This article was published in Asomiya Pratidin on April 9, 2013
যোৱা কেইদিনমানৰ পৰা শুৱালকুছিত হোৱা ঘটনাৱলীক লৈ টেলিভিছনৰ পৰ্দাত হোৱা বিতৰ্কত এটা শব্দ বাৰে বাৰে উচ্চাৰন হোৱা দেখা পাইছো : মানচেষ্টাৰ | বক্তাৰ পাচত বক্তাই কৈছে যে ‘অসমৰ মানচেষ্টাৰ’ শুৱালকুছি এতিয়া ধ্বংস হৈ গৈছে | কিন্তু শ্লোগানৰ সহায় নলৈ যুক্তিসংগত ভাবে আহকচোন আলোচনা কৰো শুৱালকুছিৰ আচল সমস্যাটোনো কি ? আৰু মানচেষ্টাৰৰ সৈতে শুৱালকুছিক ৰিজোৱাটোনো কিমান যুক্তিসঙ্গত ?
লণ্ডনৰ পৰা তিনিশ কি:মি উত্তৰে ঠিক ইংলেণ্ডৰ সোমাজত অবস্থিত মানচেষ্টাৰ এখন পুৰণি চহৰ | ১৬ শ শতিকাত এই মানচেষ্টাৰ চহৰখন ঊল ব্যৱসায়ৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছিল | ১৭ শ শতিকাত ঊলৰ লগতে কপাহী (cotton) কাপোৰৰ উত্পাদনো আৰম্ভ হৈছিল | ১৮ শ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল ইংলেণ্ডৰ উদ্যোগিক বিল্পৱ আৰু ইংৰাজ সাম্ৰাজ্যৰ প্ৰসাৰ | আৰু উন্নয়নৰ এই ধাৰাই মানচেষ্টাৰক প্ৰচুৰ ধনী কৰাৰ লগতে প্ৰব্ৰজনৰ সোতো বোৱাইছিল | মানচেষ্টাৰ কিমান গুৰুত্বপূৰ্ণ চহৰ আছিল সেই কথা দুটামান তথ্যৰ পৰাই উপলব্ধি কৰিব পাৰি |
* ১৮২৪ চনত বিশ্বত সম্ভৱতঃ প্ৰথম নিয়মীয়া চিটিবাছ সেৱা মানচেষ্টাৰত আৰম্ভ হৈছিল | অৱশ্যে বাহনবোৰ ঘোৰাই টানিছিল |
* ১৯৩০ চনত বিশ্বত প্ৰথম ভাপ-ইঞ্জিনযুক্ত ৰেলসেৱা মানচেষ্টাৰৰ পৰা লিভাৰপুললৈ চলিছিল |
* ১৮৭৯ চনত ইংলেণ্ডৰ প্ৰথম দূৰভাষ সংযোগ মানচেষ্টাৰত আৰম্ভ হৈছিল |
এইদৰে মানচেষ্টাৰ গৈ গৈ ১৯০০ চন মানলৈ পৃথিৱীৰ নৱম জনশতাধিক চহৰলৈ ৰূপান্তৰ হৈছিল |
এই মানচেষ্টাৰক আমাৰ শুৱালকুছিৰ সৈতে ৰিজোৱা কথাটো কিমান প্ৰাসঙ্গিক হব কব নোৱাৰো, কিন্তু এতিয়া আন এটা প্ৰসংগলৈ আহো | সেয়া হ’ল মানচেষ্টাৰ চহৰৰ বস্ত্ৰ উদ্যোগৰ অবনতি আৰু নিঃশেষ প্ৰসংগ |
বিংশ শতাব্দিৰ আগভাগৰ পৰা মানচেষ্টাৰৰ ককাল পৰি আহিল | প্ৰথম মহাসমৰৰ সেই চাৰিটা বছৰে (১৯১৪-১৯১৮) মানচেষ্টাৰলৈ কেচামালৰ (কপাহ) সৰবৰাহত বিঘিনি ঘটালে | সমান্তৰাল ভাবে ভাৰতৰ নিচিনা বজাৰে (যদিও ইংৰাজৰ নেতৃত্বাধীন) কাপোৰ উত্পাদনৰ নিজা উদ্যোগ গঢ়িবলৈ ললে | তাৰদ্বাৰাই এই মানচেষ্টাৰৰ ককাল যি বেকা হ’ল, সি আৰু দুনাই পোন নহল | তথ্য চাওক : ১৯৩১ চনত মানচেষ্টাৰৰ জনসংখ্যা আছিল প্ৰায় ৭.৫০ লাখ, ১৯৭১ চনত কমি গৈ হ’ল ৫.৫০ লাখ | এতিয়া ৭১ চনৰ পিয়লৰ ৪০ বছৰ পাচত জনসংখ্যা মাত্ৰ ৫ লাখ | আজি মানচেষ্টাৰৰ নিচিনা এসময়ত বিশ্ব-প্ৰসিদ্ধ চহৰৰ যদি এই অৱস্থা হব পাৰে, শুৱালকুছিৰ নিচিনা সৰু হস্তশিল্পৰ কেন্দ্ৰ এটাৰ সদায় একেধৰনৰ প্ৰাধান্য থাকিব বুলি ভবাৰ থল ক’ত ?
