৰিয়তা আনি দিছিল | কিন্তু এতিয়া নিবাৰন বৰা বা হেম বৰুৱাৰ যুগ নাই | এতিয়াৰ নেতা জনপ্ৰিয় হ’বলৈ হ’লে বিহুমঞ্চত ককাল ঘূৰাই নাচিব পাৰিব লাগিব, ডিঙিত বৰঢোল আৰি সংস্কৃতিবানৰ ভাও দিব পাৰিব লাগিব, মূল্যবৃদ্ধিৰ অবসান ঘটাবলৈ ডিঙিত আলু, পিয়াজৰ মালা ওলোমাই ল’ব লাগিব, হাতত জাৰু লৈ মহানগৰ পৰিস্কাৰ কৰিব লাগিব, টি ভি কেমেৰাক নিমন্ত্ৰণ কৰি আনি নাটক কৰি ৰাইজৰ বাহ্ বাহ্ ল’ব পাৰিব লাগিব | তেহে জনপ্ৰিয় নেতা ! মই বাৰু তেনেকুৱা কাম কেতিয়াবা কৰিছোনে ? মই মানুহটো যেনে, তেনেদৰেই ৰাইজৰ আগত নোলাই কেতিয়াবা অভিনেতা হৈ ওলাইছোনে ? নাটকীয় সংলাপ মতাদি ৰাইজৰ আগত ডিঙিৰ সিৰ ফুলাব পাৰিছোনে কেতিয়াবা ? উত্তৰ আহিল ‘নাই, কেতিয়াও পৰা নাই’ | তেন্তে মই জনপ্ৰিয় হম কোন সতে !
বহু অনুষ্ঠান মোৰ ওচৰলৈ আহে | প্ৰথমতে অনুষ্ঠানটোৰ উদ্যোক্তাসকলৰ লগত কথা পাতি ভালেই লাগে | সামাজিক, ৰাজনৈতিক বহু বিষয়ত ভাল-ভাল কথা ওলায় থাকে | কিন্তু লাহে লাহে তেওঁলোকৰ কথাৰ সুৰ সলনি হয় | মই বুজি পাও তেওঁলোকৰ আচল উদ্দেশ্যটো | তেওঁলোকে পাতিব বিছৰা অনুষ্ঠানটোৰ বাবে মোৰ পৰা যে পইচা বিচাৰিছে সেয়া স্পষ্ট হৈ পৰে ক্ৰমাত্ | মই তেওঁলোকক বিনয়েৰে বুজাই কওঁ যে আচলতে ইমান টকা চান্দা দিব পৰাকৈ মই বৰ ধনী লোক নহওঁ, নামী-বেনামী অজস্ৰ সম্পত্তি গোটাই লৈ মই ‘অবসৰৰ ৰাজনীতি’ত নমা মানুহ নহওঁ | মোৰ পৰা প্ৰত্যাখিত হৈ তেওঁলোক অসন্তুষ্ট হয়, মুখ ফুটাই একো নকলেও তেওলোকৰ চকু-মুখত সেয়া স্পষ্ট হৈ ফুটি উঠে | কেনেকৈ জনপ্ৰিয় হম মই ? কিছুমান অনুষ্ঠানৰ উদ্যোক্তা সকলে পাকে-প্ৰকাৰে মোক বুজাব খোজে যে মোক তেওঁলোকৰ অনুষ্ঠানৰ মুখ্য পৃষ্ঠপোষক বা উপদেষ্টা কৰি ৰাখিব খোজে | বিনিময়ত সেই একেই উদ্দেশ্য | মই প্ৰত্যাখ্যান কৰো | কওঁ যে মুখ্য উপদেষ্টাৰ পদটো মই কিনি ল’ব নোখোজোঁ | মোৰ সহকৰ্মী দুজনমানে কয় যে ‘এনেদৰে কেনেকৈ হ’ব’ ‘ৰাজনীতিত এইবোৰতো সকলোৱেই কৰে’ | মই তেওঁলোকক বুজাই ক’ব নোৱাৰোঁ যে সকলোৱেই কৰা কামটো মই কৰিব নোৱাৰোঁ | পইচা দি মই ডিঙিত গামোছা ল’ব নোখোজোঁ |
দুজন মান জনপ্ৰিয় নেতা বা নেত্ৰীক দেখা পাও, যিকেইজনে সংসদত কোনোদিনে সৰব হৈ পোৱা নাই, তেওলোকৰ ভাষনত কোনোদিনে অসমৰ চিৰন্তন সমস্যাবোৰৰ সমাধান সূত্ৰ প্ৰকাশ পোৱা নাই, ‘প্ৰকৃত উন্নয়ন’ বুলি দেখুৱাবলৈ তেওঁলোকৰ কোনো উল্লেখযোগ্য অবদান নাই | কিন্তু তেওলোক জনপ্ৰিয় নেতা, কিয়নো টি ভি কেমেৰাৰ আগত তেওঁলোকে মুখবোৰ উলিয়াবলৈ সদা-তত্পৰ | ক’ৰবাত কিবা এটা ঘটিলেই চিধাই গৈ এওঁলোকে টি ভি কেমেৰাৰ আগত উদাত্ত ভাষন ৰাখে | কিন্তু আচৰিত কথাটো হ’ল সেই টি ভি কেমেৰাৰ সন্মুখত কিবা এটা গম্ভীৰ বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হ’লে এওঁলোকৰ অজ্ঞতা আৰু অনভিজ্ঞতা বৰ দুখ লগাকৈ প্ৰকাশ পায় | মই টি ভি সাংবাদিক মাতি কেতিয়াও কোনো কথাত হৈ-চৈ কৰা নাই | গতিকে মই জনপ্ৰিয় নেতা হম কেনেকৈ ?
