Friday, 2 August 2013

অসমত গোষ্ঠী সংঘৰ্ষ এয়াই জানো শেষ ?

This article was published in Asomiya Pratidin on August 2, 2012

বৰ্তমানৰ অসমখন বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত | বানপানী, উগ্ৰপন্থী, নিবনুৱা সমস্যাকে ধৰি এশ এবুৰি সমস্যাই জৰ্জৰিত কৰি ৰখা সময়তে আচম্বিতে দেখা দিয়ে অঞ্চল বিশেষত গোষ্ঠী সংঘৰ্ষ | ৰাজ্যখনৰ অন্য অঞ্চলৰ কথা বাদ দিলে বি টি এ ডি এলেকাতেই ১৯৯৩ ৰ পৰা এতিয়ালৈকে ছবাৰ গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হ’ল | এই সংঘৰ্ষবোৰৰ মূল কাৰকবোৰ পৰ্যালোচনা কৰাৰ পৰিবৰ্তে চৰকাৰ, বুদ্ধিজীৱী মহল সকলো ব্যস্ত হৈ পৰে নিজা নিজা ধৰণেৰে ঘটনাৰ বাখ্যা কৰাত | কিন্তু সমাধান সূত্ৰ তাত নাথাকে | থকা হ’লে এইদৰে ধাৰাবাহিকভাৱে গোষ্ঠী সংঘৰ্ষ চলি নাথাকিলহেতেন | ১৯৯৪ৰ জুলাই মাহত আকৌ বড়ো আৰু মুছলমানৰ সংঘৰ্ষ হ’ল, এইবাৰ বৰপেটাত | তাতো প্ৰায় এশজনে প্ৰাণ হেৰুৱালে | তাৰ পিচত ১৯৯৬ৰ মে’ত বড়ো আৰু আদিবাসীসকলৰ সংঘৰ্ষ হ’ল কোকৰাঝাৰ আৰু বঙাইগাও জিলাত | প্ৰায় দুশ মানুহৰ অকাল মৃত্যু ঘটিল আৰু প্ৰায় দুই লাখ মানুহ গৃহহীন হ’ল | দুবছৰৰ পাচত অৰ্থাত্‍ ১৯৯৮ত আকৌ বড়ো আৰু আদিবাসীসকলৰ সংঘৰ্ষ হ’ল | ইয়াতো পঞ্চাশজনমান মৰিল আৰু প্ৰায় পঞ্চাশ হেজাৰ মানুহ গৃহহাৰা হ’ল |

দহ বছৰমানৰ কাৰণে (১৯৯৮-২০০৮) একপ্ৰকাৰে শান্তি বাহাল থাকিল | যদিও উমি উমি জুই জ্বলিয়ে আছিল, কিন্তু কোনো বৃহত্‍ সংঘৰ্ষ নঘটিল | এক দশকজোৰা নিৰাপত্তা ২০০৮ চনৰ আগষ্ট আৰু অক্টোবৰৰ মাজত আকৌ বিঘ্নিত হ’ল | ওদালগুৰি আৰু দৰঙত মুছলমান আৰু বড়ো সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় সত্তৰজন লোক নিহত হ’ল আৰু প্ৰায় এক লাখ লোক গৃহহীন হ’ল | আমি মানৱ সম্পদৰ কথা কও, মানৱ অধিকাৰৰ কথা কও | ভাবকচোন যোৱা দশকত আমি বড়ো, মুছলমান বা আদিবাসী সমাজৰ কিমান মানৱ সম্পদ অকালতে হেৰুৱালো ! কিমান হেজাৰ-লাখবাৰ মানৱ অধিকাৰ ভংগ কৰিলো !

কিন্তু আমি ইয়াৰ পৰা কি শিকিলো ? আমাৰ ইমান দিনৰ গোষ্ঠী-সংঘৰ্ষৰ অভিজ্ঞতাৰে চিন্তাৰ পৰিসৰ ‘এখন নতুন বিশেষজ্ঞ সমিতি’ গঠনতে সীমাবদ্ধ নেকি ? নে ইমানবোৰ অকামিলা ‘উন্নয়ন পৰিষদ’ দেখাৰ পাচতো আমি ভাবো যে অসম বিধানসভাৰ উচ্চ সদন এখন পাতিলেই সমস্যাৰ সমাধান হ’ব ? নে আমি প্ৰতিটো সমস্যাৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী সমাধানৰ কথা কৈয়ে দায়িত্ব সমাপ্ত কৰিম ! এনে সংকটপূৰ্ণ সময়ত আগশাৰীৰ শ্ৰদ্ধেয় বুদ্ধিজীৱীৰ পৰা এনে কথা শুনিলে মনটো যদি কোচ খাই যায় বুলি কও, আপোনালোকে মোক নিশ্চয় ক্ষমা কৰিব |

