Wednesday, 7 August 2013

অসমৰ অভিবাসী মুছলমানসকললৈ মুকলি চিঠি

This article was published in Dainik Agradoot on 29 August, 2012

শ্ৰদ্ধেয় অসমৰ অভিবাসী মুছলমান সমাজ, 
আজিৰ এই সংকটময় সময়ত আপোনাসৱলৈ এনে এখন চিঠি লিখিব লগা হোৱা বাবে আশা কৰো আপোনাসৱে মোক ভুল নুবুজিব; কিন্তু সময়ৰ কথাখিনি যদি সময়ত নকও, তেন্তে সেয়া হয়তো নোকোৱাকৈয়ে থাকি যাব, গতিকে বহু ভাবি কৈ থোৱাটোকে উচিত হ’ব বুলি ভাবিলো |

যোৱা দুটা দশকত আপোনাসৱে বিভিন্ন সংঘাত আৰু কেবাটাও সংঘৰ্ষৰ মুখামুখি হৈ আহিছে | এনে সংঘাতবোৰৰ তিক্ত অভিজ্ঞতাৰ ছবি আপোনাসৱৰ মনৰ পৰা চাগৈ এতিয়াও মচ খোৱা নাই | কেনেকৈ মচ খাব, নিজৰ ঘৰ, নিজৰ মানুহ হেৰুওৱাৰ দুখতকৈ বেদনাদায়ক ঘটনা জানো আন কিবা আছে ? ঠিক একেই বেদনাদায়ক ছবি আন জনগোষ্ঠীসমূহৰ মনতো মচ নোখোৱাকৈ অকা আছে | নাই জানো ? এবাৰৰ বাবেও ভাবিছেনে আন জাতি বা জনগোষ্ঠী আৰু আপোনাসৱৰ মাজত কিহৰ বাবে বাৰে বাৰে ভুল বুজাবুজি হয় অথবা কিহৰ বাবে আপোনালোক  আৰু তেওলোকৰ মাজত ভীতি বা সন্দেহ বা সংঘাতৰ সৃষ্টি হয় ? ক’ত ভুলটো আছে যাৰ বাবে ক্ৰোধ আৰু শেষত গৈ সংঘৰ্ষৰ ৰূপ লয় | খুউব সৰলভাৱে কথাবোৰ এবাৰ চিন্তা কৰি চাইছেনে ?

আজিৰ পৃথিৱীত কোনো এখন আধুনিক সমাজে নিজৰ জনগাথনি পৰিৱৰ্তন হোৱাটো নিবিচাৰে | জনগাথনি পৰিৱৰ্তন হ’লে সামাজিক সংঘাত হয়, ইতিহাসে এই কথা বাৰে বাৰে কৈ আহিছে | অসমত আপোনাসৱৰ যি বৰ্ধিত জনসংখ্যা, সেই জনসংখ্যাই যদি থলুৱা আন এটা জনগোষ্ঠীৰ মনত ভীতিৰ উদ্ৰেক কৰে, তেন্তে তাক জানো আপোনালোকে অস্বাভাৱিক বুলি ক’ব ! দ্ৰুতহাৰত জনসংখ্যা বৃদ্ধিৰ বাবে যদি আন এটা জাতিয়ে নিজৰ অস্তিত্বলৈ ভাবুকি অহা বুলি ভাবি লয়, তেন্তে তাক জানো অপৰাধ বুলি ক’ব !