শুৱালকুছিৰ সমস্যানো কি ? আৰু কিয় আজি শুৱালকুছিৰ শালৰ মালিক আৰু শিপিনীয়ে পুলিচৰ গুলী খাব লগা হৈছে ?
এই কথাখিনি কওতে আমি সকলোৱে এটা কথা বুজা উচিত যে শুৱালকুছিৰ সমস্যা আজিৰ নহয় | এতিয়া মাথো বহু বছৰৰ পৰা উমি উমি জ্বলি থকা এটা সমস্যাৰ বহিঃপ্ৰকাশ হৈছে | এই কথাখিনি মই যোৱাবাৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত লিখি, দহহেজাৰ প্ৰচাৰ-পত্ৰিকা আকাৰে ছপা আৰু বিতৰন কৰি শুৱালকুছিৰ ৰাইজক অবগত কৰিবলৈ চেষ্টা কৰিছিলো | কিন্তু কি হব, নিৰ্বাচনৰ সময়ৰ প্ৰলোভন আৰু অন্যায়কৰ ৰাজনীতিয়ে সেই গুৰুত্বপূৰ্ণ কথাবোৰ ঢাকি ধৰিলে | ময়ো হয়তো কম দিনৰ ভিতৰতে কথাবোৰ ৰাইজক সম্পূৰ্ণকৈ বুজাবলৈ সক্ষম নহলো |
যি নহওক, শুৱালকুছিৰ সমস্যালৈ আহো | শুৱালকুছিৰ প্ৰথম সমস্যাটো হ’ল ‘কেচামালৰ পৰ্যাপ্ততা’ | ৰেচম শিল্পৰ বিষয়ে সিমীত জ্ঞান থকা পাঠকসকলৰ সুবিধাৰ্থে মই অকনমান বহলাই কও যে বহুত ধৰনৰ পলুৰ পৰা নিৰ্গত বিজলুৱা পদাৰ্থৰ পৰা সূতা তৈয়াৰ কৰিব পৰা যায় | কিন্তু মানৱ সভ্যতাই কাপোৰ বোৱাৰ বাবে ব্যৱহাৰ কৰা উপযোগী পলুসূতা, যাক আমি চিল্ক বা ৰেচম বুলি কও, মূলতে চাৰিবিধ : পাট (Mulberry), এড়ী, তচৰ আৰু মুগা | ৰেচম উত্পাদন কৰা মূল দেশ দুখন হ’ল চীন (৮০%) আৰু ভাৰত (১৫%) | দুইখন দেশতে পাট সূতাৰ উত্পাদনেই বেছি (প্ৰায় ৮০%) |
এই যে বাকী ২০% থাকিল, ভাৰতবৰ্ষত এড়ী, তচৰ আৰু মুগাৰ উত্পাদন এনেধৰনৰ : এড়ী - ১৩%, তচৰ - ৬% আৰু মুগা - ১% | পাটসূতাৰ উত্পাদন কেবাখনো ৰাজ্যতে হয় | মূলতে দাক্ষিনাত্যৰ কৰ্নাটক, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু | এড়ী সূতাৰ উত্পাদন উত্তৰ-পূৰ্বাঞ্চলত বাদে বিহাৰ আৰু পশ্চিমবঙ্গত হয় | তচৰসূতাৰ উত্পাদন মূলতে মধ্য ভাৰতৰ ৰাজ্যকেইখন, যেনে - বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, ছত্তিছগড়, উৰিষ্যা আৰু পশ্চিমবঙ্গত হয় | কিন্তু মুগা সূতাৰ উত্পাদন কেইবছৰমান আগলৈ কেৱল অসমতহে হৈছিল |