গতিকে সমস্যাৰ সমাধান কি ? মোৰ সীমিত জ্ঞান আৰু দৃষ্টিৰে কও - তিনিটা সমাধান আছে আৰু এইখিনি একো নতুন কথা নহয়, মাত্ৰ পঢ়ুৱৈ সমাজক তেওলোকে জনা কথাবোৰকে পুণৰবাৰ সোৱৰাই দিছো | এই তিনিটা সমাধান হ’ল - (ক) ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা এন আৰ চি খন সংশোধন কৰা (খ) ট্ৰাইবেল বেল্ট আৰু ব্লকবোৰ সংৰক্ষন কৰা (গ) ৰাজ্যখনৰ জনগাথনি (Population pattern) বাহাল ৰখা |

প্ৰথমতে আহো এন আৰ চিলৈ | আজিৰ অসমত ভাৰতীয় নাগৰিক কোন বা সৰ্বজনগ্ৰাহ্য বাংলাদেশী কোন, এইবোৰ লৈ সদায় বাক-বিতণ্ডা | এই বিতৰ্কৰ ওৰ পেলাবলৈ এটাই আধাৰ আছে আৰু সেয়াই হৈছে এন আৰ চি | কিন্তু দুখৰ কথা অসম চুক্তিখন স্বাক্ষৰিত হোৱাৰ ২৬ বছৰ হ’ল, আজিলৈকে এন আৰ চিখন হৈ নুঠিল | ইফালে দিছপুৰত এজাক মন্ত্ৰী-বিষয়াই ‘অসম চুক্তি ৰূপায়ণ দপ্তৰ’ খুলি ইমানদিনে দৰমহা খায়ে আছে | কোনোবাই ক’বনে এই যোৱা দহ বছৰে তেওলোকে কি কৰিলে বা ইমানবোৰ আমোলাই দৈনন্দিন কি কৰে ?

শিলিগুৰিৰ ওচৰত পাৱাৰ গ্ৰীডৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত্‍ সৰবৰাহী তাৰ ছিগি যেতিয়া প্ৰায় এসপ্তাহ অসম অন্ধকাৰত ডুবি আছিল তেতিয়া বিভিন্নজনে শক্তিমন্ত্ৰীৰ শ্মশানযাত্ৰা উলিয়াইছিল, অন্ত্যেষ্টিক্ৰিয়া কৰিছিল | আমিও প্ৰতিবাদ কৰিছিলো, কিন্তু সাধাৰণভাৱে ইমান নাটকীয় ধৰণে নহয় | ইয়াৰ আগতেও গুপ্তহত্যাত জড়িত বুলি আন এগৰাকীক ক’লা পতাকা দেখুৱাইছিল |

কিন্তু ডাঙৰ প্ৰশ্নটো হ’ল - এই পচিশ বছৰে যে এন আৰ চি খনৰ সংশোধন হৈ নুঠিল তাক লৈ কাৰো শৱযাত্ৰা কিয় উলিওৱা নহ’ল, কিয় ‘অসম চুক্তি ৰূপায়ণ মন্ত্ৰী’ক এবাৰৰ বাবেও ক’লা পতাকা দেখুওৱা নহ’ল | আজি বৰপেটা কাণ্ডৰ দুবছৰ হৈ গ’ল | আপুনি ভাবেনে আগন্তুক চাৰি পাচ বছৰত এন আৰ চিৰ কাম সম্পূৰ্ণ হ’ব ? অসমৰ ৰাইজ আজি এন আৰ চিখন লৈ সচাই ছিৰিয়াছনে ? এন আৰ চিখনৰ কাম নকৰা কাৰণে ৰাইজে পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনত শাসকীয় দলক যোগ্য প্ৰত্যুত্তৰ দিবনে ? যদি নিদিয়ে শাসকীয় দলৰ এন আৰ চিৰ প্ৰতি কেনেকৈ দায়বদ্ধতা জন্মিব ? আৰু তেনেহ’লে অসমৰ অশান্ত পৰিবেশৰ কাৰণে সাধাৰণ ৰাইজো জগৰীয়া নহ’বনে ?

