This article was published in Asomiya Pratidin on 13 March, 2013
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাচত যিখন মানচিত্ৰ আমি পালো, তাত এনে বহু অঞ্চল সোমাই আছে যিবোৰ একালত সুকীয়া স্বাধীন দেশ হৈ আছিল | মগধ, কলিংগ, প্ৰাগজ্যোতিষপুৰ আদি দেশবোৰৰ নাম আৰু মানচিত্ৰ এসময়ত সলনি হৈছিল যদিও ক্ষেত্ৰীয় স্বাধীনতাৰ ধাৰনা এটা মানুহৰ মাজত যুগ যুগ ধৰি জীপাল হৈ আছিল | মোগলৰ হাতত ভাৰতবৰ্ষ পৰাধীন হোৱাৰ পাচতো বহু ঠাইত এনে ক্ষেত্ৰীয় শক্তিৰ প্ৰভূত্ব চলিয়েই আছিল | মাৰাঠা ৰাজ্য, মেৱাৰ, অসম আদি ঠাইবোৰ আছিল ইয়াৰ উদাহৰন | ইংৰাজে ভাৰতবৰ্ষ অধিকাৰ কৰাৰ পাচতো এনে ক্ষেত্ৰসমূহত স্বাধীনতাৰ আকাংক্ষা কমা নাছিল | কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামে সকলো প্ৰান্তৰ মানুহৰ মাজত এক আশ্চৰ্য্যকৰ ঐক্য স্থাপন কৰিছিল ; যাৰ ফলত ভাৰতবৰ্ষৰ মানুহৰ সিংহভাগেই মানসিকভাবে এক হৈছিল | এনে ঐক্যৰ বাবেই ভাৰতৰ মানুহে দেশ বিভাজনৰ সিদ্ধান্তক সহজে মানি লব পৰা নাছিল | আনহাতে এসময়ৰ স্বাধীন এলেকা সমূহত ইংৰাজৰ বিপক্ষে মূৰ দাঙি উঠা বিভিন্ন বিদ্ৰোহ সমূহ হৈ সমূহীয়া স্বাধীনতা সংগ্ৰামত পৰিণত হৈছিল | এই প্ৰক্ৰিয়া চিপাহী বিদ্ৰোহতে আৰম্ভ হৈছিল আৰু বাল গংগাধৰ তিলকৰ পাচত নেতাজী সুভাষ আৰু মোহন দাস কৰমচাদ গান্ধীৰ নেতৃত্বৰ আন্দোলনৰ মাধ্যমেৰে ঐক্যবদ্ধ সংগ্ৰামৰ যোগেদি সকলো স্বাধীনতা পিপাসীয়ে ইংৰাজৰ বিপক্ষে যুজ দিছিল |
বৃটিছে অৱশেষত আমাৰ দেশ এৰিছিল আৰু দেশ বিভাজনৰ পাচত ভাৰতবৰ্ষৰ শাসনৰ বাঘজৰী কংগ্ৰেছ দলটোৱে লৈছিল | কিন্তু বৃটিছে দেশত্যাগ কৰাৰ সময়তে বিভিন্ন প্ৰান্তত কিছুলোকে পুনৰ নিজৰ পূৰ্বৰ ক্ষুদ্ৰ স্বাধীন দেশখনৰ কথা সুৱৰি ভাৰতৰ পৰা বিচ্ছিন্ন হোৱাৰ কথা চিন্তা নকৰাকৈ থকা নাছিল | বিভিন্ন কাৰনৰ বাবে এনে ‘প্ৰচেষ্টা’ সফল হোৱা নাছিল আৰু বিচ্ছিন্নতাবাদৰ চিন্তা তেনেবোৰ ঠাইত জনগনৰ মাজত ভালদৰে শিপাব পৰা নাছিল | তথাপি ‘আঞ্চলিক চিন্তা’ত যতি পৰা নাছিল | স্বাধীনতাৰ পাচৰ কালত ভাৰতবৰ্ষত এই আঞ্চলিকতাবাদ মাত্ৰ কিছুমান