এফালৰ পৰা চাবলৈ গ’লে আমি কিমান ভাগ্যবান | ঈশ্বৰে আমাক এনে জলবায়ু দিছে, যাৰদ্বাৰা আমি চাৰিওবিধ ৰেচম উত্পাদন কৰিব পাৰো | বিষেশকৈ অসমৰ জলবায়ু মুগাসূতা উত্পাদনৰ কাৰনে সৰ্বোত্তম | কিন্তু যিটো বস্তু আনৰ কাৰনে আশীৰ্বাদ স্বৰূপ হ’লহেতেন, সেইটো আমাৰ কাৰনে কাল হ’ল | যিহেতু অসমত বাদে বাকী ৰাজ্যত মুগা সূতাৰ উত্পাদন প্ৰায় নহয়েই আৰু ইয়াৰ চাহিদাও খুউব বেছি, গতিকে বহুত অসাধু শিপিনীয়ে মুগাৰ সৈতে তচৰ মিহলাই ‘মুগা কাপোৰ’ বুলি বিক্ৰী কৰি আছে |
এটা সময়ত শুৱালকুছি মুলতে মুগা কাপোৰ উত্পাদনৰ কেন্দ্ৰ আছিল | মুগা-পলুৰ উত্পাদন কিন্তু উজনি অসমত হৈছিল | বেপাৰীয়ে উজনি অসমৰ পৰা লেটা আনি শুৱালকুছিৰ শিপিনীক বেচিছিল আৰু তেওলোকে লেটাৰ পৰা সূতা কাটি কাপোৰ বৈছিল | যদিও এই শুৱালকুছিৰ কাপোৰ অসমৰ বিভিন্ন অঞ্চলত বিক্ৰী হৈছিল, শুৱালকুছিৰ মুগা কাপোৰৰ মূল বজাৰখন কিন্তু উজনি অসমত আছিল | নকলেও হব উজনি-নামনিৰ বাণিজ্যিক আদান-প্ৰদানে আমাৰ ৰাজ্যত ভ্ৰাতৃত্ববোধৰ সমন্বয়ো গঢ়িছিল | কিন্তু শুৱালকুছিক যিমান মুগা সূতা লাগে সিমান মুগা সূতা অসমে (উজনি) উত্পাদন নকৰে | ফলত শুৱালকুছিৰ শিপিনীৰ সন্মুখত দুটা পথ খোল খালে : এটা হ’ল মুগা কাপোৰৰ উত্পাদন কমাই দিয়া, আনটো হ’ল মুগা সূতাৰ সৈতে আন সূতা মিহলাই চাহিদা পূৰন কৰা |
দ্বিতীয় সমস্যাটো হ’ল - উত্পাদিত সামগ্ৰীৰ বিশুদ্ধতা | যিদৰে গৰুৰ গাখীৰৰ স্থান সুকীয়া, তেনেদৰে ম’হৰ গাখীৰৰ স্থানো সুকীয়া | আমি ঘৰত গৰুৰ গাখীৰ খাবলৈ পছন্দ কৰো আৰু বহুত মিঠাই ব্যৱসায়ীয়ে ম’হৰ গাখীৰ পছন্দ কৰে | দুয়োটা বস্তুৰে চাহিদা আছে | কিন্তু ম’হৰ গাখীৰক যদি মই গৰুৰ গাখীৰ সজাই বিক্ৰী কৰো, সেইটো জানো ভাল কথা হব ? আজি ভাৰতবৰ্ষত তচৰ কাপোৰৰো চাহিদা আছে আৰু মুগা কাপোৰৰো চাহিদা আছে | কিন্তু যদি মই মুগাক তচৰ বুলি বেচো আৰু তচৰক মুগা বুলি বেচো, সেই কাৰ্যই ক্ষন্তেকীয়া বাণিজ্যিক লাভালাভ আনিব পাৰে, কিন্তু দীৰ্ঘস্থায়ী লাভালাভ আনিব জানো ?
শুৱালকুছিত আজি সেয়াই হৈছে | মুগা সূতাৰ দাম আৰু উত্পাদনৰ সীমাবদ্ধতাৰ কাৰনে বুলিয়েই কওক বা তচৰ সূতাৰ পৰ্যাপ্ততা বুলিয়েই কওক, শুৱালকুছি এতিয়া আৰু মুগা কাপোৰ উত্পাদনৰ ‘এক্সক্লুচিভ’ কেন্দ্ৰ হৈ থকা নাই | মোৰ হাতত কোনো পৰিসংখ্যা নাই, কিন্তু বিভিন্নজনৰ সৈতে কথা পাতি বুজিব পাৰিছো যে অজি শুৱালকুছিত যিমান সূতা ব্যৱহাৰ হয়, তাত মুগা সূতাৰ পৰিমান ১০ শতাংশতকৈও কম | এতিয়া যে আমি থলুৱা বস্ত্ৰৰ হকে মাত মাতি আছো, কোনোবাই যদি আমাক প্ৰশ্ন কৰে ‘ তোমালোকৰ মুগা কাপোৰবোৰ কিমাননো থলুৱা ?’, আমি কি উত্তৰ দিম ? যদি গিলাচ এটাত ৮০% পানী আৰু ২০% গাখীৰ থাকে, আমি পানীত গাখীৰ মিহলাইছো বুলি কম নে গাখীৰত পানী মিহলাইছো বুলি কম ? ‘অসমৰ মুগা কাপোৰ’ এযোৰত যদি অধিকাংশ বিহাৰৰ তচৰ সূতা থাকে, সেইযোৰ কাপোৰ বাৰু অসমৰ মুগা কাপোৰ কেনেকৈ হ’ল ?
তৃতীয় সমস্যাটো হ’ল - শুৱালকুছিৰ বজাৰখন | এইটো কলে নিশ্চয় ভুল নহব যে শুৱালকুছিত মূলতে মহিলাৰ বস্ত্ৰ তৈয়াৰ কৰা হয় | যদি সেয়ে হয়, তেন্তে ভাবকচোন কিমান পৰিৱৰ্তন আহিছে | একালত আমাৰ জিয়ৰী-বোৱাৰীবোৰৰ দৈনন্দিন সাজপাৰ আছিল মেখেলা-চাদৰ | আৰু এতিয়া ? এতিয়া হ’ল শাৰী, চেলোৱাৰ কামিজ বা জিন্সপেণ্ট-টি ছাৰ্ট | এই বিষয়ে আবেগিক হৈ একো লাভ নাই, সময়ৰ সৈতে মানুহৰ ৰুচি সলনি হৈ গৈ থাকে | একালত অসমীয়া মানুহে ৰাতিপুৱাৰ আহাৰত চিৰা, দৈ, সান্দহ খাইছিল, আজিকালি বহুতে ৰুটি, পৰঠা বা ব্ৰেড বাটাৰহে খায় | একালত মানুহে স্কুটাৰ চলাইছিল, এতিয়া মটৰ চাইকেল চলায় |
মূল কথা এয়ে যে মেখেলা চাদৰৰ স্থান দৈনন্দিন পোছাকৰ ঠাইত আনুষ্ঠানিক পোছাকলৈ (Formal Wear) ৰূপান্তৰ হোৱাৰ পথত | হয়তো কেইদিনমান পাচত আমি মেখেলা চাদৰ এযোৰ সৰস্বতী পূজা বা বিবাহ অনুষ্ঠান এটাতহে দেখিবলৈ পাম | আৰু ইয়াৰ অৰ্থ এইটোৱে যে আমাৰ পৰম্পৰাগত পোছাকৰ বজাৰখনৰ চাহিদা সিমীত | যেতিয়ালৈ আমি মুগাৰ মেখেলা-চাদৰযোৰ এটা ‘ফেশ্বন আইটেম’ কৰি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ মহিলাসকলৰ মাজত জনপ্ৰিয় কৰি তুলিব নোৱাৰো, তেতিয়ালৈ বছৰে বছৰে স্থানীয় বজাৰখন সৰু হৈ গৈ থাকিব |
চতুৰ্থ সমস্যাটো হ’ল - প্ৰযুক্তিবিদ্যা (Technology) | শুৱালকুছিত বস্ত্ৰ উত্পাদন কৰে হাতেৰে | ভাৰতবৰ্ষৰ অন্য ৰাজ্যত শাৰী জাতীয় সকলো বস্ত্ৰ উত্পাদন কৰে মেচিনত | আমি সকলোৱে জানো যে মেচিনত বনালে কষ্ট, সময় আৰু খৰচ ৰাহী হয় | গতিকে কোনোবাই যদি আপোনাক এফালে শুৱালকুছিৰ হাতে বনোৱা মেখেলা-চাদৰ এযোৰ দিয়ে আৰু আনফালে বহিঃৰাজ্যৰ মেচিনত