আপুনি যদি যোৱা এমাহৰ বাতৰিকাকত লুটিয়াই চায়, তেন্তে প্ৰথম পৃষ্ঠাৰ শিৰোনাম অধিকাৰ কৰা খবৰ পাব, প্ৰথম ‘ৰুমী নাথ কাণ্ড’ | ৰুমী নাথৰ ব্যক্তিগত জীৱনক লৈ আমি দিনৰ পাচত দিন ৰং চালো | তাৰ পাচত আহিল বাৰিষা | প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে আকাশমাৰ্গৰ পৰা বান পৰিস্থিতিৰ বুজ ল’লে, বিমান বন্দৰত নামি পেকেজ ঘোষনা কৰিলে আৰু অহা বছৰৰ বানত আকৌ লগ পাম বুলি অকথিত ইংগিতেৰে বিদায় ল’লে | তাৰ পাচত আহিল জি এছ ৰোড কাণ্ড | ইফালে আধাখন মাজুলী পানীত ডুবিয়ে আছে, বিশলাখ মানুহ গৃহহাৰা হৈয়ে আছে, কিমান মৃতদেহ পানীত ওপঙিয়েই আছে আৰু আমি ব্যস্ত হৈ পৰিলো এগৰাকী সুৰামত্ত মহিলাৰ ওপৰত হোৱা শাৰীৰিক আক্ৰমণৰ বিষয় লৈ | নিশ্চয় যি হৈছিল খুব বেদনাদায়ক, কিন্তু Sense of proportion বুলি কোৱা বস্তু এটা আছে | সচাকৈয়ে বাৰু আমিবোৰে ভাৰসম্য ৰাখিছিলোনে ! জি এছ ৰোড কাণ্ডৰ কাহিনী শেষ নৌহওতেই আৰম্ভ হ’ল বড়োলেণ্ডৰ বিভীষিকা আৰু আমি টিভিৰ পৰ্দাত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী সমাধানৰ কথা পতা আৰম্ভ কৰি দিলো | 

আজিৰ অসমৰ মানুহে সচা কথা ক’বলৈ এই কাৰণেই ভয় কৰে যে সমস্যাৰ গুৰু দুটা : জনসংখ্যাৰ গাথনি আৰু মাটি বিবাদ | শৰীৰত যদি ঘা হয় অকল মলম ঘহি থাকিলে জানো ভাল হ’ব ! প্ৰধানমন্ত্ৰীৰ পেকেজ আৰু মখ্যমন্ত্ৰীৰ তৰল মন্তব্যবোৰে জানো সমাজৰ ঘাবোৰ শুকুৱাব !

এন আৰ চিৰ পাচত দ্বিতীয় সমাধান হ’ল সূত্ৰটো হ’ল ট্ৰাইবেল বেল্ট আৰু ব্লকবোৰ পুণৰ প্ৰতিষ্ঠা কৰা | ব্ৰিটিছৰ লাইন প্ৰথাই যেতিয়া বাংলাদেশৰ পৰা প্ৰব্ৰজন ৰোধ কৰিব নোৱাৰিলে, তেতিয়া স্বাধীনতাৰ ঠিক পাচতে ১৯৪৭ ত গোপীনাথ বৰদলৈয়ে অসমৰ জনজাতিসকলক তেওলোকৰ অস্তিত্বৰ সুৰক্ষাৰ আশ্বাস দিছিল | কিন্তু সেই আশ্বাস ৰ’লনে ? সেই ১৯৪৭ৰ পৰা অসমৰ ভূমি আইন (Assam Land and Revenue Regulation Act 1886) আজিলৈকে অসমৰ শাসনত বৰ্ণ হিন্দু অসমীয়াসকলৰ হাতত আছে | আমি অৰ্থাত্‍ বৰদলৈ, মেধি, চলিহা, চৌধুৰী, সিংহ, বৰবৰা, শইকীয়া, মহন্ত, গগৈ উপাধিধাৰীসকলে অসমৰ জনজাতিসকলক ন্যায় দিলোনে ? বা গোপীনাথ বৰদলৈয়ে দিয়া প্ৰতিশ্ৰুতি ৰাখিলোনে ! এই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ উলংঘা কিদৰে হৈছে, তাৰ কাৰণে আমি বড়োলেণ্ডলৈ যাব নালাগে | গুৱাহাটীৰ ওচৰৰ সোণাপুৰখনলৈ চাওকচোন | কিমানজন মন্ত্ৰী-বিষয়াই ফাৰ্ম হাউছ খুলিছে, কিমানজন ঠিকাদাৰে ধাবা খুলিছে আৰু তাৰ পাচতো আমি জনজাতিসকলৰ ক্ৰোধ দেখি হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী সমাধানৰ কথা কৈ টিভিত সময় নষ্ট কৰো |