নিৰ্দিষ্ট এলেকাতহে সীমাবদ্ধ হৈ আছিল | এনে আঞ্চলিকতাবাদৰ বৌদ্ধিক তত্ব কিছুমান ইংৰাজৰ প্ৰৰোচনাতে তৈয়াৰ হৈছিল যদিও ইয়াৰ বাস্তবতা আৰু গুৰুত্বক একেকোবে নাকচ কৰিব নোৱাৰি | কিন্তু আঞ্চলিকতাবাদ আৰু বিচ্ছিন্নতাবাদ একেশাৰীত ৰাখিব নোৱাৰি | ইয়াৰ উদাহৰন হ’ল ডি এম কে (দ্ৰাবিড় মুন্নেত্ৰা কাজগম) দল | ১৯৬২ চনৰ চীনা আক্ৰমনৰ পাচতে এই দলটোৱে বিচ্ছিন্নতাবাদৰ দাবী পৰিহাৰ কৰিছিল | কিন্তু আঞ্চলিকতাবাদত পুৰামাত্ৰাই বিশ্বাসী হৈয়েই আছিল আৰু এতিয়াও আছে | ষ্ট্ৰেটজিক কাৰন আৰু দেশখনৰ সাংস্কৃতিক একতাৰ বাবেই জনসাধাৰনৰ বাবে বিচ্ছিন্নতাবাদ সম্পূৰ্ণৰূপে গ্ৰহনযোগ্য নহয় |
বিচ্ছিন্নতাবাদৰ শাম কাটিলেও আঞ্চলিকতাবাদৰ ব্যাপকতা আজিও কমা নাই | অবশ্যে আজিৰ তাৰিখত এই আঞ্চলিকতাবাদৰ ধাৰনাৰ পৰিবৰ্তন ঘটিছে | কিন্তু যি ধৰনেৰেই নহওক বা যি ধাৰনাৰেই নহওক কিয় আজিও ভাৰতৰ বহু অঞ্চলত দৰাচলতে আঞ্চলিক শক্তিয়েই দপদপাই আছে | কিয় ? আঞ্চলিকতাবাদৰ কাৰন বহুতো ; কিন্তু মই আজি ইয়াত এটা বিশেষ কাৰনৰ কথাহে উনুকিয়াব খুজিছো | এই কাৰনটো হ’ল দেশখনত বহুদিনলৈকে এটা সুস্থিৰ আৰু শক্তিশালী বিৰোধী দল নথকাতো | আমাৰ দেশখন দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলেই শাসন কৰি আহিছিল আৰু নব্বৈৰ দশকৰ আগলৈকে ভাৰতবৰ্ষত দেশব্যাপী থকা এটাও শক্তিশালী আৰু সুস্থিৰ বিৰোধী দল নাছিল | ৭৭ চনৰ জনতা দলৰ ঢৌ শক্তিশালী আছিল যদিও সুস্থিৰ নাছিল | কমিউনিষ্ট সকলৰ প্ৰভাব দেশৰ সৰ্বব্যাপী নাছিল আৰু ভাৰতীয় জনগনে কমিউনিষ্টৰ দেশপ্ৰেমক সন্দেহৰ চকুৰে চাইছিল | প্ৰজা চচিয়েলিষ্ট, জনসংঘ আদি দলবোৰ শক্তিশালী নাছিল | গতিকে দেশখনৰ বিভিন্ন প্ৰান্তৰ জনগনৰ ক্ষোভক প্ৰতিনিধিত্ব কৰিব পৰা শক্তিশালী বিৰোধী দল নাছিল বুলিব পাৰি | এনেক্ষেত্ৰত ভাৰতবৰ্ষৰ মানুহৰ কংগ্ৰেছ দলৰ প্ৰতি সৃষ্টি হোৱা ক্ষোভক বহুতে ভাৰতৰ বিপক্ষে হোৱা ক্ষোভ বুলি ভাবিছিল | তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আদি ঠাইত আঞ্চলিকতাবাদী দলৰ জন্মৰ কাৰন হ’ল কংগ্ৰেছ দলৰ কুশাসন | আনকি জ্যোতি বসুৰ নেতৃত্বত বংগৰ বামপন্থী চৰকাৰখনেও আঞ্চলিক দলৰ চৰকাৰৰ দৰেই আচৰন কৰিছিল | আজিৰ বিহাৰৰ নিতীশ কুমাৰ, বংগৰ মমতা বেনাৰ্জী, উড়িষ্যাৰ নবীন পটনায়ক আদি নেতাৰ দলবোৰ জানো আঞ্চলিক দলৰ লেখীয়া নহয় ? তেওলোকৰ কামকাজো আঞ্চলিকতাবাদী নেতাৰ লেখীয়াই | মাত্ৰ তেওলোকে নিজৰ দক্ষতাৰ বাবেই ৰাষ্ট্ৰীয় বিষয়সমূহত মৰ্যদা সহকাৰে ভাগ লব পাৰিছে |
এতিয়া যদি আমি অসমৰ প্ৰসংগলৈ আহো, তেন্তে দেখিম যে অসমৰ জনগনৰ কেন্দ্ৰৰ প্ৰতি যি ক্ষোভ সেয়া আছিল কংগ্ৰেছ দলৰ প্ৰতি থকা ক্ষোভ | অসমৰ জনগনৰ অনগ্ৰসৰতাৰ দিশটোক কংগ্ৰেছৰ নেতাসকলে উপলুঙা কৰিছিল | দেৱকান্ত বৰুৱাৰ দৰে কংগ্ৰেছী নেতাই ‘এখন পকেটত আলী আৰু আনখন পকেটত কুলি’ লৈ অসমত কংগ্ৰেছ দলক থিয় কৰি ৰাখিব পাৰিম বুলি কোৱা কথাই অকল সেই দুই জনগোষ্ঠীকে অপমান কৰা নাছিল, সমগ্ৰ অসমবাসীকেই অপমান কৰিছিল | বিদেশী নাগৰিকে খিলঞ্জীয়া লোকক যিদৰে গ্ৰাস কৰি আহিছিল তাৰ প্ৰতি কংগ্ৰেছ দলটো সম্পূৰ্ণ উদাসীন আছিল আৰু আজিও উদাসীন হৈয়েই আছে | অসমৰ মানুহৰ দিল্লীৰ প্ৰতি ক্ষোভ এই কাৰনেই আছিল যে দিল্লীৰ নেতাসকলে অসমবাসীৰ কথাৰ প্ৰতি অলপো মনোযোগ দিয়া নাছিল | অসম আন্দোলন যেতিয়া আৰম্ভ হৈছিল তেতিয়া এই আন্দোলন কংগ্ৰেছ দলটোৰ নেতাই কঠোৰভাবে দমন কৰিছিল | বামপন্থী সৰ্বভাৰতীয় নেতাই অসম আন্দোলনক ‘পিকনিক’ বুলি উপলুঙা কৰিছিল | অথচ সেই সময়তো অটল বিহাৰী বাজপেয়ীৰ দৰে নেতাই অসমলৈ আহি আন্দোলনকাৰীসকলৰ কাষত থিয় দিছিল | কিন্তু তেতিয়া বাজপেয়ীৰ দলটোৰ শক্তি আছিল খুবেই কম | পাচলৈ ৮৪ চনৰ লোকসভা নিৰ্বাচনত মাত্ৰ দুখন আসন দখল কৰিবলৈ সক্ষম দলটোৰ কথা কেন্দ্ৰত কোনে শুনিব বাৰু ? গতিকে বাজপেয়ীৰ দৰে নেতাৰ কথা ইন্দিৰা গান্ধীৰ দৰে নেত্ৰীয়ে অবজ্ঞা কৰিছিল | সেইবাবেই অসমৰ আন্দোলনকাৰী সকলক বিজেপি দলটোৱে দি অহা নৈতিক সমৰ্থন আৰু সহযোগীতাৰ কথাবোৰ দৃষ্টিগোচৰ নোহোৱাকৈয়ে ৰৈ গৈছিল | ইয়াৰ পৰাই প্ৰতীয়মান হয় যে দিল্লীত থকা সকলো নেতাই অসমৰ প্ৰতি অবজ্ঞাৰ দৃষ্টিৰে চোৱা নাছিল | ভি পি সিঙৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত অসমক ঋনৰ নব্বৈ শতাংশ অনুদান হিচাপে দিবলৈ লোৱা সিদ্ধান্ত, বাজপেয়ী চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে সুকীয়া ‘ডনাৰ’ মন্ত্ৰালয় গঠন কৰা কথাই প্ৰমান কৰে যে অসমৰ প্ৰতি কংগ্ৰেছী দৃষ্টিকোন আৰু অকংগ্ৰেছী দৃষ্টিকোনৰ বৃহত্ পাৰ্থক্য আছে | গতিকে আমি কব পাৰো যে আঞ্চলিকতাবাদী সকলৰ প্ৰতি অকংগ্ৰেছী ৰাষ্ট্ৰীয় নেতৃবৰ্গ সহমৰ্মী আছিল |
ঠেকগণ্ডীৰ আঞ্চলিকতাবাদ আজি অপ্ৰাসংগিক | আজিৰ তাৰিখত অসমৰ লৰা-ছোৱালীয়ে বাঙ্গালোৰ, দিল্লী, মুম্বাইলৈ পঢ়িবলৈ গৈছে | চাকৰিৰ সন্ধানত হায়দৰাবাদ, চেন্নাই, বাঙ্গালোৰলৈ ঢাপলি মেলিছে | তাৰ পাচতো অসমৰ জনসাধাৰনে শামুকৰ দৰে খোলাৰ ভিতৰতে সোমাই থাকিব খোজা কোনো মতবাদ খামুচি থাকিবনে ? অসমৰ সকলো আঞ্চলিক দলেই মানি লব যে অসমৰ যুবক-যুবতীসকল আজি ৰাষ্ট্ৰমুখী হৈছে, বিশ্বমুখী হৈছে | এনেস্থলত আঞ্চলিক দলে অসমৰ বাহিৰৰ সকলো মানুহকে সন্দেহ কৰা বা সকলো ৰাষ্ট্ৰীয় দলকেই শত্ৰু বুলি ভবাটো শুদ্ধ হব নোৱাৰে | বি পি এফ দলে প্ৰথমতেই এই সত্য অনুধাবন কৰিব পাৰিছিল আৰু নিজৰ স্থিতি ৰক্ষাৰ বাবে সুযোগ অনুসৰি বিজেপি বা কংগ্ৰেছৰ লগত মিত্ৰতা গঢ়িছিল | কিন্তু এটা কথা ঠিক যে অসম গন পৰিষদ দলে বি পি এফৰ স্থিতি লব নোৱাৰে | অগপ দলে কংগ্ৰেছ দলৰ লগত মিত্ৰতা গঢ়িব নোৱাৰে | অগপৰ বাবে পথ খোলা আছিল কমিউনিষ্ট (তৃতীয় মৰ্চা অদৃশ্য হোৱাৰ পাচত) বা বিজেপিৰ লগত মিত্ৰতা কৰা নতুবা অকলশৰীয়াকৈ যুজি যোৱা | এসময়ত বামপন্থীৰ লগতো অগপই মিত্ৰতা কৰিছিল আৰু এটা সময়ত বিজেপিৰ লগতো মিত্ৰতা কৰিছিল | আজি অগপ দল অকলশৰীয়াভাবে আছে | কিন্তু কিমানদিনলৈ অকলশৰীয়াকৈ যুজি যাব ? প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অগপ দলৰ যি জন-আধাৰ, তাৰ সৈতে বিজেপিৰ জন-আধাৰৰ সাদৃশ্য আছে | লাহে-লাহে অগপৰ জন-আধাৰ বিজেপিৰ পক্ষলৈ আহি আছে | ফলস্বৰূপে অগপৰ ৮৫ চনৰ জন-আধাৰ প্ৰায় আধা হৈ পৰিছে | ক্ৰমে ক্ৰমে এই জন-আধাৰ সৰু হৈ আহিব ধৰিছে | এনে পৰিস্থিতিত অগপ দলে কি কৰিব ? কি স্থিতি লব ? বিজেপি দলেনো কি কৰা উচিত ?
গণতন্ত্ৰত বিজয়ী হয় সংখ্যাগৰিষ্ঠতাৰ জোৰত | অগপ দলে এতিয়াও ভাবে নেকি যে বিজেপিৰ কাষত থকা জন-আধাৰক অবজ্ঞা কৰি অগপ আকৌ ৮৫ চনৰ দৰে শক্তিশালী হব পাৰিব ? নে অগপ দলে মূল লক্ষ্য আৰু আদৰ্শ ত্যাগ কৰি ক্ষমতাৰ স্বাৰ্থত এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰি পুনৰ শাসনলৈ আহিব পাৰিব ? অগপৰ নেতাসকল যিমানেই এ আই ইউ ডি এফৰ ওচৰ চাপিব সিমানেই অগপৰ মানুহ আহি বিজেপিৰ ওচৰ পাব | বিজেপিয়ে আগ্ৰাসী মনোবৃত্তি নললেও এই ঘটনা ঘটিবই | ফলস্বৰূপে দল দুটাৰ মাজত মিত্ৰতাৰ সলনি শত্ৰুতা বাঢ়িব | ইয়াৰ ফলত পোনপটীয়াভাবে লাভাম্বিত হব কংগ্ৰেছ দল | দুই বিৰোধী দলৰ বিৰোধ হোৱা মানেই কংগ্ৰেছৰ নিশ্চিত বিজয় |
অগপ আৰু বিজেপিৰ সাম্ভাব্য মিত্ৰতাৰ প্ৰসংগটো অনুধাবন কৰাৰ বাবে আমি মহাৰাষ্ট্ৰৰ শিৱ-সেনা আৰু বিজেপিৰ মিত্ৰতাক উদাহৰন হিচাপে লব পাৰো | মহাৰাষ্ট্ৰতো দুই দলৰে জন-আধাৰৰ সাদৃশ্য আছে | কিন্তু শিৱ-সেনা আৰু বিজেপিৰ আদৰ্শগত বিৰোধ যিমান আছে, অগপ আৰু বিজেপিৰ মাজত সিমান বিৰোধ নাই | দুয়োটা দলেই কংগ্ৰেছ বিৰোধী | দুয়োটা দলেই খিলঞ্জীয়াৰ অধিকাৰৰ হকে বদ্ধ-পৰিকৰ | দুয়োটা দলেই বিদেশী বহিস্কাৰ হোৱাটো বিচাৰে | বাকী যিবোৰ বিৰোধ আছে, সেইবোৰৰ আকাৰ বৃহত্ নহয় আৰু আলোচনাৰ দ্বাৰা তেনে বিৰোধ আতৰ কৰিব পৰা বিধৰ | কিন্তু তত্সত্বেও দুইটা দলেই যোৱা বিধানসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনত একক ভাবে যুজি পৰাজয় বৰন কৰিলে | ইয়াৰ পাচতো দুইটা দলৰ শিকিবলগীয়া একোৱেই নাইনে ?
মই অগপ দলৰ কথাবোৰ মুকলিকৈ কৈছো, কাৰন বিজেপিৰ ফালৰ কথাবোৰ মই দলৰ মজিয়াতো কব পাৰো | বিজেপি দলৰ বহু নেতাই ভাবে যে অগপৰ সৈতে মিত্ৰতা হলে দলটোৰ সাংগঠনিক বিকাশ কমকৈ হয় | কথাষাৰৰ যুক্তিযুক্ততাও উলাই কৰিব নোৱাৰি | কিন্তু এই ক্ষেত্ৰত এটা কথা ঠিক যে সকলো দলৰে বিকাশৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আচনি থাকে | মিত্ৰতাই দুয়োবিধ পৰিকল্পনা বা আচনিকে ত্বৰান্বিত কৰাও দেখা যায় | ইয়াৰ উদাহৰন হ’ল পঞ্জাব, বিহাৰ | মই আগতেই কৈছো যে সমগ্ৰ ভাৰতবৰ্ষতে আজি এনে ধৰনৰ মিত্ৰতাৰ বিকল্প নাই | কাৰন মই আজিয়েই অগপ দলটোক বিজেপি দলটোত বিলয় হবলৈ আহ্বান জনাব নোৱাৰো | কাৰন অগপৰ তৃণমূল কৰ্মীসকলো দেশপ্ৰেমী আৰু অসমপ্ৰেমী | দলটোৰ মাত্ৰ কেইগৰাকীমান নেতাক আঙুলিয়াই আমি অসমৰ এই ৰাজনৈতিক দলটোক উলাই কৰিব নোৱাৰো | কিন্তু অগপ আৰু বিজেপিৰ মিত্ৰতা মানেই বিৰোধী ঐক্য নেকি ? এইটো সত্য যে আজিৰ তাৰিখত অসমৰ খিলঞ্জীয়া জনসাধাৰনৰ সুৰক্ষাৰ বাবে এই মিত্ৰতাই হব বিৰোধী ঐক্যৰ প্ৰাথমিক ঢাপ | ইয়াৰ পৰবৰ্তী লক্ষ্য হব পাৰে জনজাতীয় ৰাজনৈতিক দলসমূহ | কিন্তু এই ঐক্যৰ বাটত অন্তৰায়নো কি ?
