This article was published in Dainik Agradoot on 11 August, 2012
বহুত দিনৰ মূৰত মই আকৌ এবাৰ ৰীতা চৌধুৰীৰ ‘এই সময় সেই সময়’ উপন্যাসখন পঢ়িলো | উপন্যাসৰ নায়িকাৰ দৰে এই সময়ৰ বুকুত থিয় হৈ ময়ো সেই সময়লৈ ভুমুকি মাৰিলো আৰু তাৰ লগে লগে এক অন্তহীন শিহৰণ আৰু আশ্চৰ্যচকিত আৱেগত ডুব গ’লো | যি সময়ত অসমীয়া মানুহৰ ধমনীত দেশ প্ৰেমৰ তেজে তগবগাই উঠিছিল, যি আবেগে অসমীয়া মানুহৰ ভৰিৰ তলৰ মাটি খুচৰি চাবলৈ বাধ্য কৰাইছিল, নিজৰ অস্তিত্বৰ প্ৰতি দায়বদ্ধ কৰি তুলিছিল, সেই আৱেগক এই সময়ৰ জনগণে কিমান মনত ৰাখিছে সেয়া জনাৰ উপায় নাই, কিন্তু সেই সময়ক বাদ দি অসমৰ ইতিহাস যে সম্পূৰ্ণ নহয় সেয়া সকলোৱে স্বীকাৰ কৰিব লাগিব | অতীতক বাদ দি ভৱিষ্যতৰ সৌধ নিৰ্মাণ কৰা জানো সম্ভৱ ?
উপন্যাসৰ নায়িকা অদিতি চৌধুৰীয়ে ঘূৰি চাইছে এছোৱা সময়ৰ পৰিবেশ, পৰিস্থিতি আৰু জটিল সন্ধিক্ষণৰ মাজত অৱস্থান লোৱা এচাম মানুহক | সেইচাম মানুহে হয়তো কেতিয়াও ভবা নাছিল তেওলোকৰ চিঞৰবোৰ যে এদিন অৰণ্যৰোদনত পৰিণত হ’ব, প্ৰতিবাদৰ ধ্বনিবোৰ ‘বৃথা আস্ফালন’ বুলি এদিন প্ৰমাণ হ’ব | সেই সময়ৰ মাজেৰে খোজ কাঢ়ি আহি এই সময় দেখা আৰু তাক উপলব্ধি কৰা প্ৰতিজনৰে হয়তো যন্ত্ৰণাত দগ্ধ হ’ব হৃদয়, যেনেদৰে অদিতি দগ্ধ হৈছে, ছটফটাইছে যন্ত্ৰণাত এৰি অহা আনুগত্যশীল আৰু সমাজৰ বাবে নিঃস্বাৰ্থ হৈ ওলাই অহা মানুহবোৰৰ অৱক্ষয় আৰু ধ্বংসমুখী মানসিকতা দেখি |
সময় কালৈও ৰৈ নাথাকে | সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাজনেহে সময়ক উপভোগ কৰে, সময়ক নান্দনিক কৰি তোলে | কিন্তু অদিতিয়ে পৰা নাই | আপ্ৰাণ চেষ্টাৰ পাছতো অদিতি মাজে মাজে স্তব্ধ হৈ পৰিছে, অজস্ৰ প্ৰশ্নৰ মাজত নিজক এৰি দিছে |
অসম আন্দোলনে অদিতিক নহয়, প্ৰতিটো প্ৰজন্মৰ প্ৰতিজন চিন্তাশীল লোকৰ বাবে এৰি থৈ গৈছে অজস্ৰ প্ৰশ্ন | শৈশৱত আমি অসম আন্দোলনৰ কিছু কিছু দৃশ্য দেখা মনত আছে | মনত আছে মানে সেয়া হয়তো আমৰণ মানসপটত ভাস্বৰ হৈ থাকি যাব | ‘জয় আই অসম’ বুলি ধ্বনি দিয়া ডেকা-বুঢ়াৰ জাকবোৰ, প্ৰতিবাদী সমদলবোৰ চকুৰ আগত এতিয়াও যেন ভাসমান হৈ পৰে | তাৰ পাছত সেই আন্দোলনক লৈ কত আড্ডা, জনা-নজনা কিমানৰ মুখত যে আন্দোলনৰ বক্তৃতা | আৰু এদিন হঠাত্ আন্দোলনটোৰ কথা মনত পেলাই দিলে বলিউদৰ এজন ছবি পৰিচালকে | অকল মনত পেলাই দিয়াই নহয়, এই আন্দোলনটোৰ প্ৰাসংগিকতা যে দেশৰ সকলো প্ৰান্তৰ, সকলো মানুহৰ বাবে, সকলো সময়ৰ বাবেও প্ৰাসংগিক সেয়াও যেন সোৱৰাই থৈ গ’ল |
দিল্লীত থাকোতেই অনা-অসমীয়া দুজনমান বন্ধুৰ লগত চিনেমাখন চাইছিলো | ছবিখনত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠন এটাই প্ৰচলিত পৰম্পৰা (চিষ্টেম)ৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰা কাহিনী আছিল | উক্ত ছাত্ৰৰ দলটোৰ নেতাৰ ভূমিকাত অভিনয় কৰা অভিনেতা গৰাকীৰ মুখত এষাৰ সংলাপ শুনি মই উচপ খাই উঠিছিলো | তেও কৈছিল,‘ ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ অসমত ছাত্ৰই আন্দোলন কৰি ৰাজনৈতিক ক্ষমতা লৈছে | পৰিৱৰ্তন আনিবলৈ হ’লে আমিও সেয়া কৰি দেখুৱাব লাগিব |’ ছবিখনৰ নাম আছিল ‘যুবা’, পৰিচালক মণিৰত্নম | ছবিৰ শেষত বন্ধু দুজনৰ প্ৰশ্নৰ মুখামুখি হ’লো | সিহতে জানিব বিচাৰিলে যে আচলতে অসমত কি আন্দোলন হৈছিল |
অসম আন্দোলন সম্পৰ্কে মোৰ জ্ঞান সীমিত আছিল | সিহতৰ প্ৰশ্নৰ উত্তৰ মই দিছিলো যদিও মনেৰে ভাবি আছিলো যে মই আন্দোলনৰ বিষয়ে, তেনে এক গণ-অভ্যুত্থানৰ বিষয়ে আৰু তাৰ পৰৱৰ্তী সময়ৰ বিষয়ে নিশ্চয় খৰচি মাৰি পঢ়িবই লাগিব, জানিব লাগিব আৰু অধিক বিস্তৃতভাৱে | দক্ষিণৰ অতি প্ৰখ্যাত পৰিচালক এজনে তেওৰ ছবিৰ নায়কৰ মুখেৰে আন্দোলনটোৰ প্ৰাসংগিকতাক সাম্প্ৰতিক সময়ৰ গোটেই ভাৰতবৰ্ষৰ দৰ্শকক মনত পেলাই দিছে, তেন্তে আমি আন্দোলনটোক পাহৰা উচিত হবনে ?