আকৌ মই সুধিছো - ট্ৰাইবেল বেল্ট আৰু ব্লক আমি ‘ইছ্যু’ বুলি ভাবোনে ? যদি ভাবো, তেনেহ’লে কিয় ইয়াৰ উলংঘাৰ বিৰুদ্ধে আমি সকলো সৰৱ হোৱা নাই ? অলপ দিনৰ আগতে এন ডি এফ বি (প্ৰ)ৰ নেতা গোবিন্দ বসুমতাৰীয়ে দিল্লীত এটা তাত্‍পৰ্যমূলক কথা কৈছিল, তেওৰ মতে যিহেতু মূলসুতিৰ অসমীয়াসকলে জনজাতিসকলৰ ভূমি আৰু ৰাজনৈতিক অস্তিত্বৰ সুৰক্ষা দিব পৰা নাই, এখন নতুন ৰাজ্যৰ আৱশ্যকতা হৈ পৰিছে | মোক ভুল নুবুজিব : মই এখন পৃথক বড়োভূমিৰ পৃষ্ঠপোষকতা কৰা নাই | কিন্তু কথাষাৰৰ সত্যতা স্বীকাৰ নকৰাকৈও থাকিব নোৱাৰো | জনজাতীয় ক্ৰোধ শাম কাটিবলৈ এন আৰ চিৰ লগতে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ সুৰক্ষা নিশ্চিত কৰাটো অতি আৱশ্যকীয় হৈ পৰিছে |

অসমত চিৰশান্তি ঘূৰাই আনিবলৈ তৃতীয়টো কৰণীয় কাম হ’ল - জনসংখ্যাৰ Stabilisation | এইবোৰ কথা লিখিতভাৱে কোনেও নকয় বা সাধু সমাজত নাপাতে, কিয়নো এইবোৰ ‘সাম্প্ৰদায়িক’ যেন লাগে | আৰু আমি যিহেতু ভব্য-গব্য মানুহ আমিনো আৰু ইমান তললৈ যামনে ? কিন্তু অসমৰ চিৰকলীয়া শান্তিৰ স্বাৰ্থত ক’বই লাগিব |

কোনো এখন আধুনিক সমাজে নিজৰ জনগাথনি পৰিবৰ্তন হোৱাটো নিবিচাৰে | জাৰ্মানীয়েই হওক বা ফ্ৰান্সেই হওক বা ফিজিয়েই হওক, জনগাথনি পৰিবৰ্তন হ’লে সামাজিক সংঘৰ্ষ হয় | কোনো সংখ্যাগুৰু সমাজে সংখ্যালঘূ হ’ব নিবিচাৰে | কিন্তু তাৰ বিপৰীতে অসমত কি হৈ আছে !

২০০১ ৰ লোকপিয়ল মতে অসমৰ ছখন জিলাত মুছলমানসকল সংখ্যাগুৰু আছিল | অলপতে দিল্লীৰ পৰা প্ৰকাশিত Indian Express কাকতত ভাৰতৰ নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মই লিখিছে যে তেও বিশেষ সূত্ৰৰ পোৱা তথ্যমতে ২০১১ ৰ লোকপিয়লত মুঠ এঘাৰখন জিলাত মুছলমান সংখ্যাগুৰু হ’ব | ২০০১ চনত গোটেই অসমত ৩০.৯১% মুছলমান আছিল | এতিয়া এই সংখ্যাটো হৈছেগৈ ৩৩%তকৈও বেছি | দিল্লীৰ পৰা প্ৰকাশিত Outlook আলোচনীৰ শেহতীয়া সংখ্যাত প্ৰকাশ পোৱা মতে অসমৰ সাতাইশখন জিলাৰ ভিতৰত  তেৰখন জিলাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ বেছি | আৰু এই তেৰখন জিলাৰ অধিকাংশ অভিবাসী মুছলমান অধ্যুষিত অঞ্চল | মোৰ আজি লেখাখিনি পঢ়ি কোনোবাই মোক সাম্প্ৰদায়িক বুলি ক’ব, কোনোবাই মোক ঠেক মনোভাবৰ বুলিও ক’ব, কিন্তু ইপাৰ সিপাৰ ৰক্ষা পৰা কথা কৈ মই ৰাইজক প্ৰবঞ্চনা কৰিব খোজা নাই | নতুবা সস্তীয়া আৱেগৰ বশীভূত হৈ নকৰিবলগীয়া কাম কৰিবলৈও উদ্গনি দিয়া নাই | কিন্তু তথ্যভিত্তিক যুক্তিৰ সহায়ত দেশ আৰু জাতিৰ ভবিষ্যতৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনাইছো | 