প্ৰিয় অভিবাসী মুছলমান ভাইসকল, আপোনাসৱে মোক মুছলমান বিৰোধী বা সাম্প্ৰদায়িক বুলি কেতিয়াও নাভাবিব | অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন আৰু সম-মৰ্যাদাই অসমৰ প্ৰকৃত উন্নয়নৰ বাট মুকলি কৰিব; কিন্তু আপোনাসৱৰ বাবে যে আন জনগোষ্ঠীবিলাকে ভীত আৰু সন্ত্ৰস্থ আৰু আপোনালোকো যে শংকিত, তাৰ একমাত্ৰ কাৰণ কি জানেনে ? আপোনাসৱৰ বৰ্ধিত জনসংখ্যা | ইয়াৰ লগত অবৈধ অনুপ্ৰৱেশৰ কথাও নিশ্চয় জড়িত হৈ আছে | এই কথা মই কোৱা বুলি নাভাবিব | অসম তথা ভাৰতৰ বিভিন্ন পণ্ডিত, প্ৰশাসনিক বিষয়া তথা গৱেষক আৰু বিশ্লেষকে এই কথা কৈ আহিছে | মই মাত্ৰ কেইটামান উদাহৰণহে দিব খুজিছো | ১৯৯৮ ত অসমৰ তদানীন্তন ৰাজ্যপাল এছ কে সিনহাই অসমত ১৩.২ নিযুত অনুপ্ৰৱেশকাৰী মুছলমান আছে বুলি ৰাষ্ট্ৰপতিক লিখিতভাৱে জনাইছিল | সেই বছৰতে এ আই এফ চি এল নামৰ এটি সংগঠনে ভাৰতৰ সৰ্বোচ্চ আদালতত দাখিল কৰা এখন লেখ-আবেদনত ১৯৭২ ৰ পৰা ১৯৯৮ ৰ ভিতৰত পাৰপত্ৰ লৈ ভাৰতত সোমোৱা ১০,২৪,৩২২ জন বাংলাদেশী নাগৰিক উভটি যোৱা নাই বুলি প্ৰকাশ কৰিছিল | ২০০৩ৰ ২৯ ছেপ্তেম্বৰৰ দিনাও প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজে মাহে একলাখ বাংলাদেশী নাগৰিক ভাৰতত প্ৰৱেশ কৰে বুলি টাইমছ অব ইণ্ডিয়াত প্ৰকাশ কৰিছিল | আকৌ মন কৰিবলগীয়া যে ১৯৯১ৰ বাংলাদেশৰ লোকপিয়লত আঠ নিযুত হেৰোৱা বাংলাদেশী জনসংখ্যাৰ হিচাপ এটা ওলাইছিল (তথ্য : প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ, হৰেকৃষ্ণ ডেকা) | বাংলাদেশৰ পৰা অবাধ অনুপ্ৰৱেশ কৰা ভাৰতৰ ৰাজ্যকেইখন হ’ল পশ্চিমবংগ, অসম, মেঘালয় আৰু ত্ৰিপুৰা | ইয়াৰে পশ্চিমবংগ আৰু অসমতেই সৰ্বাধিক অনুপ্ৰৱেশকাৰী আছে বুলি বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে | 

আকৌ অসমৰ ফালে চাওকচোন | ২০০১ৰ লোকপিয়লত অসমৰ ছয়খন জিলাত মুছলমানসকল সংখ্যাগৰিষ্ঠ আছিল | ২০১১ত ১১ খন জিলা মুছলমান সংখ্যাগৰিষ্ঠ হ’ল | এই জিলাকেইখনৰ ভিতৰত নগাও, মৰিগাও, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাও, বৰপেটা আৰু বৰাকৰ হাইলাকান্দি আৰু কৰিমগঞ্জত কেৱল আপোনালোকৰ জনসংখ্যাৰ অভূতপূৰ্ব বৃদ্ধি ঘটা নাইনে ? অলপতে ‘আউটলুক’ আলোচনীৰ এটা সংখ্যাত মানচিত্ৰসহ দেখুৱাইছে যে অসমৰ ২৭ খন জিলাৰ ভিতৰত ১৩ খন জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় জনসংখ্যা  বৃদ্ধিৰ হাৰতকৈ বেছি | উক্ত ১৩ খন জিলাই আপোনালোকৰ অভিবাসী মুছলমান অধ্যুষিত জিলা নহয়নে ? অসমৰ পূৰ্বৰ লোকপিয়লৰ উপ-সঞ্চালক যোগেশ চন্দ্ৰ ভূঞাৰ  ‘ইলিগেল মাইগ্ৰেচন ফৰ্ম বাংলাদেশ এণ্ড দ্য ডেম’গ্ৰাফিক চেঞ্জ ইন দ্য নৰ্থ-ইষ্ট’ প্ৰৱন্ধত অসমৰ কেইখনমান জিলাত ১৯৭১ৰ পৰা ২০০১লৈ মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিক হোৱা বুলি দেখুৱাইছে (তথ্য : প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ, হৰেকৃষ্ণ ডেকা) | তেওৰ সমীক্ষাত প্ৰকাশ পোৱা পৰিসংখ্যাৰ ছবিখন এনে ধৰণৰ :

