Wednesday, 14 August 2013

নেতৃত্বহীনতাই সমস্যাৰ মূল

This article was published in Basundhara, the Assamese supplement of Dainik Janambhumi on 23 June, 2013.

যোৱা বছৰৰ শেষৰ তিনিটামাহ মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল | বৃটিছ চৰকাৰে আগবঢ়োৱা এটা স্কলাৰশ্বিপ লৈ মই উক্ত তিনিমাহ প্ৰখ্যাত ‘লণ্ডন স্কুল অব ইক’নমিক্স’ত অধ্যয়ন কৰাৰ সুযোগ পাইছিলো | আমি মুঠ ১২ জন ভাৰতীয় আছিলো আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ময়েই আছিলো একমাত্ৰ প্ৰতিনিধি | আমি যিটো বিষয় অধ্যয়ন কৰিছিলো সেয়া আছিল - লীডাৰশ্বিপ অৰ্থাত্‍ নেতৃত্ব |

আমাৰ সাধাৰণ মানুহে নেতৃত্ব বুলি কলে কেৱল ৰাজনৈতিক ক্ষেত্ৰখনত নেতৃত্ব দিয়া লোককহে বুজে | নেতা বুলি কলে সাধাৰন মানুহৰ চকুত হয়তো বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ ছবিহে ভাহি উঠে | কিন্তু সামগ্ৰীক ভাৱে সমাজ এখন নিৰ্মান হয় বিভিন্নটা ক্ষেত্ৰৰ সমষ্টিৰে | শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক, অৰ্থনৈতিক, সামাজিক বা আধ্যাত্মিক আদি প্ৰতিটো ক্ষেত্ৰৰ সমষ্টিয়ে এখন সমাজ বা এটা জাতিৰ শক্তিশালী বুনিয়াদ | কিন্তু ইয়াৰ প্ৰতিটো ক্ষেত্ৰতে যদি একোজন সবল নেতা বা নেতৃত্ব দিব পৰা ব্যক্তি নাথাকে, তেন্তে সামগ্ৰীক ভাৱে সেই জাতি বা সমাজখনক শক্তিশালী বুলি কব পৰা নাযায় | ৰাজনৈতিক নেতৃত্ব হৈছে সমাজ এখনৰ বিভিন্নটা ক্ষেত্ৰৰ মাজৰ এটা অংশ মাত্ৰ | ৰাজনৈতিক নেতাই সমাজৰ সৰ্বে-সৰ্বা নহয় |

স্বাধীনতাৰ ৬০ বছৰ পাৰ হৈ যোৱাৰ পাচতো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল অনগ্ৰসৰ হৈ থকাৰ বাবে মই যিটো বস্তুৰ আটাইতকৈ অভাৱ বুলি অনুভৱ কৰো, সেয়া হৈছে - নেতৃত্ব | আন্তঃৰাষ্ট্ৰীয় স্তৰত নালাগে, ৰাষ্ট্ৰীয় স্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ প্ৰতিটো স্তৰতে যেন সবল নেতৃত্বৰ অভাৱ বাৰুকৈয়ে প্ৰতিফলিত হৈছে | 

স্বাধীনতাৰ পাচৰে পৰা উত্তৰ-পূৰ্বাঞ্চল বিদ্ৰোহীৰ ৰম্যভূমিত পৰিণত হৈছে | ইয়াৰ বাবে জানো দূৰদৰ্শী আৰু দক্ষ  ৰাজনৈতিক নেতৃত্বৰ অভাৱেই মূল কাৰন নহয় ? প্ৰাকৃতিক সম্পদত চহকী হৈও উত্তৰ-পূৰ্বাঞ্চল দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত লেখত-লবলগীয়া শক্তি হৈ উঠা নাই, কাৰণ ব্যৱসায়িক জগতত নেতৃত্বহীনতা | জনজাতীয় সমাজৰ অধিক্য, পৰম্পৰাগত জীৱন-প্ৰণালী তথা ধৰ্মীয় অনুশাসন মানি চলাৰ পাচতো উত্তৰ-পূৰ্বাঞ্চলত এইডছ তথা যৌন সংক্ৰমনজনিত ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বেছি | এয়া হয়তো নৈতিক বা আধ্যাত্মিক নেতৃত্বহীনতাৰে ফল | ভাৰতবৰ্ষৰ আঞ্চলিক ছবিৰ জগতত উত্তৰ-পূৰ্বাঞ্চল নিশকতীয়া | অসমীয়া ছবিকে ধৰি আন আন ছবি উদ্যোগবোৰ কেলঢোপ কেলঢোপকৈ জীয়াই আছে, একমাত্ৰ কলাজগতত দক্ষ নেতৃত্ব নোহোৱাৰ বাবে | পৰিসংখ্যা চাবলৈ গ’লে দেশৰ আন প্ৰদেশৰ তুলনাত সাহিত্যৰ ক্ষেত্ৰতো লেখত-লবলগীয়া নহয় উত্তৰ-পূৰ্বাঞ্চল | অবহেলিত বা আমাক মাহী আইৰ চকুৰে চোৱা .. ইত্যাদি বহুত কথাই আমি কব পাৰো বা কও, কিন্তু বাস্তব সত্য হ’ল এয়াই যে আমাৰ প্ৰতিটো স্তৰতে সবল নেতৃত্ব দিব পৰা লোকৰ অভাৱ |     