পাহৰাটো উচিত হ’ব যিয়ে আন্দোলনটোক এটা ভুল পথেৰে পৰিচালিত কৰিবলৈ যত্ন কৰিছিল, যিয়ে ক্ষমতাৰ ৰাগিত গোটেই আন্দোলন আৰু অসমীয়া মানুহৰ আবেগ আৰু দেশপ্ৰেমক ভৰিৰে মোহাৰি দিছিল | বিবৰ্ণ হৈ পৰা ছহিদ বেদীবোৰ চুড়ান্ত অৱহেলাৰ সাক্ষী হৈ অসমৰ বাটে পথে থিয় হৈ আছে | হয়তো কোনোবাদিনা সেয়াও ভাঙি-ছিঙি মাটিৰ লগত মিহলি হৈ যাব | ছহিদৰ নামত আকৌ এটা স্মাৰক সাজিবলৈ হয়তো কোনেও আৰু চেষ্টা নকৰিব | সকলোৱে এটা দুঃস্বপ্নৰ দৰে আন্দোলনটোক পাহৰিবলৈ ওলাইছে | এবাৰ কোনেও উভটি চাবলৈ চেষ্টা কৰা নাই ইতিহাসৰ এছোৱা সময়লৈ | অদিতিয়ে চেষ্টা কৰিছে | লগে লগে আৰম্ভ হৈছে দ্বন্দ, প্ৰচণ্ড দ্বন্দ নিজৰ স’তে | আমাৰ মনতো সেই দ্বন্দৰ প্ৰচ্ছায়া বিয়পি পৰে | লগে লগে আমি হেৰাই যাও সেই সময়ৰ মাজত | এই সময় সেই সময়ৰ মাজত আমিও যেন অজানিতে বাট বুলিবলৈ আৰম্ভ কৰো |
অসম আন্দোলনৰ পাছত অসমৰ প্ৰতিটো সৰু-বৰ জনগোষ্ঠী আৰু প্ৰতিটো প্ৰান্তৰ জনসাধাৰণৰ মানসিকতাৰ পৰিবৰ্তন হোৱাটো আটাইতকৈ উল্লেখযোগ্য ঘটনা | একালত প্ৰতিটো জনগোষ্ঠীয়ে মূলসুতিৰ অসমীয়া বুলি পৰিচয় দি অসমবাসীৰ সমূহীয়া স্বাৰ্থ ৰক্ষাৰ বাবে ওলাই আহিছিল | আন্দোলন কৰা তেনে বিভিন্ন জনগোষ্ঠীৰ, বিভিন্ন ধৰ্মৰ, বিভিন্ন বৰ্ণৰ চৰিত্ৰসমূহৰ লগত উপন্যাসৰ নায়িকাৰ কথা-বাৰ্তাই মনলৈ অনা ভয়, সংশয়, অস্তিত্ব হেৰাই যোৱাৰ শংকা, অবিশ্বাস আৰু ছিঙি যোৱা সম্পৰ্কৰ যি মৰ্মবেদনা সেয়া উপন্যাসৰ পাতে পাতে ফুটি ওলাইছে | সেই যে প্ৰতিটো জনগোষ্ঠীৰ মাজত ভয় আৰু সন্দেহৰ জাল এখন তৈয়াৰ হ’ল সেয়া আজিও শেষ হোৱা নাই, বৰঞ্চ সি অধিক শক্তিশালীহে হৈ গৈছে | এক বৃহত্ অসমীয়া জাতি গঠনত ক’ত আচলতে কেনা লাগিল, তাৰ সন্ধানত লেখিকা ব্ৰতী হোৱাৰ পাছত পঢ়ুৱৈ হিচাপে আমিও লেখিকাৰ স’তে একাত্মবোধ কৰো আৰু এক অস্থিৰ বেদনাত ছট-ফটাই উঠো | আন্দোলনৰ সময়ত সচাকৈয়ে বড়ো, চাওতাল, কাৰ্বি, ডিমাছা, আহোম, চুতীয়া বুলি কোনো নাছিলনে ? সকলোৱে অসমত বাস কৰা এক বৃহত্ অসমীয়া জাতি হিচাপে পৰিচয় দিছিলনে ? তেনেহ’লে কিহৰ বাবে আজি ইমান বিচ্ছেদ, অবিশ্বাস আৰু ভাতৃঘাতী সংঘৰ্ষ ? আমি আত্মসমৃদ্ধি নে আত্মজাহৰ দুৱাৰ মুকলি কৰিছো ? বহুত প্ৰশ্ন, এই সময়ত থিয় হৈ সেই সময়লৈ ঘূৰি চালে বহুত প্ৰশ্নই ঘেৰি ধৰে আমাকো |
প্ৰথম বহিৰাগতৰ বিৰুদ্ধে আৰম্ভ হোৱা আন্দোলন পাছলৈ বিদেশী বহিস্কাৰ আন্দোলনলৈ ৰূপান্তৰিত হৈছিল | সেয়া আছিল এক স্বতঃস্ফূৰ্ত গণজাগৰণ | অবৈধ উপায়েৰে আমাৰ ভূমিত প্ৰৱেশ কৰা আৰু সেই ভূমিৰ ওপৰত থিয় হৈ আমাৰে পৰিচয়ৰ প্ৰতি শংকা সৃষ্টি কৰা বিদেশীসকলক খেদিব নালাগে বুলি কোনে কয় ! অসমৰ সকলো ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠন সকলোৱেতো বিদেশিক খেদিব লাগে বুলিয়ে কয় | তেতিয়াও কৈছিল, আজিও কৈ আছে | কিন্তু বিদেশী তেতিয়াও আছিল, এতিয়াও আছে আৰু আহিয়ে আছে | বৰঞ্চ তেতিয়াতকৈ এতিয়া বেছ শক্তিশালী আৰু সংগঠিতভাৱেহে আছে | এতিয়াতো তেওলোক ৰাজনৈতিকভাৱেও শক্তিশালী | তেওলোকে অসমৰ অস্তিত্বৰ প্ৰতি সংকট সৃষ্টি কৰা বুলি লেখক বুদ্ধিজীৱী, আইনজীৱী সকলোৱে স্বীকাৰো কৰে | মুখেৰে সকলোৱে এই কথা কয়, কিন্তু কামেৰে ? নাই, এইবাৰ মুখেৰেও ওলাই গ’ল এজন ব্যক্তিৰ পৰা যে বিদেশীসকলক মানৱীয়তাৰ খাতিৰতে আমি খেদিব নোৱাৰো | হয়তো আন্দোলনৰ পৰৱৰ্তী সময়ত প্ৰথমবাৰৰ বাবে উচ্চাৰিত হৈছে এনে কথা, আমাৰ দুৰ্ভাগ্য সেই ব্যক্তিজন আমাৰ মুখ্যমন্ত্ৰী |
এটা স্বতঃস্ফুৰ্ত গণ-আন্দোলনৰ আৰত থাকে জনতাৰ সীমাহীন খং আৰু ঘৃণা, তেনেকৈ সীমাহীন শ্ৰদ্ধা আৰু আস্থা থাকে আন্দোলনটোৰ গুৰিয়ালসকলৰ প্ৰতি | ৮৫ ৰ নিৰ্বাচনৰ সময়ত মোৰ দেউতা চৰকাৰী চাকৰিয়াল আছিল | তেও নিজ চকুৰে দেখিছিল সোণৰ অসমৰ গঢ়াৰ সপোন দেখুওৱা দলক জয়ী কৰাৰ বাবে বহু আবাল-বৃদ্ধ-বনিতাই ভোটৰ বাকচটোত মূৰ লগাই সেৱা কৰিছিল | ইমানেই আস্থা আছিল তেওলোকৰ প্ৰতি | গোটেই ভাৰতবৰ্ষতে হয়তো এনে ঘটনা বিৰল | কিন্তু স্বপ্ন থান-বান হৈ যাওতে কিমান পৰ লাগিল ? ক্ষমতাৰ বাঘজৰী হাতত লবলৈ সেই ফুকলীয়া ছাত্ৰনেতাবোৰ হয়তো অক্ষম আছিল | কিন্তু তেওলোকৰ সংগ্ৰামী মানসিকতা যে দিছপুৰ পোৱাৰ লগে লগেই কৰ্পূৰৰ দৰেই উৰি গ’ল সেয়া বুজিবলৈ ৰাইজ জানো মূৰ্খ আছিল ! অদিতি চৌধুৰীয়ে বিদ্ৰোহ কৰি উঠিছিল | এৰি আহিছিল তেওৰ মন্ত্ৰী স্বামীক | অসমীয়া ৰাইজেও বিদ্ৰোহ নকৰাকৈ থকা নাছিল | তাৰ প্ৰত্যুত্তৰ দিছিল বেলট পেপাৰেৰে | এয়া যেন অসম আন্দোলনৰ এক সকৰুণ অথচ প্ৰত্যাশিত পৰিণতি |
অসমীয়া মানুহৰ কৰ্ম সংস্কৃতি চিৰদিনলৈ লোপ পালে আন্দোলনৰ পৰৱৰ্তী সময়ত | অৱশ্যে এনে নহয় যে তাৰ আগতে অসমীয়া জাতিয়ে কৰ্মঠ বুলি নিজৰ চিনাকী দিব পাৰিছিল | জাগ্ৰত জনশক্তিক সঠিকভাৱে ব্যৱহাৰ নকৰি, কোনো কামত নলগাই বহুৱাই থোৱা কাৰণেও অসম আন্দোলনৰ পাছত সকলো কথা খেলিমেলি হৈ গ’ল, এই কথা উপন্যাসৰ নায়িকাই নিজে স্বীকাৰ কৰিছে | আন্দোলনৰ পাছত হঠাত্ এটা শ্ৰেণীৰ জন্ম হ’ল, যিয়ে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে ৰাজনৈতিক দল অথবা নেতাৰ লগত সংপৃক্ত হৈ বিপুল অৰ্থ আৰু ক্ষমতাৰ অধিকাৰী হ’ল | তেওলোকৰ প্ৰভাৱ অসমৰ সৰ্বস্তৰতে দেখা পোৱা গ’ল | লগে লগে নেতা হোৱাৰ হাবিয়াস মানুহৰ বৃদ্ধি পালে সচা, কিন্তু হ্ৰাস পালে নিজৰ ভৰিত থিয় হোৱাৰ সাহস আৰু কষ্ট কৰাৰ মানসিকতা |
নায়িকা অদিতি চৌধুৰীয়ে অতীত আৰু বৰ্তমানক আবেগহীন দৃষ্টিৰে চাবলৈ চেষ্টা কৰিছে | বিশ্লেষণ কৰিছে নিৰ্মোহভাৱে | প্ৰতিটো পৃথক চিন্তাধাৰাৰ মানুহৰ স’তে কথা পাতিছে আৰু পৰিৱৰ্তনৰ নিৰ্মম বাস্তৱক সন্মুখীন কৰাই দিছে পঢ়ুৱৈৰ স’তে | কি ভুল কি শুদ্ধ তাৰ দোমোজাত থিয় কৰাইছে প্ৰতিজন সচেতন মানুহক |
‘আন্দোলনটোৱে আমাক কি দিলে’ বুলি আজি বিভিন্ন মহলত প্ৰশ্নৰ অৱতাৰণা হয় | আন্দোলনটোৱে আমাক বহুত প্ৰশ্নৰ মুখামুখি কৰালে | ‘অসমীয়া আচলতে কোন’ এইটোও জানো আন্দোলনৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ পৰাই জন্ম হোৱা প্ৰশ্ন নহয় ? তাৰ উত্তৰ বিচাৰিবলৈ গৈ বহু জনগোষ্ঠীয়ে স্বাধীনতাৰ দাবী তুলিলে, কোনোবাই স্বায়ত্বশাসনৰ দাবী তুলিছে | ঘৰৰ ভিতৰত সোমাই পৰিস্থিতিৰ লগত সহবাস কৰা নিছলা মানুহবোৰক ৰাজপথলৈ উলিয়াই আনিব পৰাটো আন্দোলনৰ আটাইতকৈ ডাঙৰ সফলতা |
‘এই সময় সেই সময়’ৰ মাজেৰে তেনে এটা পথৰে সন্ধান কৰিছে অদিতিয়ে, আমিও তাকে কৰিব লাগিব | অন্যথা আৰু বহু দুৰ্দিন চাবলৈ আমি সাজু হ’ব লাগিব |
No comments:
Post a Comment