একাংশ নেতাৰ সিদ্ধান্ত গ্ৰহনৰ ক্ষেত্ৰত সাহস আৰু পৰিপক্কতাৰ অভাবৰ বাবেই এই ঐক্য স্থাপন হৈয়ো বাৰে বাৰে ভাঙি যায় | কংগ্ৰেছৰ কুটিল চক্ৰান্ত আৰু কংগ্ৰেছৰ হৈ কাম কৰা একাংশ বুদ্ধিজীবিৰ শলা পৰামৰ্শৰ বাবেও এই মিত্ৰতা অস্থায়ী হয়গৈ | বহুতো নেতাই বাতৰি কাকত পঢ়িহে ৰাজনৈতিক মাৰ্গ দৰ্শনৰ পাঠ লয় | বিজেপিক মুছলমান বিৰোধী, সাম্প্ৰদায়িক বুলি অপপ্ৰচাৰ চলোৱা সকলে কেতিয়াও নকয় যে কেৰেলাত কংগ্ৰেছ দলে ‘মুছলিম’লীগৰ দৰে দলৰ সৈতে মিত্ৰতা কৰিও কিদৰে ধৰ্মনিৰপেক্ষ হৈ থাকিব পাৰে | ফাৰুক আব্দুলাৰ দৰে নেতায়ো এসময়ত বিজেপিৰ সতে মিত্ৰতা কৰিছিল | পি এ চাংমাৰ দৰে খৃষ্টধৰ্মী নেতাই বিজেপিৰ সৈতে আজি জোট-বন্ধন কৰিছে | এনে স্থলত অগপৰ বাবে বিজেপি অসুচি হবনো কিয় ? একাংশ তথাকথিত বামপন্থী বুদ্ধিজীবিৰ (যাক কংগ্ৰেছে স্পনচৰ কৰে) শক্তিশালী অপপ্ৰচাৰে আজিও বিভ্ৰান্ত কৰে একাংশ বিৰোধী অবিজেপি নেতাক | এনে বিভ্ৰান্তি কেতিয়া আতৰিব ? অসমৰ বিৰোধী পক্ষই কেতিয়া জোট বান্ধিব ? নে কোনো নেতাৰ ব্যক্তিগত উচ্চাকাঙ্খা আৰু স্বাৰ্থৰ বাবেই ৰাজ্যখনৰ খিলঞ্জীয়া মানুহখিনি লাহে লাহে সংখ্যালঘু হৈ গৈ থাকিব ? অসমৰ খিলঞ্জীয়া জনগনে বি পি এল হোৱাৰ প্ৰতিযোগীতাত ভাগ লৈ নিজকে ধন্য মানিব নেকি ? জব কাৰ্ড আৰু ইন্দিৰা আবাস যোজনাৰ ঘৰেই আমাৰ ভবিষ্যতৰ সোপান আৰু সপোন নেকি ?
আঞ্চলিকতাবাদী নেতাসকলে তৰুন কবিয়ে ভবাৰ দৰেই ভাবিছে নেকি ‘অকলে আছো, কুশলে আছো’| মনত ৰাখিব অসমৰ মানুহৰ এতিয়া একো কুশল হোৱা নাই | কংগ্ৰেছৰ এই শাসন আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ মাজত একো পাৰ্থক্য নাই | এসময়ত আফিং সেৱন কৰি থকা মানুহেও ইংৰাজৰ জয়গান গাইছিল | আজিও এচামে কংগ্ৰেছৰ জয়গান গাইছে | এই জয়গানৰ ভোৰতালৰ শব্দতো বিৰোধী নেতাসকল শুয়ে আছে .. |
______________________________________________________________________________________
No comments:
Post a Comment