Tuesday, 13 August 2013

বিহুৰ চান্দা কিয় নিদিও

This article was published in Dainik Agradoot on 24 April, 2013

মূল কথাখিনি কোৱাৰ আগতে এটা সাধু কবৰ মন গৈছে | ধ্যানত মগ্ন ঋষি এজনক এন্দুৰ-নিগনিয়ে বৰকৈ উত্‍পাত কৰা হ’ল | নিৰুপায় হৈ ঋষিয়ে ঠিক কৰিলে যে তেও এজনী মেকুৰী পুহিব | কিন্তু সমস্যা হ’ল মেকুৰীক খুৱাবলৈ গাখীৰ ক’ত পাব ? ঋষিয়ে ঠিক কৰিলে গাখীৰৰ কাৰনে গাই এজনী পোহাটোৱে উচিত কাম হব | এতিয়া গাইজনী ৰাখিবলৈ তেওক প্ৰয়োজন হ’ল এটা গোহালীৰ | গোহালীৰ অভাৱ দূৰ হোৱাৰ পাচত ঋষিক প্ৰয়োজন হ’ল গাইজনী চোৱাচিতা কৰা এজনী মানুহৰ | ঋষিয়ে ঠিক কৰিলে যে তেও বিয়া পাতিব | বিয়াৰ পাচত ঋষিৰ লৰা-ছোৱালী হ’ল, লৰা-ছোৱালীৰ ভৰন-পোষনৰ কাৰনে তেও খেতি-বাতিও কৰিবলৈ ললে | ক্ৰমান্বয়ে তেওৰ সংসাৰৰ বোজা বাঢ়ি যাবলৈ ধৰিলে | বহুত দিনৰ পাচতহে এদিন তেওৰ মনত পৰিল যে তেও আচলতে এজন ঋষি আছিল আৰু তেওৰ উদ্দেশ্য আছিল ধ্যানৰ জৰিয়তে সিদ্ধি লাভ কৰা | কিন্তু তেও ইতিমধ্যে আচল উদ্দেশ্যৰ পৰা বহু দূৰলৈ ফালৰি কাটি গুচি আহিল | 

বৰ্তমানৰ বিহুৰ স্বৰূপ দেখি মোৰ এই সাধুটোলৈ বৰকৈ মনত পৰিছে | বিহুৰ আচল উদ্দেশ্যৰ পৰা এতিয়াৰ বিহুবোৰ যেন বহু দূৰত | এতিয়া নগৰ চহৰবোৰত বিহু পাতিবলৈ হলে প্ৰথম প্ৰয়োজন হয় অৰ্থৰ | সংগৃহীত অৰ্থৰ ওপৰত নিৰ্ভৰ কৰে বিহুৰ সাফল্য | অধিক সাফল্যমণ্ডিত কৰিবলৈ হ’লে অধিক ‘দামী’ শিল্পীৰ প্ৰয়োজন | দামী শিল্পীক দিব লগা হয় লাখৰ ঘৰত ধন | ধনৰ বাবে প্ৰয়োজন চান্দাবহীৰ | চান্দাবহীৰ পাত বিলাবলৈ লাগিল ধনী ব্যৱসায়ী, উদ্যোগপতি, মন্ত্ৰী, এম এল এ | অসত্‍ উপায়েৰে উপাৰ্জিত ধন দিওতে দিওতাজনৰ বিষেশ কষ্ট নহয়, কিন্তু বিহুৰ বতৰত সত্‍ পথেৰে উপাৰ্জন কৰা লোক এজনৰ মূৰতে ৰামটাঙোন পৰে | চান্দা দিয়াৰ ‘টেনচন’ বেছি হৈ গ’লে ব্যৱসায়ীয়ে বঢ়াব বস্তুৰ দাম | দাম বঢ়ালে মাধমাৰ পৰিব সাধাৰন কৃষক আৰু কাম কৰি খোৱা মানুহখিনিৰ ওপৰত | কৃষিভিত্তিক উত্‍সৱ বিহুৰ আচল গৰাকী নিচলা কৃষকৰ ক’ত আৰু বিহু পতা হব, মূৰে কপালে হাত দি থাকোতেই বিহু পাৰ হৈ গুচি যায় | ঠিক যেন ঋষিৰ দৰে আচল উদ্দেশ্যৰ পৰা আতৰি এক অন্তহীন অথন্তৰৰ খেল |

আজি চুবুৰীয়ে চুবুৰীয়ে বিহুৰ নামত জাক-জমকতাৰ প্ৰতিযোগিতা আৰু চান্দা সংস্কৃতিৰ মাজত আমাৰ বিহুৰ আচল সংস্কৃতি যেন লুকাই পৰিছে, হেৰাই গৈছে বিহুৰ মূল তাত্‍পৰ্য | ক্ৰমাত্‍ বিলুপ্তিৰ পথত বিহুৰ আচল ৰং-ৰহইচ, হৃদয়ৰ উত্তাপ সনা আবেগ গধুৰ পৰিবেশ | 

যোৱাবাৰ জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ পাচত মোৰ ঘৰলৈও বিহুৰ চান্দা বিচাৰি কেবাটাও ডেকা ল’ৰাৰ দলৰ আগমন ঘটিছিল | তেনে এটা দলৰ ডেকা ল’ৰা কেইজনমানক চাই মই ক’লো যে ‘চোৱা, মই তোমালোকৰ চুবুৰীৰ বাসিন্দা নহয় | তোমালোকে বিহু পাতিব খুজিছা খুবেই ভাল কথা | কিন্তু মই চান্দা নিদিও |’ কিয় নিদিও সেয়াও তেওলোকক বুজাই ক’লো যে ‘তোমালোকক চান্দা দি যদি তোমালোকৰ চুবুৰীয়া দলটোক নিদিও তেন্তে তেওলোকে বেয়া পাব | কোনেও বেয়া নাপাবলৈ হ’লে মই প্ৰতিটো দলকে চান্দা দিব লাগিল | তোমালোকে কোৱাচোন কিহৰ বলত আৰু কি যুক্তিত মই এনেকৈ প্ৰতিটো দলকে পইছা দিম’ | তেতিয়া তেওলোকৰ উত্তৰ আছিল এনে যে : ‘আপুনি বিধায়ক হবলৈ ওলাইছে | গতিকে প্ৰাৰ্থীয়েতো দিবই লাগিব | তাৰোপৰি আপোনালোকৰতো ঢেৰ পইছা’ | মই ক’লো ‘ঢেৰ পইছা বুলি যে কৈছা, এই পইছাৰ উত্‍সটো কি ভাবি চাইছানে | মই যদি এনেকৈ চান্দা দিব পৰা মানুহ হও, তেন্তে মই নিশ্চয় অসত্‍ উপায় অবলম্বন কৰি উপাৰ্জন কৰা লোক হব লাগিব | তোমালোকে কৰিব খোজা এনে সত্‍ আৰু মহত্‍ কাম এটাত অসত্‍ উপায়েৰে অহা পইছাই অনুষ্ঠানটোকো অসত্‍ কৰি নুতুলিবনে’ | তাৰপাচত আৰু তেওলোকে চান্দা বিচাৰি মোৰ ওচৰত অহা নাই | 

এনে নহয় যে তেওলোকক সহযোগ কৰিবলৈ মোৰ মন নাই | বৰং মোৰ সামান্য বৰঙনিৰে যদি তেওলোকৰ বিহুখন সফল হয়, তেন্তে তেওলোকক সহযোগ কৰিবলৈ পালেহে মই সুখী হ’লোহেতেন | কিন্তু ৰঙালী বিহুকে ধৰি সৰু-বৰ সকলো উত্‍সৱতে চান্দা তোলা সংস্কৃতিটোৱে অসমৰ সকলো ঠাইতে ইমান ব্যাপকভাবে শিপাই গৈছে যে ই অসমীয়া সাধাৰন ৰাইজক জলাকলা খুৱাবলৈ বাধ্য হৈছে | ৰাস্তাত চিনাকী অচিনাকী সকলোধৰনৰ গাড়ী ৰখাই এক প্ৰকাৰ দাবী ধমকিৰে চান্দা তোলা কথাটো বাৰু কিমান যুক্তিসন্মত ? ই একপ্ৰকাৰ চম্বলত গুণ্ডাকৰ তোলাৰ লেখীয়া কথা নহয়নে বাৰু ? মই এই প্ৰথাটোৰ তীব্ৰ বিৰোধিতা কৰি চান্দা নিদিও বুলি সিদ্ধান্ত লৈছো | কিন্তু মোৰ দৰে কিমানজনে বাৰু চান্দা বিচাৰি অহা দল এটাক প্ৰত্যাখ্যান কৰিব ? লাখ লাখ টকা খৰচ কৰি উদযাপন কৰা মঞ্চবিহুসমূহত বাৰু বিহুৰ বিশুদ্ধতা আৰু ঐতিহ্য ৰক্ষা পৰিছেনে ?

মোৰ বোধেৰে পৰা নাই | এটা চুবুৰীত এখন বিহু পতাৰ অৰ্থ হ’ল চুবুৰীটোৰ ডেকা-বুঢ়া, জিয়ৰী-বোৱাৰী সকলোৱে বিহুৰ আনন্দ উত্‍সৱত ভাগ লোৱা | সেইকেইদিন ঘৰলৈ অহা আলহী অতিথিক আপ্যায়ন কৰা, সৰুৱে ডাঙৰক প্ৰনাম কৰা, বিহুৱান যচা আৰু বিহুতলীত গৈ মনৰ উলাহত এপাক নচা আদিয়ে হ’ল চুবুৰীটোত বিহু পতাৰ সাৰ্থকতা | কিন্তু এতিয়া চুবুৰী এটাত বিহু পতা মানে উদযাপন কমিটিৰ সদস্যসকলৰ গাতহে বিহু লাগে | বাকী লোকৰ ভূমিকা নিশাৰ ‘ফানচন’ত হাত সাৱটি নিশা এপৰলৈ বহি থকাতে সীমাবদ্ধ | বিহুৰ নামত পতা বহু ‘ফানচন’ত বিহুদল এটাক প্ৰতিকী অৰ্থতহে নিমন্ত্ৰন জনোৱা হয় | তেওলোকৰ মাননিৰ পৰিমানো হেনো অতি কম | বিহুবলীয়া ৰাইজক বিহুৱে ননচুৱায়, নচুৱায় কেচিঅ’, ড্ৰাম আদি ইলেকট্ৰনিক বাদ্য-যন্ত্ৰেৰে সুসজ্জিত হৈ অহা ‘গুৱাহটীয়া’ শিল্পীয়েহে | সেয়া যিয়ে নহওক, চুবুৰী এটাৰ বিহুখনৰ সকলো দান-বৰঙনি চুবুৰীটোতে সীমাবদ্ধ থাকিব লাগে | চুবুৰীটোৰ বাহিৰ ওলাব নালাগে | বাহিৰৰ লোকক নিমন্ত্ৰন কৰাটোহে দেখনিয়াৰ কাম | ৰাস্তাৰে অহা পথাচাৰীক বিহুৰ চান্দা বিচাৰি আমনি কৰাটো অতি গৰ্হিত কাম বুলি মই বিবেচনা কৰো | তেনে কৰিলে পথাচাৰীজনে সেই ঠাইখনৰ প্ৰতিও এটা বিৰূপ মনোভাব লৈ যায় | মই বহুবাৰ এনে তীক্ত অভিজ্ঞতাৰ মুখামুখি হৈছো | চান্দা নিদিও বুলি ক’লে হয়তো অলপ আতৰৰ পৰা অশ্লীল বাক্যবান এষাৰী ওফৰি আহে, দিব খুজিলেও হয়তো নোসোধাকৈয়ে চান্দাবহীত পাচশ বা এহেজাৰ টকা লিখি দিয়ে | 

অনা অসমীয়া এজন লোক যেতিয়া বিহুৰ বতৰত অসমলৈ আহে আৰু যদি তেও এখন মঞ্চবিহুৰ দৰ্শক হয়, তেন্তে বিহুৰ বিষয়ে তেওৰ বাৰু কি ধাৰনা হব ? এই প্ৰশ্নটো প্ৰায়ে মোৰ মনলৈ আহে | কিন্তু সাম্প্ৰতিক সময়ত হয়তো মঞ্চবিহুক বাদ দি বিহুক সংৰক্ষন কৰাৰ আন উপায়ো নাই | মই কোনো বিহু বিষেশজ্ঞ নহয় | কিন্তু সাম্প্ৰতিক সময়ৰ মঞ্চবিহুসমূহত বিহুৰ কথাটোতকৈও মঞ্চখন কিমান খৰচী হব, কোন দামী শিল্পীয়ে অংশগ্ৰহন কৰিব, লাইট, চাউণ্ড চিষ্টেম কেনেকুৱা হব, কিমান জাক-জমক কৰি তোলা হব, এইবোৰ কথাতহে বেছি গুৰুত্ব আৰোপ কৰা দেখা যায় | আকৌ নিমন্ত্ৰিত দামী শিল্পীজনক শেষ নিশা মঞ্চত উঠোৱাৰ কিবা যুক্তি আছেনে ? শেষ নিশা কাৰোবাৰ সংগীতৰ মাদকতা উপভোগ কৰাৰ মানসিকতা থাকেনে ? সন্ধিয়াতে আৰম্ভ কৰি বিহুসমূহ জানো নিশা ১০-১১ টাৰ ভিতৰতে শেষ কৰিব নোৱাৰি | তেতিয়া ওচৰ-পাজৰৰ বিহু চাবলৈ নহা আৰু ৰুগীয়া মানুহখিনিয়েও শান্তিত শুবলৈ পাৰে | আকৌ পিছদিনা কোনেও কাম ক্ষতি কৰিবও নালাগে, কাম কৰিলেও টোপনীয়াই থাকিব নালাগে |

বিহুৰ আচল সৌন্দৰ্য আৰু তাত্‍পৰ্য কিমান মানুহে দেখিছে আৰু বুজিছে, সেই কথাটোত যেন বিহু কমিটিসমূহে বেছি গুৰুত্ব আৰোপ নকৰে | নতুন প্ৰজন্মক বিহু সম্বন্ধে অধিক জ্ঞান আৰু তাত্‍পৰ্য আৰু ইয়াৰ নান্দনিক সৌন্দৰ্যক হৃদয়াঙ্গম কৰোৱাৰ ক্ষেত্ৰত বিহু কমিটি সমূহে যথেষ্ট ভূমিকা পালন কৰিব পাৰে | কিন্তু এনেধৰনৰ কাৰ্যক্ৰম আমাৰ চকুত নপৰে | আজিৰ প্ৰজন্মৰ সৰহভাগেই বিহু মানে ‘ফানচন’ চাবলৈ যোৱা আৰু মদ-পানী খাই হুলস্থূল কৰাটোকে বুজে | এনে বিহু পতাৰ জানো প্ৰয়োজন আছে ?

ঋষিৰ সাধুটোৰ দৰে এতিয়া বিহু পতা মানে শেষ নহোৱা অথন্তৰ | বিহুৰ লগত বস্তুৰ মূল্যবৃদ্ধিৰ সম্পৰ্কক লৈ আলোচনা কৰিব লগা পৰিবেশ আহি পৰিছে | ব্যৱসায়ীৰ পেটতে হাত-ভৰি লুকুওৱা অবস্থাৰ সৃষ্টি হৈছে | ‘মোটা চান্দা’ দিয়া কলা বেপাৰীয়ে মঞ্চ মুকলি কৰা পৰিবেশৰ সৃষ্টি হৈছে | ইয়াৰ মাজত প্ৰকৃত বিহু পতাৰ আন্তৰিক প্ৰচেষ্টা কেইজনে হাতত লৈছে সেয়াহে আজি চিন্তনীয় বিষয় হৈ পৰিছে | 

__________________________________                       

No comments:

Post a Comment