কিন্তু এয়াও ঠিক যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা আৰু সংবিধানে আন আন ক্ষেত্ৰতকৈ ৰাজনৈতিক নেতৃত্বৰ হাততে সৰ্বাধিক ক্ষমতা আৰু অধিকাৰ প্ৰদান কৰিছে | গতিকে উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্তমান আৰু ভবিষ্যত্‍ ৰাজনৈতিক নেতৃত্বৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰা বুলি ক’লেও সম্ভৱ ভুল কোৱা নহব | সংবিধান-প্ৰদত্ত অধিকাৰ আৰু ক্ষমতাৰে এজন ৰাজনৈতিক নেতাই সমগ্ৰ জাতিটোলৈ বৈপ্লবিক পৰিবৰ্তন কঢ়িয়াই আনিব পাৰে | কেন্দ্ৰত সবল বক্তব্য, যুক্তি আৰু শক্তিশালী উপস্থাপনেৰে ৰাষ্ট্ৰৰ দৃষ্টি আকৰ্ষন কৰি সকলো ধৰনৰ সমস্যা সমাধানৰ পথ প্ৰশস্থ কৰিব পাৰে | জনগনে এই নেতৃত্বৰ মোল বুজি পায়, সেইবাবেই তেওলোকে তেওলোকৰ ক্ষমতা প্ৰয়োগ কৰে নিৰ্বাচনত | কিন্তু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে এয়া দূৰ্ভাগ্য যে জনগনৰ প্ৰত্যাশা পূৰণ কৰাত নেতৃত্ব সদায় ব্যৰ্থ |

লোকসভাত ৰাজ্যসমূহৰ পৰা যোৱা প্ৰতিনিধিৰ সংখ্যা যদি চাও তেন্তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্থান সন্তোষজনক | লোকসভাৰ মজিয়াত পঞ্জাৱৰ সদস্য সংখ্যা ১৩, হাৰিয়ানা ১০,দিল্লী ৭, উত্তৰাখণ্ড ৪ আৰু গোৱাৰ ২ | আনহাতে অসমৰ সংখ্যা এইক্ষেত্ৰত ১৪, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসভাৰ প্ৰতিনিধি সংখ্যা হ’ল ২৫ |  কিন্তু তত্‍সত্বেও অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিনিধিৰ কণ্ঠস্বৰ কেন্দ্ৰৰ ওচৰত দুৰ্বল | ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ ওচৰত তেওলোকৰ ভূমিকা পূতৌজনক |

বহুতে কব খোজে যে আমাৰ ৰাজনৈতিক নেতৃত্ব বিফল হোৱাৰ এটা প্ৰধান কাৰন - ভাষিক সমস্যা | কেন্দ্ৰৰ হিন্দীমূলীয় পৰিবেশত আমাৰ নেতৃত্বই সঠিকভাৱে আৰু স্পষ্টকৈ আমাৰ সমস্যাসমূহ উপস্থাপন কৰাত ব্যৰ্থ হয় | গুৰুত্বপূৰ্ণ আলোচনাত আমাৰ নেতৃত্বই ভাগ লব নোৱাৰে ভাষাৰ ক্ষেত্ৰত থকা দুৰ্বলতাৰ বাবে | আনহাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যিহেতু ইংৰাজী ভাষাই প্ৰধান সংযোগী ভাষা হৈ উঠিছে, তেনেস্থলত আমাৰ নেতৃবৰ্গৰ আধাকেচেলুৱা ইংৰাজীয়ে লজ্জিত কৰিব বুলি থকা ধাৰনাৰ বাবেও হেনো বহুতো নেতা পিচ-হুহকি আহে | ভাষাৰ সমস্যাৰ বাবে আমাৰ সমস্যাবোৰ ৰাষ্ট্ৰীয় স্তৰত প্ৰতিফলিত নহয় বা হ’লেও সেয়া সিমীত | মাত্ৰ তিনিটা উদাহৰনেৰে ওপৰোক্ত কথাবোৰ যে শুদ্ধ নহয় সেয়া কব বিচাৰিছো | প্ৰাক্তন কংগ্ৰেছ নেতা কামৰাজ (১৯০৩-৭৫) হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে আছিল অতি দুৰ্বল | কিন্তু নেহৰুৰ পৰবৰ্তী কালত তেৱেই এজন শক্তিশালী নেতাৰ ভূমিকা পালন কৰিছিল | হিন্দী ভাষা ভালকৈ কব নোৱাৰা এইচ ডি দেৱগৌড়াই প্ৰধানমন্ত্ৰীৰ আসনো অলংকৃত কৰিছিল | লালুপ্ৰসাদ যাদৱৰ ইংৰাজী জ্ঞান সৰ্বজনবিদীত | আজি ৰাষ্ট্ৰীয় ৰাজনীতিত মায়াবতী আৰু মমতা বেনাৰ্জীৰ ভূমিকাক জানো কোনোবাই অস্বীকাৰ কৰিব পাৰে ? কিন্তু পাঠকে জানেনে এওলোকৰ হিন্দী আৰু ইংৰাজীত দখল কিমান ? মায়াবতীয়ে ইংৰাজী নাজানে, মমতাই আকৌ হিন্দী আৰু ইংৰাজী দুয়োটাই ভালকৈ নাজানে | কিন্তু ভাষাই জানো এওলোকক বান্ধি ৰাখিব পাৰিছে ? এওলোকে জানো কেন্দ্ৰৰ চৰকাৰ থৰক-বৰক কৰি দিব পৰা স্তৰলৈ যোৱা নাই ?

প্ৰথম কথা - ভাষা নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক নেতৃত্বৰ মাজত সঠিক উদ্দেশ্য (Mission) আৰু লক্ষ্য (Vision) ৰ অভাৱ | এটা নিৰ্দিষ্ট লক্ষ্য আৰু দৃঢ় উদ্দেশ্য নোহোৱাৰ বাবেই নেতৃত্ব প্ৰায়ে অসফল | যেন-তেন প্ৰকাৰেণ এজন এম.পি বা এজন কেবিনেট মন্ত্ৰী পৰ্যায়লৈ যোৱাটোৱে ৰাজনৈতিক নেতাৰ উদ্দেশ্য হোৱা অনুচিত |

দ্বিতীয়তে - উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যোৱা নেতৃত্বৰ ৰাষ্ট্ৰীয় স্তৰত যেন তেওলোকৰ আত্মবিশ্বাস ম্লান পৰি যায় | এয়া অধিক স্পষ্ট হৈ উঠে তেওলোকৰ বক্তিতাত | আত্মবিশ্বাসৰ অভাৱ বাবেই লোকসভা বা ৰাজ্যসভাৰ মজিয়াত তেওলোকে সৰব ভূমিকা পালন কৰিব নোৱাৰে | হৈ-হাল্লা বা বিশৃঙ্খল পৰিবেশ সৃষ্টি কৰি আনৰ দৃষ্টি আকৰ্ষন কৰিব পাৰি, কিন্তু সফল নেতা হব নোৱাৰি | 

মই কও উত্তৰ-পূব অঞ্চল দেশৰ চকুত উজলি উঠিবলৈ হলে প্ৰয়োজন প্ৰতিটো স্তৰতে সবল নেতাৰ | প্ৰতিটো ক্ষেত্ৰতে একোজন নেতাই দেশজুৰি দপদপাই থাকিব পাৰিব লাগিব | এজন ৰাজনৈতিক নেতাৰ যিহেতু সমাজৰ প্ৰতিটো স্তৰৰ লগতে সম্পৰ্ক গঠন হয়, সেইবাবে ৰাজনৈতিক নেতৃত্ব সকলোতকৈ শক্তিশালী হোৱা প্ৰয়োজন | এইখিনিতে ছফটৱেৰ কোম্পানী ইনফচিছৰ জনপ্ৰিয় শ্লোগান - ‘‘পাৱাৰ বাই ইনটেলেক্ট, ড্ৰিভেন বাই ভ্যেলুজ’’ - প্ৰাসংগিক যেন অনুভৱ হয় | যাৰ মূল অৰ্থ হ’ল বৌদ্ধিক শক্তি আৰু মূল্যবোধৰ দ্বাৰা চালিত | উত্তৰ-পূৰ্বাঞ্চলক আজি ঠিক তেনে নেতাৰ প্ৰয়োজন, যি সচা অৰ্থতে বহন কৰে ‘‘পাৱাৰ বাই ইনটেলেক্ট, ড্ৰিভেন বাই ভ্যেলুজ’’ কথাষাৰৰ যথাৰ্থতা |    

No comments:

Post a Comment