ধুবুৰী        - ৭১ শতাংশ
কোকৰাঝাৰ  - ১০০ শতাংশ
বঙাইগাও    - ৯২ শতাংশ
গোৱালপাৰা  - ৮৬ শতাংশ
বৰপেটা     - ৬৫ শতাংশ
নলবাৰী     - ৯৩ শতাংশ
দৰং        - ১০৮ শতাংশ
মৰিগাও     - ৭০ শতাংশ
নগাও       - ৮১ শতাংশ

ওপৰোক্ত সংখ্যাসমূহৰ সত্যতা জানো নুই কৰিব পাৰি ? এই বিপুল জনসংখ্যাৰ বিস্ফোৰণ দুটা কাৰণে হ’ব পাৰে | এটা হ’ল স্বাভাৱিকভাৱে হোৱা পৰিয়াল বৃদ্ধি নতুবা তাৰ লগতে অবৈধ প্ৰব্ৰজনকাৰী | আপোনালোকে বাৰু এই দুটাৰ ভিতৰত কোনটো সত্য বুলি ভাৱে ? কিয়নো জনসংখ্যা যে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে সেয়া জানো আপোনালোকে অস্বীকাৰ কৰিব পাৰে ?

খিলঞ্জীয়া জনসাধাৰণৰ মনত অস্তিত্বৰ প্ৰতি ভাবুকি অহাৰ ভয়, সন্দেহ আৰু ক্ৰোধৰ উত্‍পত্তি ঘটাবলৈ উক্ত পৰিসংখ্যাসমূহেই যথেষ্ট নহয়নে ? এই কথাবোৰ আপোনাসৱে জানিও মনে মনে থকাটো উচিত হৈছেনে ? জাতীয় স্বাৰ্থত আৰু জনগোষ্ঠীসমূহৰ সমন্বয়ৰ স্বাৰ্থত ‘অনুপ্ৰৱেশকাৰী’ বা বৰ্ধিত জনসংখ্যাৰ ওপৰত আপোনাসৱে মাত মতাৰ সময় হোৱা নাইনে বাৰু !

জনসংখ্যা বৃদ্ধিয়ে আপোনাসৱক কোন দিশত লাভৱান কৰিছে ? লাভৱান যদি হৈছে তেন্তে আপোনাসৱক লৈ ৰাজনীতি কৰা নেতাবোৰহে হৈছে | দুখীয়া পৰিয়ালসমূহৰ মাজত পৰিয়াল পৰিকল্পনা কৰাৰ কথা আপোনাসৱক কোনোবাই কৈছেনে ? আপোনালোকে পৰিয়াল পৰিকল্পনা কৰিবলৈ ল’লে, সন্তান জন্মৰ সংখ্যা হ্ৰাস পালে কাৰোবাৰ সান্দহ খোৱা বালি তল নাযাব জানো ? সেই ভয়ত তেওলোকে সেইটো নকৰে | দুখৰ কথা আন আন সামাজিক দল-সংগঠনেও আপোনালোকক এনে ধৰণৰ দিহা-পৰামৰ্শ দিয়া চকুত নপৰে | পৰিয়ালৰ সদস্য সংখ্যা বৃদ্ধিয়ে আপোনাসৱক অধিক দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিছে | অনগ্ৰসৰতাই আপোনাসৱক আগুৰি ধৰিছে | শিশুবোৰে শ্ৰম কৰিবলৈ বাধ্য হৈছে, বঞ্চিত হৈছে আধুনিক পৃথিৱীৰ সকলো সা-সুবিধা আৰু শিক্ষাৰ পোহৰৰ পৰা | এনেবোৰ কথাই আপোনাসৱক আমনি কৰা নাইনে কেতিয়াও ?

প্ৰিয় ভাইসকল, জনসংখ্যা বৃদ্ধিয়েই আপোনাসৱৰ লগত আন জনগোষ্ঠীৰ সংঘাতৰ একমাত্ৰ কাৰণ | এই কথাষাৰ যিমান সোনকালে হৃদয়ংগম কৰিব সিমানে জাতিটোৰ বাবে মংগল |

শেষত মই আপোনালোকৰ মাজত থাকি সামাজিক নেতৃত্ব লোৱা চামটোক এটা বিশেষ অনুৰোধ কৰিব খোজো | দেশে স্বাধীনতা পোৱাৰ পাছত যেতিয়া লোকপিয়ল হৈছিল তেতিয়া এই সামাজিক নেতাসকলৰ কথামতে আপোনালোক সকলোৱে অসমীয়া ভাষাটো আপোন মাতৃভাষা কৰি লৈছিল | আজি গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ তথাকথিত মূলসুতিৰ ল’ৰা-ছোৱালীতকৈ আপোনালোকৰ ল’ৰা-ছোৱালীয়ে অসমীয়া ভাষাটো বেছি অধ্যয়ন কৰে | আজি যেতিয়া অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী স্কুললৈ দৌৰাইছে, আপোনালোকে নিজৰ ল’ৰা-ছোৱালীক অসমীয়া স্কুললৈ পঠিয়াই অসমীয়া শিক্ষাৰ মাধ্যম হিচাপে জীয়াই ৰাখিছে | এটা কথা বহুত নিৰপেক্ষ বিশ্লেষকে স্বীকাৰ কৰিব যে গুৱাহাটী আৰু বিভিন্ন চহৰৰ ল’ৰা-ছোৱালীতকৈ চৰ-চাপৰিৰ ল’ৰা-ছোৱালীয়ে বেছি ভাল অসমীয়া লিখে | 

তেনেস্থলত মোৰ মনত এটা প্ৰশ্নৰ উদয় হয়, আপোনালোকৰ সামাজিক নেতৃত্বই আপোনালোকক পৰিয়াল পৰিকল্পনা কৰিবলৈ উপদেশ দিলে আপোনালোকে নামানিব জানো ? যি হ’ল তাক আৰু ৰোধ কৰিব নোৱাৰি, কিন্তু আজিৰ জনগাথনিৰ যিখন ছবি সিয়েই ভয়াবহ আৰু চিন্তনীয়, ইয়াক এতিয়াতে নিয়ন্ত্ৰণ নকৰি সি যদি আৰু ভয়াবহ ৰূপ লয়, তেন্তে সংঘাতৰ অৱসান ঘটিব বুলি আশা কৰিব নোৱাৰি |

অসমৰ উন্নতি হ’বলৈ হ’লে সকলো জাতি, জনগোষ্ঠী সকলোৰে উন্নতি হ’ব লাগিব | আমি দুজনমান চহৰকেন্দ্ৰিক উচ্চ বৰ্ণহিন্দু পৰিয়ালৰ উন্নতি হ’লেই নহ’ব | গতিকে সমূহীয়া স্বাৰ্থত আমি আপোনালোকৰ মংগল কামনা কৰো আৰু আশা কৰো আপোনালোকেও আজিৰ ভয়াবহ পৰিস্থিতিলৈ চাই সঠিক পদক্ষেপ ল’ব, ইয়াতেই সকলোৰে মংগল | ইতি, শ্ৰদ্ধাৰে ..         

No comments:

Post a Comment