অসমলৈ আহিয়ে মই নিৰ্বাচনত অবতীৰ্ণ হৈছিলো | কিন্তু জনা নাছিলো যে নিৰ্বাচনত টকা আৰু সুৰাই ইমান সমাদৰ লাভ কৰে বুলি | কঠোৰ সিদ্ধান্ত লৈ মই দুয়োটা বস্তুকে বৰ্জন কৰিলো | কাকো এপইচাও বিলাই নাপালোঁ | ফলাফল - মই হাৰিলো | সুৰা সংস্কৃতিৰ (আচলতে অপসংস্কৃতি) ঘোৰ বিৰোধিতা কৰি মই কাকতত প্ৰবন্ধ লিখিলোঁ, সজাগতা সভা পাতিলো | সুৰাই আমাৰ ডেকাশক্তিৰ কৰ্মস্পৃহা নোহোৱা কৰি আনিছে, চিন্তাশক্তি শুন্য কৰি আনি জাতিটোলৈ এক স্থবিৰতা নমাই আনিছে আৰু তাৰ ফলত যে স্বাৰ্থাম্বেষি ৰাজনীতিকবোৰ লাভবান হৈছে; এইবোৰ কথাকে সভাই-সমিটিয়ে ক’লো | কিন্তু সুৰাই অসুৰৰ ৰূপ লৈ অসমৰ গাৱে-ভূঞে বৰ্তমানেও সংহাৰী ৰূপ ধাৰন কৰি আছে | এইবোৰ কথা কোনে কয়, কোনেই বা শুনে ? গতিকে জনপ্ৰিয় নেতা মই হব নোৱাৰোঁ |
যিকোনো সভা সমিটিত নিমন্ত্ৰণ পত্ৰত উল্লেখ কৰা সময়মতেই মই গৈ উপস্থিত হওঁ | কিন্তু বৰ লাজ পাওঁ, যেতিয়া দেখো ৰাইজ দূৰৰ কথা, উদ্যোক্তাসকলেই আহি উপস্থিত হোৱা নাই | সময়তকৈ দুঘন্টা পিছত থকাটোৱে যেন আমাৰ নিয়ম | ৰাজনৈতিক জীৱনত কোনো সভা মই সঠিক সময়ত আৰম্ভ হোৱা দেখা নাই | সময়ানুৱৰ্তিতা মানি চলিবলৈ অসমীয়া জাতিটোৱে আজিলৈ শিকা নাই | আমিবোৰ অনেক ক্ষেত্ৰত বহু দূৰত ৰৈ যোৱাৰ ইয়ো এটা প্ৰধান কাৰণ | কিন্তু মুখ্যমন্ত্ৰীকে ধৰি আন আন জনপ্ৰিয় নেতাক দেখা পাও, তেওলোক সভা-সমিটি আৰম্ভ হৈ যোৱাৰ বহুত পিছত, ৰাইজে তেওলোকৰ বাবে ৰৈ ৰৈ লেবেজান হোৱাৰ পৰত, তেওলোক আহি উপস্থিত হয় | সময়ৰ মূল্য তেওলোকে নুবুজিব পাৰে, তেওলোক কিন্তু জনপ্ৰিয় নেতা |
বিহুতলিত নাচিব নোৱাৰো, প্ৰতিবাদ কৰাৰ নামত ভাওৰীয়া হ’ব নোৱাৰো, পইচা দি গামোছা পিন্ধিব নোৱাৰো, নিৰ্বাচনত পইছা নিবিলাও, ধ্বংসমুখী প্ৰতিটো প্ৰবনতাৰ বিৰুদ্ধে মাত মাতো, সুৰা আৰু চান্দা সংস্কৃতিৰ বিৰোধিতা কৰো, সংস্কৃতি ৰক্ষা কৰাৰ কাণ্ডাৰী হোৱাৰ পৰিবৰ্তে কৰ্ম-সংস্কৃতিৰ কথা কও ..; গতিকে মইনো কোনসতে জনপ্ৰিয় নেতা হও ? জনপ্ৰিয় নেতাসকলৰ গাত থকা কোনো এটা গুণেই দেখোন মোৰ গাত নাই |
হয়, মই অনুভৱ কৰিছো, আজিৰ তাৰিখত এজন ‘যোগ্য’ জনপ্ৰতিনিধি হ’ব পৰা বহু ‘গুন’ মোৰ মাজত নাই | কিন্তু এই দুৰ্গুণবোৰকে ‘গুণ’ বুলি কিমানদিনলৈ ভাবি থাকিম, কিমানদিনলৈকে মানি থাকিম ? বিহাৰত এসময়ত লালুপ্ৰসাদৰ এনেকুৱা ‘গুণ’ বিহাৰীয়ে মানি চলিছিল, এনে ‘গুণ’ দেখি ৰস পাইছিল | তেতিয়া বিহাৰীক দেশবাসীয়ে ইতিকিং কৰিছিল | যেতিয়া বিহাৰীয়ে লালুক নাকচ কৰিলে, দেশবাসীৰ আগত বিহাৰীৰ ভাবমুৰ্তি উচ্চ হৈ গ’ল | অসমত কেতিয়ালৈকে নেতাৰ বহুৱালিবোৰক ‘গুণ’ বুলি গণ্য কৰা হৈ থাকিব ?
No comments:
Post a Comment