তৈয়াৰী কাপোৰ এযোৰ দিয়ে এক-তৃতীয়াংশ দামত, আপুনি কোনখন লব ? তিনিগুন বেছি দামৰ স্থানীয় বস্তু এপদ আপুনি তেতিয়াহে লব যেতিয়া সেই বস্তুপদ গুণগত ভাবে বহুত উচ্চখাপৰ হয় | আমি সকলোৱে জানো চালানি মাছতকৈ লোকেল মাছ পছন্দ নকৰো ? আমি সকলোৱে এটা কথা বুজা উচিত যে বজাৰ আৰু গ্ৰাহকতকৈ আমাৰ ব্যক্তিগত স্বাৰ্থ ডাঙৰ নহয় | ইংৰাজীত কোৱাৰ দৰে The Customer is king , গ্ৰাহকেই ৰজা | যদি গ্ৰাহকে শুৱালকুছিৰ কাপোৰতকৈ বেনাৰসী কাপোৰ পছন্দ কৰে, কোনোবাই জানো তেওলোকক ক্ৰয় কৰাৰ পৰা ৰখাব পাৰিব ? অবশ্যে ইয়াৰ অৰ্থ এয় নহয় যে ফাচী বজাৰৰ কিছু দুষ্ট ব্যৱসায়ীয়ে কৰাৰ দৰে বেনাৰসৰ পৰা কাপোৰ আনি শুৱালকুছিৰ মাৰ্কা মাৰি গ্ৰাহকক আভুৱা ভৰোৱা কাৰ্য্য সমৰ্থনযোগ্য | সেইটো অন্যায়, গ্ৰাহকৰ প্ৰতিও আৰু আমাৰ স্থানীয় শিপিনীৰ প্ৰতিও |
গোটেই বিশ্বতে এসময়ত যন্ত্ৰনিৰ্মিত বনাম হস্তনিৰ্মিত উত্পাদনৰ বিতৰ্ক চলিছিল | উদাহৰন স্বৰূপে চুইজাৰলেণ্ডত ঘড়ী হাতেৰে বনাইছিল, গতিকে দামো যথেষ্ট আছিল | ষাঠী আৰু সত্তৰ দশকত জাপানীসকলে মেচিনত নিৰ্মিত ঘড়ী খুউব কম দামতে পৃথিৱীত প্ৰচলন কৰিলে | লগে লগে চুইজাৰলেণ্ডৰ ঘড়ী উদ্যোগত হাহাকাৰ লাগিল আৰু শুৱালকুছিৰ নিচিনা অৱস্থা হবলৈ ধৰিলে | তেতিয়া চুইছসকলে বাৰু কি কৰিলে জানেনে ? তেওলোকে তেওলোকৰ ঘড়ীবোৰ আৰু সুন্দৰ কৰিব ধৰিলে আৰু প্ৰতিটো ঘড়ীত বহুত সোন, ৰূপ আৰু হীৰা লগাই সেইবোৰক কেৱল সময় চোৱা এটা যন্ত্ৰ নকৰি অলংকাৰ হিচাপেও জনপ্ৰিয় কৰি তুলিলে | আজিকালি পৃথিৱীত ৫০০-৬০০ টকীয়া মেচিন নিৰ্মিত ঘড়ীও পোৱা যায়, আৰু বহুলাখ টকীয়া চুইছ ঘড়ীও (অলংকাৰ) পোৱা যায় | ঠিক তেনেধৰনে দহটকীয়া মেচিন নিৰ্মিত ‘আমুল’ চকলেটো পোৱা যায় আৰু দুশ-তিনিশটকীয়া হাতে বনোৱা বেলজিয়াম চকলেটো পোৱা যায় | মহিলাৰ ক্ষেত্ৰত দুশ-তিনিশ টকীয়া ভেনিটি বেগো পোৱা যায় আৰু বহু হেজাৰটকীয়া হাতে বনোৱা বেগো পোৱা যায় |
আমাৰ আবেগত ওপঙি থকা বহুতে মেচিন শব্দটো শুনিয়ে জাপ মাৰি উঠে | বহুতে ভাবে মেচিনৰ আগমনে স্থানীয় শিল্পীক ভাতে মাৰিব, নিবনুৱা বৃদ্ধি পাব | আন কিছুমানে ভাবে গুণগত দিশত মেচিন শিল্পৰ সৈতে হস্তশিল্পই ফেৰ মাৰিব নোৱাৰে | কিন্তু কথাটো সদায় আৰু সকলো ক্ষেত্ৰতে সত্য নহয় | আপোনালোকৰ কোনোবাই মেচিনত বনোৱা ৰুটি খাইছেনে ? বা মেচিনত বনোৱা কফি ? বহুতে চেষ্টা কৰিছে যদিও আজিলৈকে কিন্তু হাতে বনোৱা ৰুটি বা হাতে বনোৱা কফি বা আগতে উদাহৰন দি অহা হাতে বনোৱা চকলেটতকৈ ভাল বনাব পৰা মেচিন সৃষ্টি কৰিব পৰা নাই |
হস্তশিল্পৰ কথাও ঠিক তেনেকুৱা | পৃথিৱীত এনে কিছুমান হস্তশিল্প বা হস্তনিৰ্মিত বস্ত্ৰ আছে যি মেচিনত বনোৱা শিল্পতকৈও বহুত উন্নত | আজি শুৱালকুছিত প্ৰায় ১০০% কাপোৰ হাত শালত বোৱা হয় | কিন্তু এই বয়ন পদ্ধতিটো দ্বিতীয় মহাসমৰৰ সময়ৰে | ক্ষন্তেকৰ বাবে আবেগ বাদ দি কথা এটা ভাবকচোন, আজি যিটো সময়ত গোটেই পৃথিৱীখন ইমান দ্ৰুতগতিত আগবাঢ়িছে, আমি বাৰু দ্বিতীয় মহাসমৰৰ সময়ৰ প্ৰযুক্তিবিদ্যা লৈয়ে ক্ষান্ত হোৱাটো উচিত হবনে ? হস্তশিল্প হ’ল বুলিয়ে সেয়া আজোককাৰ দিনৰে হব লাগে নেকি ? তাৰ উত্পাদনৰ প্ৰক্ৰিয়াক উন্নিতকৰন আৰু আধুনিকীকৰন কৰিব পৰা নাযায় নেকি ? এইটোৱে আনে আমাক পঞ্চম সমস্যাটোলৈ আৰু সেইটো হৈছে : গুণগত সমস্যা (Quality) |
বিজনেচ মেনেজমেন্টত এটা কথা কোৱা হয় : গ্ৰাহকে বস্তু নিকিনে, সেই বস্তুৰ মূল্যহে দিয়ে (Customers do not buy goods, they pay for value) | এইটোৱে কব খুজিছো যে অসমৰ গ্ৰাহকেও হাতে বোৱা নে মেচিনে বনোৱা সেই লৈ মূৰ ঘমাই নাথাকে | মেচিনত যদি বেছি মিহি আৰু ধুনীয়া হয় নিশ্চয় মেচিনত বনোৱা মেখেলা-চাদৰ পিন্ধিব | আপুনি মই এই বিষয়ে ভাল পায় বা বেয়া পায় একো কৰিব নোৱাৰো |
ষষ্ঠ সমস্যাটো হ’ল শিপিনীৰ পৰ্যাপ্ততা | ঐতিহাসিক ভাবে শুৱালকুছিৰ কাৰখানাবোৰৰ অধিকাংশ শিপিনীয়ে আজিৰ বড়োলেণ্ডৰ অঞ্চলৰ | আজিকালি বড়োলেণ্ডৰ মানুহৰ অৱস্থা যি গতিত স্বচ্ছল হব ধৰিছে, সেইদৰে শিপিনীৰ সংখ্যা কমি আহিছে | তাৰোপৰি এনেৰেগাৰ মাধ্যমেৰে যদি ঘৰতে বহি বহি দৈনিক এশ টকা পায়, কোনেনো বাৰু শিপিনীগিৰি কৰিব ? যিদৰে আমাৰ তথাকথিত মূলসুতিৰ অসমীয়া মানুহে কেতিয়াবাই শাক-পাচলিৰ খেতি কৰিব এৰিলে, ঠিক তেনেদৰে বাৰু আমাৰ গাভৰু বোৱাৰীহতেও জানো কেতিয়াবাই কাপোৰ বব নেৰিলে ? পাঠক সমাজে বোধহয় শুনি আচৰিত হব যে শুৱালকুছিৰ গৰিষ্ঠসংখ্যক শালেই শিপিনীৰ অভাৱত পৰি আছে |
ইমানবোৰ সমস্যা যে ক’লো, ইয়াৰ সমাধাননো কি ? প্ৰথম সমাধানটো হ’ল : কেচামালৰ উত্পাদন স্থানীয় ভাবে কৰা | আমি যাতে বাহিৰৰ পৰা কেচামাল আনিব লগা নহয় | ইয়াৰ কাৰনে অসম চৰকাৰৰ ৰেচম বিভাগটোৱে ৰাজ্যত ৰেচম উত্পাদনৰ ক্ষমতা বঢ়াব লাগিব | আজি অসমৰ ৰেচম বিভাগৰ অৱস্থা প্ৰায়বোৰ চৰকাৰী বিভাগৰ নিচিনা কুম্ভকৰ্ন নিদ্ৰাত নিমগ্ন | আচৰিত নালাগেনে ৰেচম মন্ত্ৰী প্ৰণতি ফুকনে শুৱালকুছি কাণ্ডৰ কথা পিছদিনা বাতৰি কাকতৰ পৰাহে গম পালে |