এইটো কথা ঠিক যে বাতৰি কাকতৰ স্তম্ভৰ দ্বাৰা বা চৰকাৰী হুকুমৰ দ্বাৰা কেতিয়াও জনসংখ্যা নিয়ন্ত্ৰণ বা পৰিয়াল পৰিকল্পনা নহয় | তাৰ বাবে লাগিব শিক্ষা | আমি তথ্যভিত্তিত ক’ব পাৰো যে গোটেই পৃথিৱীতে আধুনিক শিক্ষা আৰু পৰিয়ালৰ সদস্য সংখ্যাৰ (Family size) মাজত ইতিবাচক সম্বন্ধ পোৱা গৈছে | গতিকে আমি সংঘাতৰ সন্মুখীন হোৱা অভিবাসী মুছলমান সম্প্ৰদায়ৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণ আৰু পৰিয়াল পৰিকল্পনাৰ চেতনা আনিবলৈ আধুনিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব | দুৰ্ভাগ্যক্ৰমে এই দিশত চৰকাৰ বা অভিবাসী মুছলমান সম্প্ৰদায়ৰ নেতৃত্ব কোনোৱেই আগ্ৰহী নহয় | একালত কিন্তু এই নেতৃত্বই তেওলোকৰ সমাজক অসমীয়া নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰোৱাইছিল | আজি সাম্প্ৰদায়িক সমন্বয়ৰ স্বাৰ্থত এই নেতৃত্বই অভিবাসী মুছলমান সমাজক পৰিয়াল পৰিকল্পনা কৰিবলৈ উপদেশ দিব কিয় নোৱাৰে ? তাকে নকৰি যদি অভিবাসী মুছলমান সমাজ পৰিসংখ্যাৰ যুজত নামে তেতিয়া ভবিষ্যতে সংঘাত নিশ্চিত | 

মই আজি লিখা কথাখিনি বাতৰি কাকত পঢ়া, সমাজৰ খা-খবৰ ৰখা সকলো মানুহেই জানে | তাৰ পাচতো আমি টিভি পৰ্দাত বাস্তৱ সত্যটোৰ মুখামুখি নহৈ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আচনিৰ কথা কও | কৰাৰ মানসিকতা যদি আছে সকলো কামেই হ্ৰস্বম্যাদী আৰু যদি নাই সকলো কামেই দীৰ্ঘম্যাদী | আমি আমাৰ ন্যুনতম কামখিনি নকৰি সকলো সময়তে বিশেষজ্ঞ কমিটী গঠন কৰি থাকো | এই কমিটীবোৰে কি ৰিপ’ৰ্ট লিখে, চৰকাৰেনো এই ৰিপ’ৰ্টবোৰ পঢ়েনে নপঢ়ে কোনেও নাজানে | অসমত প্ৰায়বোৰ বিশেষজ্ঞ কমিটী ফুটুকাৰ ফেন | আমি বিশ্লেষন বহুত কৰিলো | এতিয়া সময় হৈছে সমাধান উলিওৱাৰ | 

(এই লেখা অসমীয়া প্ৰতিদিন কাকতত ‘বি টি এ ডিত গোষ্ঠী সংঘৰ্ষ, আচনি নহয় বাস্তৱ সত্যৰ মুখামুখি হওক চৰকাৰ’ শীৰ্ষক শিৰোনামেৰে প্ৰকাশিত হৈছিল |)           

1 comment: