This article was published in Asomiya Pratidin on June 2, 2012
‘আই
! তোমাৰ
স’তে শেষ দেখা মোৰ মনত নাই |’
গৰ্কীৰ Mother
উপন্যাসৰ সেই মহীয়সী
নাৰী চৰিত্ৰক উপলক্ষ্য কৰি
১৯৬৭ চনতে হীৰুদাই লিখিছিল
কবিতাফাকি (সুগন্ধি
পখিলা, পৃঃ
২৫) | বন্দিত
নাৰীৰ কৰ্মৰাজিয়ে সমাজত কিমান
সুপ্ৰভাৱ পেলাব পাৰে সেয়া
পিচে অকল কবি-সাহিত্যিকেই
নহয়, সমাজৰ
যিকোনো সুশিক্ষিত সংস্কৃত
লোকেই বুজে | ময়ো
মোৰ জীৱনত এই কথাষাৰ গভীৰভাৱে
অনুভৱ কৰিছিলো;
স্বামী বিবেকানন্দই
তাহানিতে কৈ থৈ যোৱাৰ দৰে :
As a bird cannot fly on
one wing, no society can make progress unless its women too join men
in all activities.
মই
তেতিয়া খুবেই সৰু | কিমান
সৰু সেই কথা সুধিলে হয়তো ক’ব
নোৱাৰিম, কিন্তু
স্কুললৈ যাবলৈ আৰম্ভ কৰিছো,
গতিকে কথাবোৰ জনা-বুজা
হৈছো | মোৰ মা যথেষ্ট
প্ৰতিভাশালী মহিলা আছিল আৰু
নিজকে বিভিন্ন কামত ব্যস্ত
ৰাখিছিল | মায়ে
পাকঘৰত বেছি সময় নকটাইছিল |
আমি খোৱা-বোৱা
লৈ আপত্তি কৰিলে প্ৰায়ে এষাৰ
কথা কৈছিল - ‘বোপাই
ডাঙৰ হ’লে ঘৈণীয়েৰ এজনী বিয়া
কৰাবি, ৰান্ধনি
এজনী নহয়’ | মই সকলো
কথাই বুজো, কিন্তু
মায়ে কোৱা সেইষাৰ কথাৰ অৰ্থ
মই বহুদিনৰ পিচতহে বুজি উঠিছিলো
| মায়ে কোৱা আৰু এষাৰ
কথা প্ৰায়ে মোৰ মনত পৰে |
সেয়া হ’ল ‘মহিলাৰ
স্থান কেৱল পাকঘৰত নহয়’ |
দিন
বাগৰিল, ডাঙৰ হ’লো,
চাকৰিত সোমালো, মোৰ
জীৱনলৈ শ্ৰীমতীৰ আগমন ঘটিল
আৰু এদিন মই সক্ৰিয়ভাৱে ৰাজনৈতিক
জীৱনত প্ৰৱেশ কৰিলো | ৰাজনৈতিক
জীৱনত যোগ দিয়াৰ প্ৰথমটো দিনৰ
কথা | সন্ধিয়াৰ আহাৰৰ
পিচত শ্ৰীমতীয়ে ক’লে -
‘ৰাজনীতিৰ নামত তুমি
ক’ত কি কৰা মই চাবলৈ নাযাও |
কিন্তু এটা কথা মনত
ৰাখিবা অন্যায় কৰি উপাৰ্জন
কৰা ধনৰ এটা পইচাও যেন আমাৰ
ঘৰত নোসোমায়’ | বিশাল
জন-জীৱনক প্ৰভাৱান্বিত
কৰা কোনো মহীয়সী নাৰীক লগ
পোৱাৰ সৌভাগ্য মোৰ এতিয়ালৈ
হোৱা নাই, কিন্তু
মোৰ জীৱনত বিস্তৰ ভূমিকা পালন
কৰা এই দুগৰাকী নাৰীয়ে আওপকীয়াকৈ
মোক এই কথাই বুজাই দিছিল যে
এখন ঘৰ বা সমাজ বা এখন ৰাষ্ট্ৰ
পৰিচালনা বা তাৰ ইতিবাচক
পৰিবৰ্তন অনাৰ ক্ষেত্ৰত এগৰাকী
মহিলাই অপৰিসীম ভূমিকা পালন
কৰিব পাৰে |
মই
সুদীৰ্ঘ দিন ধৰি অসমৰ বাহিৰত
থাকোতে বিভিন্ন সময়ত ভিন্ন
ৰাজ্যৰ ভিন্ন পৰিবেশৰ ভিন্ন
নাৰী সমাজৰ মুখামুখি হৈছো |
অসমীয়া থলুৱা মধ্যবিত্ত
পৰিয়াল আৰু অসমীয়া সমাজসমূহত
নাৰীৰ মৰ্যাদা ইমান উচ্চ
দেখিছো যে অসমীয়া মহিলাৰ লগত
যেতিয়া তেওলোকৰ তুলনা কৰো
তেতিয়া সেই ঠাইৰ (বিশেষকৈ
উত্তৰ ভাৰতৰ) মহিলাৰ
বাবে সহানুভূতি উদ্ৰেক নোহোৱাকৈ
নাথাকে | কিন্তু
তাৰ আনুষংগিকভাৱে এটা প্ৰশ্নই
মোক অহৰহ আমনি কৰে যে অসমত
নাৰীৰ স্থান ইমান উচ্চ হোৱা
সত্ত্বেও সামাজিক বা ৰাজনৈতিক
অথবা জাতীয় জীৱনক প্ৰতিনিধিত্ব
কৰা দল-সংগঠনৰ শীৰ্ষ
নেতৃত্বত নাৰীৰ স্থান ইমান
নগণ্য কিয় ? কাচিত্
যিসকলক দেখা যায় তেওলোক হয়
কোনোবা বিশিষ্ট নেতাৰ পত্নী,
নহয় কোনোবা নেতাৰ
কন্যা বা বোৱাৰী | অৰ্থাত্
সেই নেতৃত্ব আৰ্জিত নহয়,
উত্তৰাধিকাৰীসূত্ৰে
প্ৰাপ্তহে | যিসকল
সাধাৰণ নাৰীয়ে ঘৰ এখন পৰিচালনাত
দক্ষতাৰ পৰিচয় দিয়ে তেও সমাজ
পৰিচালনাৰ ক্ষেত্ৰত পিচহুহকি
যায় কিয় ?
অৱশ্যে
ইতিহাসৰ পাতত আমি কিছুমান
অসাধাৰণ মহিলাৰ বিষয়ে পঢ়িবলৈ
পাও | সৌ ১৪শ শতিকাতে
আহোম ৰজা তাও খামথিৰ (১৩৮০-৮৯)
কুৱৰীয়ে প্ৰশাসনত
নিজৰ আধিপত্য স্থাপন কৰিছিল
| চুতীয়াসকলৰ ৰাণী
সাধনীৰ নেতৃত্বৰ কথাও আমাৰ
বিদিত | গড়গঞা ৰজাক
(১৫৩৯-৫২)
চাও চিঙে পৰামৰ্শ
দিছিল ৰাজসভাত বৰপাত্ৰ গোহাই
পদৰ সৃষ্টি কৰাৰ বাবে | মূলা
গাভৰুৱে ১৫৩২ চনতে নিজ স্বামীৰ
হত্যাৰ পোটক তুলিবলৈ মুছলমান
শাসক তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ
কৰিছিল | ফুলেশ্বৰীয়ে
বৰৰজা হৈ দেশ শাসন কৰিছিল |
গৌৰীনাথ সিংহৰ বিধৱা
পত্নী কমলেশ্বৰী দেৱীয়ে ১৮০৬
চনত ব্ৰিটিছ গৱৰ্নৰ জেনেৰেল
লৰ্ড ৱেলচলীক লগ ধৰিছিল |
চন্দ্ৰকান্ত সিংহৰ
মাতৃ নুমলীয়ে ষড়যন্ত্ৰ কৰি
জাতিদ্ৰোহী বদনক হত্যা কৰাইছিল
| অমলপ্ৰভা দাস,
চন্দ্ৰপ্ৰভা শইকীয়ানী,
পুস্পলতা দাস আদি
মহীয়সীয়ে অকল স্বাধীনতা
আন্দোলনতেই নহয়, সমাজৰ
সকলো স্তৰতে নাৰীৰ অধিকাৰৰ
হ’কে যুজ দিছিল | কিন্তু
দুখৰ কথা যে তেতিয়াও অধিকাংশ
নাৰী সামাজিক নেতৃত্বৰ পৰা
দূৰত আছিল, আজিও
আছে |
সাধাৰণতে
দেখা যায় যে লিংগ সমতাই (gender
equality) মহিলাৰ
অৰ্থনৈতিক স্বাধীনতাক উদ্গনি
যোগায় আৰু অৰ্থনৈতিক স্বাধীনতাই
মহিলাক ৰাজনৈতিক তথা সামাজিকভাৱে
সক্ৰিয় হ’বলৈ সহায় কৰে |
এই সক্ৰিয়তাৰ দ্বাৰাই
ভৱিষ্যতৰ নেতৃত্ব সৃষ্টি হয়
|
একপ্ৰকাৰে
ক’বলৈ গ’লে অসমৰ পৰিবেশলৈ
চাই, এনে ভাব হয় যে
অসমত মহিলাৰ নেতৃত্ব সৃষ্টি
হ’ব লাগিছিল | কিয়নো
ঐতিহাসিকভাৱে অসমত যৌতুক
প্ৰথা নাই, ৰেড লাইট
এৰিয়া নাই, ভ্ৰূণ
হত্যা নাই, নাৰীক
পণ্যদ্ৰব্য কৰাৰ বহুত প্ৰথাই
নাই | সাক্ষৰতাৰ
ফালৰ পৰা চালেও আমি যথেষ্ট
আগবঢ়া | ২০১১ চনৰ
লোকপিয়লমতে ভাৰতবৰ্ষত পুৰুষৰ
সাক্ষৰতাৰ হাৰ ৮২.১৪%
আৰু মহিলাৰ ৬৫.৪৬%
| কিন্তু অসমত এই হাৰ
পুৰুষৰ ৭৮.৮১% ৰ
বিপৰীতে মহিলাৰ ৬৭.২৭%
| অসমীয়া সমাজৰ সৰ্বত্ৰ
মংগোলীয় মূলৰ প্ৰভাৱেও নাৰীক
উচ্চ স্থান দিছে | এনে
অনুকূল পৰিস্থিতিত অসমৰ পৰা
সৃষ্টি হ’ব লাগিছিল মায়াৱতী,
জয়ললিতা, বৃন্দা
কাৰাট, উমা ভাৰতী,
মমতা বেণাৰ্জীৰ দৰে
ৰাজনৈতিক নেত্ৰী | আৰু
সৃষ্টি হ’ব লাগিছিল মেধা
পাটেকাৰ, কিৰণ বেদী
আদিৰ নিচিনা সামাজিক আন্দোলনৰো
নেত্ৰী |
কিন্তু
নহ’ল | আৱশ্যে বহুতে
ক’ব যে মায়াৱতীৰ দৰে স্বেচ্ছাচাৰী
নেত্ৰী হোৱাতকৈ নোহোৱাই ভাল
| এজনে মোক সুধিছিলেও
- ‘আপুনি নিজৰ মূৰ্তি
উন্মোচন কৰি ফুৰা মহিলা এগৰাকীক
অসমৰ নেতৃত্ব লোৱাটো বিচাৰে
নেকি ?’ কোনোবাই কয়
- দুৰ্নীতি যেতিয়া
কৰেই তাত পুৰুষ-মহিলা
বুলি কি পাৰ্থক্য আছে |
পুৰুষেই
হওক বা নাৰীয়েই হওক আমি কোনেও
নিশ্চয় স্বেচ্ছাচাৰী বা
দুৰ্নীতিপৰায়ণ শাসক নিবিচাৰো,
কিন্তু সুষমা স্বৰাজ,
মাৰ্গাৰেট আলভা আৰু
বৃন্দা কাৰাটৰ দৰে নেত্ৰী
আছে | মুঠতে কথা হ’ল
ৰাজনীতিত যেনেকৈ সত্ সমৰ্থক
আৰু নিষ্ঠাৱান পুৰুষ লাগে,
ঠিক একেধৰণৰ নাৰীও
লাগে |
মই
মোৰ বন্ধু এজনক এদিন এই সমস্যাটোৰ
কথা সুধিছিলো | তেওৰ
উক্তি আছিল এনেধৰণৰ - যিহেতু
ৰাজনীতি কৰা খুব কমসংখ্যক
মানুহহে ভাল, অধিকাংশ
মহিলাই তেনে পৰিবেশলৈ আহিবলৈ
বেয়া পায় বা নিৰাপদ অনুভৱ নকৰে
| আৰু যিহেতু ঘৰৰ
পৰা ওলাই আহিবলৈ মহিলা এগৰাকীয়ে
পুৰুষতকৈ দুগুণ কষ্ট কৰিব
লাগে, সেই ওলাই অহা
ঠাইকণো দুগুণ আকৰ্ষণীয় হ’ব
লাগিব |
পৃথিৱীৰ
ক’তনো মহিলাৰ কাৰণে ৰাজনীতি
কৰা সহজ | সকলোৱে
মানে নাৰীৰ ঈশ্বৰপ্ৰদত্ত
অসুবিধাৰ শেষ নাই | শাৰীৰিকভাৱে
আত্মৰক্ষা কৰিব পৰাকৈ নাৰী
সবল নহয় | নাৰীৰ
ওপৰঞ্চি দায়িত্বও বহুত -
সন্তান ধাৰণ, জন্মদান,
সন্তান লালন-পালনৰ
উপৰি এখন ঘৰৰ চালিকা শক্তি
হ’ব লাগে | তত্সত্বেও
এইবোৰ ৰাজ্যত যদি ইমানসংখ্যক
নেত্ৰীয়ে সফলতা লাভ কৰিব পাৰে,
অসমত কিয় নোৱাৰে ?
সচা
কথা ক’বলৈ গ’লে মোৰ হাতত একো
সামগ্ৰিক উত্তৰ নাই,
আশা কৰো পঢ়ুৱৈ সমাজে
তেওলোকৰ মতামত আগবঢ়াব |
কিন্তু ভাব হয় যে
অসমৰ নাৰীক নেতৃত্ব প্ৰদানকাৰীৰ
ৰূপত পাবলৈ হ’লে প্ৰথমে লাগিব
নিকা তথা দক্ষ ৰাজনৈতিক,
প্ৰশাসনিক পৰিকাঠামো
| অথচ এই
দুয়োটাই সুদূৰ পৰাহত |
কিন্তু অসমৰ নাৰীয়ে
নিজে আগবাঢ়ি এই স্থান আজুৰি
ল’ব পৰাৰ এটা উপায় আছে -
অধ্যয়ন |
প্ৰবল শিক্ষা বিস্তাৰ
অবিহনে নাৰীৰ কোনো গত্যন্তৰ
নাই | আমিও
বুজা উচিত যে সাক্ষৰ হোৱা আৰু
শিক্ষিত হোৱাৰ মাজত বহুখিনি
পাৰ্থক্য আছে |
সাক্ষৰতাৰ হাৰ
বৃদ্ধি হোৱা মানেই নাৰী শিক্ষিত
হোৱা নুবুজায় | আকৌ
শিক্ষাৰ কথাই মনত পেলাই দিয়ে
গৰ্কীৰ ‘মা’লৈ,
হীৰুদাৰ ‘আই’লৈ |
সেই Mother
আছিল ‘অন্য প্ৰকাৰৰ’
শিক্ষাৰে শিক্ষিত এক নাৰী,
যাৰ বাবে সমগ্ৰ
বিশ্বই এখন বিশ্ববিদ্যালয়
|
No comments:
Post a Comment