দ্বিতীয় সমাধানটো হ’ল : গুণগত মান বৃদ্ধি কৰা (Quality Upgradation) | বেনাৰসী কাপোৰ আমি ভাবুকি দি বন্ধ কৰিব নোৱাৰো | কিন্তু আমাৰ হস্তশিল্পৰ যদি Quality ইমান উচ্চমানৰ হয় যে গ্ৰাহকৰ চকু থৰ হৈ যায়, তেওলোকে স্বাভাৱিকতে বেনাৰসৰ যন্ত্ৰ উদ্যোগৰ বস্ত্ৰতকৈ শুৱালকুছিৰ হস্ত উদ্যোগৰ বস্ত্ৰ বেছি পছন্দ কৰিব | ভাবি চাওকচোন : আপোনাক যদি মই এফালে গৰুৰ গাখীৰ আৰু আনফালে পাউদাৰ গাখীৰ দিও, আপুনি কি পছন্দ কৰিব ? গৰুৰ গাখীৰ নহয় জানো ? অৱশ্যে গৰুৰ গাখীৰ বিশুদ্ধ হব লাগিব | আমাৰ বহুতে গৰুৰ গাখীৰ পায়ো পাউদাৰ গাখীৰ খায়, কিয়নো বহুতে ভাবে গুৱালে দিয়া গাখীৰ বিশুদ্ধ নহয় | ক’ৰ বা পানী মিহলাইছে | শুৱালকুছিত শিপিনীসকলে যদি তেওলোকৰ উত্পাদনৰ উচিত মূল্য বিচাৰিছে তেওলোকে তেনেহ’লে অসমবাসীক আশ্বাস দিব লাগিব যে শুৱালকুছিৰ মুগা কাপোৰৰ একো ভেজাল নাই | মুগা মেখেলা মানে মুগাৰ মেখেলা, তচৰৰ মেখেলা নহয় |
তৃতীয় সমাধানটো হ’ল : শুৱালকুছিৰ শালৰ মালিক আৰু শিপিনীসকল সুসংগঠিত আৰু একত্ৰিত হব লাগিব | পাঠক সমাজে নিশ্চয় জানিব যে গুজৰাটৰ মাত্ৰ এখন কো-অপাৰেটিভ (গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন (GCMMS)), যাক আমি ‘আমূল’ বুলি জানো, সেইখনে প্ৰায় গোটেই ভাৰতকে গাখীৰ খুৱায় | কিন্তু শুৱালকুছিত ঘৰে ঘৰে কো-অপাৰেটিভ | মই ‘আমূল’ৰ কথা বিতংকৈ কোনোবা এদিন লিখিম, কিন্তু চমুকৈ কও যে ‘আমূল’ক চলায় দৰমহা দিয়া কাৰিকৰী দক্ষতাসম্পন্ন ‘মেনেজাৰ’সকলে, গৰু গোৱালে নহয় | ঠিক তেনেদৰে শুৱালকুছিৰ বস্ত্ৰ ব্যৱসায়টো ‘প্ৰফেচনালাইজ’ কৰিব লাগিব |
আৰু বহুতো কথা লিখিব পাৰি, কিন্তু বাতৰি কাকতৰ স্তম্ভৰ এটা সীমাবদ্ধতা থাকে | শেষ কৰাৰ আগতে আৰু এটা কথা কব বিচাৰিছো | সেয়া হৈছে চৰকাৰৰ ভূমিকা | শুৱালকুছি উদ্ধাৰত চৰকাৰৰ ভূমিকা আছেনে ? আমাৰ দৃষ্টিত নিশ্চয় আছে | আজি শুৱালকুছিৰ গোটেই ৰেচম উদ্যোগটো ইমানেই বহুধাবিভক্ত যে ব্যক্তিগত স্তৰত কিবা নতুন কাম কৰাটো কঠিন | আৰু কোনোবাই কৰিলেও গোটেই বজাৰখনক প্ৰভাবাম্বিত কৰিব নোৱাৰে | গতিকে শুৱালকুছিৰ আধুনিকীকৰনত প্ৰতিজন কাৰখানাৰ মালিকক সহায় কৰাটো চৰকাৰৰ গুৰু দায়িত্ব | চাৰি-পাচখন শাল চলাই থাকি কোনোমতে পেটে-ভাতে খাই থকা সৰু কাৰখানাৰ মালিক এজনৰ আধুনিকীকৰন কৰিবলৈ মনোবলো নাথাকিব পাৰে বা পইছাও নাথাকিব পাৰে |
মই ইয়াৰ তুলনা পঞ্জাৱৰ সৈতে কৰিব খুজিছো | ষাঠী আৰু সত্তৰ দশকত চৰকাৰে জানো পঞ্জাৱৰ কৃষকসকলক পৰম্পৰাগত কৃষি প্ৰনালীৰ পৰা আধুনিক কৃষি প্ৰনালীলৈ পৰিৱৰ্তন কৰিবলৈ প্ৰশিক্ষন আৰু অৰ্থৰে সহায় কৰা নাছিল ? পঞ্জাৱত যদি চৰকাৰে ‘সেউজ বিল্পৱ’ হোৱাত উদ্গনি দিব পাৰিছিল, অসমত কিয় চৰকাৰে ‘সোনালী বিল্পৱ’ৰ উদ্গনি দিব নোৱাৰে ?
কিন্তু চৰকাৰে কৰিছে কি ? এফালে ৰেচম মন্ত্ৰী প্ৰণতি ফুকনে কয় যে চৰকাৰে হেনো শুৱালকুছিত ‘সূতা বেংক’ আৰু ‘বস্ত্ৰ বেংক’ স্থাপন কৰিছে | আনফালে শুৱালকুছিবাসীয়ে কয় যে তেনে কোনো অনুষ্ঠানৰ অস্তিত্বই নাই | তাৰমানে কি ? কোনোবাই সেই পইছাখিনি খাই পেলালে নেকি ?
দুখৰ কথা স্থানীয় বিধায়ক তথা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বাবে সমস্যা সমাধানৰ প্ৰিয় অস্ত্ৰ হ’ল ‘বিনামূলীয়া সূতা বিতৰন’ | নিৰ্বাচন ওচৰ চাপিলেই সূতা বিতৰন | আৰু দুবছৰৰ মুৰে মুৰেতো নিৰ্বাচন আহেই | পঞ্চায়তে হওক, বিধানসভাই হওক বা লোকসভাই হওক | অৰ্থনৈতিক সুত্ৰৰ ওপৰত নিৰ্ভৰ নকৰি বাৰু বিনামূলীয়া চৰকাৰী অনুদানৰ ওপৰত উদ্যোগ এটাই গঢ় লব পাৰেনে ? এমুঠি সূতাৰে বাৰু এগৰাকী শিপিনীয়ে কিমানদিন খাব ? এই কথাখিনি মই কোনো ৰাজনৈতিক লাভালাভৰ বাবে কোৱা নাই | এজন মেনেজমেন্টৰ ছাত্ৰ হিচাবে শুৱালকুছিৰ অৰ্থনৈতিক সমস্যাটোৰ দীৰ্ঘম্যাদী সমাধান সুত্ৰ উদ্ভাবনৰ স্বাৰ্থতহে কৈছো | মই ভাবো উত্তেজিত ৰাইজক আৰু বেছি উত্তেজিত কৰাতকৈও তেওলোকৰ সমস্যাটোৰ প্ৰকৃত সমাধানত মনোনিবেশ কৰাটোহে এজন ৰাজনীতিকৰ প্ৰকৃত দায়িত্ব আৰু কৰ্তব্য |
মই মানচেষ্টাৰৰ কাহিনীৰে এই প্ৰবন্ধটো আৰম্ভ কৰিছিলো | একালত বিশ্বৰ সৰ্ববৃহত্ দহখন চহৰৰ এখন, ইংৰাজ অৰ্থনীতিৰ কেন্দ্ৰস্বৰূপ, তথাকথিত বস্ত্ৰনগৰী মানচেষ্টাৰৰ জনসংখ্যা আজি গুৱাহাটীতকৈ কম | যিখন শুৱালকুছিত মাত্ৰ বিশ বছৰ আগতে ২৫,০০০ খন শালেৰে গিজগিজাই আছিল, আজি তাত খুউব বেছি ৫,০০০ খন শাল সক্ৰিয় হৈ আছে |
চিন্তা হয় আমাৰ শুৱালকুছি ‘মানচেষ্টাৰ’ হবলৈ গৈ আছে নেকি ??