Wednesday, 14 August 2013

সময়ানুৱৰ্তিতা আৰু আমি

This article was published in Dainik Agradoot on 25 June, 2013

দেউতাই বিছাৰিছিল ডাঙৰ হ’লে মই যেন এজন সামৰিক বিষয়া হও | যদিও আশীৰ দশকৰ শেষৰ ফাললৈকে যোৰহাটলৈ টেলিভিছন অহা নাছিল আৰু মানুহে আজিৰ দৰে গণতন্ত্ৰ দিৱসৰ পেৰেড চিধা দিল্লীৰ পৰা চাবলৈ পোৱা নাছিল; কিন্তু কিতাপ আলোচনী পঢ়িয়ে দেউতাৰ সামৰিক বাহিনীৰ বিষয়ে কিছু ধাৰণা হৈছিল | সামৰিক বাহিনীৰ প্ৰতি দেউতাৰ আকৰ্ষনৰ এটা অন্যতম কাৰণ হৈছে ‘সময়ানুৱৰ্তিতা’ | সেয়ে বোধহয় ১১ বছৰ বয়সতে মোক ডেৰাডুনৰ ‘ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটেৰী ক’লেজ’ নামৰ ভাৰতীয় সেনাবাহিনীয়ে পৰিচালনা কৰা শিক্ষানুষ্ঠানটোলৈ পঠিয়াই দিলে | মোৰ অৱশ্যে সামৰিক বিষয়া হোৱা নহ’লগৈ, আৰু যদিও ডলাৰ বগৰীৰ দৰে বহু শিক্ষানুষ্ঠান আৰু কৰ্মক্ষেত্ৰ বাগৰাৰ অভিজ্ঞতা হ’ল, মোৰ সেই সৰুকালৰ মিলিটেৰী ট্ৰেইনিঙৰ এটা বস্তু জীৱনৰ কাৰণে থাকি গ’ল, সেয়া হ’ল ‘সময়ানুৱৰ্তিতা’ |

দিল্লীৰ পৰা উভটি আহি অসমৰ যিটো কথাত মই আটাইতকৈ বেছি বিস্মিত আৰু হতবাক হৈছিলো সেইটো হ’ল অসমীয়া মানুহৰ সময়জ্ঞান একেবাৰে কম | যেতিয়া এখন মিটিঙলৈ মই যাব ওলাও, তেতিয়া কাৰ্যসূচীৰ সময় চাই মই ঠিক সময়তে উপস্থিত হওগৈ, কিন্তু ওলোটাই মই লাজত পৰো যেতিয়া দেখো সভা আৰম্ভ হোৱাৰ প্ৰস্তুতি তেতিয়াও হোৱাই নাই | দৰ্শকৰো আসন শুন্য | উদ্যোক্তাসকল লাজত নপৰে, লাজত ৰঙা-চিঙা পৰো মই | কাৰ্য্যসূচীত ছপা কৰা সময়তকৈ ১০ মিনিট পলম হব পাৰে, কিন্তু দুঘন্টা তিনিঘন্টা পলমকৈ সভা আৰম্ভ হোৱা কথাটোৱে কম বিৰক্তি নিদিয়ে; কিন্তু আচৰিত কথা উদ্যোক্তা আৰু দৰ্শক সকলো যেন নিৰ্বিকাৰ; যেন সময়তকৈ দুঘন্টা পাছত থকাটোৱে আমাৰ নিয়ম | সময়জ্ঞানৰ অভাৱ আৰু সময়ানুৱৰ্তিতা মানি চলিবলৈ আমাৰ জাতিটোৰ এনে কি পয়মাল ঘটিছে মই ভাবি নাপাও | বিদেশত এনে কথা শুনিলে হয়তো শুনোতাজন ঠাইতে মুচকচ যাব |

বিদেশৰ কথা নালাগে, আমাৰ দেশতে সময়ৰ ঘড়ী কাটাই কাটাই মানি চলা অনুষ্ঠান যদি আছে তেন্তে সেয়া হ’ল ব্যক্তিগত কোম্পানী, বেংক, হাস্পতাল আৰু বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ | ইয়াত সময়ানুৱৰ্তিতা মানি চলাৰ ওপৰত ব্যক্তি এগৰাকী কৰ্মদক্ষ হিচাপে পৰিগনিত হয়, লগতে পদোন্নতিও হয় | কিন্তু ৰাজহুৱা অনুষ্ঠানত ঠিকসময়ত অফিচ গৈ পোৱা মানুহ আছেনে ? ১০ বজাত আৰম্ভ হবলগীয়া অফিচটো ১২ বজাত হোৱাটোৱে নিয়ম | 

মই অভিজ্ঞতাৰে যি দেখিছো, অসমীয়া মানুহৰ হাতত বহুত সময় | কৰিবলৈ যেন কামেই নাই বহুত মানুহৰ জীৱনত | যদি এটা চৰকাৰী চাকৰি আছে তেন্তে তেও আৰু একো কথাই চিন্তা নকৰে | ঘন্টাৰ পাছত ঘন্টা টিভি চায়, আড্ডা মাৰে আৰু ৰাতিপুৱা ন’টা দহটা বজালৈ টোপনি মাৰি শৰীৰৰ মেদ বৃদ্ধি কৰে | অলপ শাৰীৰিক পৰিশ্ৰম কৰি ঘৰৰ কাঠিতে দুটা জলকীয়াৰ পুলি ৰুবলৈও যেন অসমীয়া মানুহৰ এলাহ | গতিকে সময়ৰ মূল্য তেওলোকৰ ওচৰত এঘন্টা বা এক মিনিট বুলি কোনো কথা নাই | কিন্তু ডাঙৰ কথাটো হ’ল এনে মানুহৰ সংখ্যাগৰিষ্ঠতাৰ বাবে ‘সময় মানি চলা’ বা ‘মানিবলৈ চেষ্টা কৰা’ সংখ্যালঘূ মানুহখিনিৰ দুখ-কষ্টৰ সীমা নোহোৱা হয় | 

হোমেন বৰগোহাঞিয়ে প্ৰায়েই এজন বিখ্যাত মানুহৰ উদাহৰন দিয়ে | সেইজন হ’ল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ‘উইনষ্টন চাৰ্চিল’ | যুদ্ধৰ মাজতো হেনো আকাশীযানত বহি এইজন মনীষীয়ে ডায়েৰী লিখিছিল | আত্মসমালোচনা আৰু সাহিত্যৰ চৰ্চা তেওৰ দৈনন্দিন কাৰ্য্যসূচীত অন্তৰ্ভূক্ত আছিল | প্ৰশাসনৰ সৰ্বোচ্চ দায়িত্বত থাকিও এইজন ব্যক্তিয়ে সাহিত্যত ন’বেল বটা লাভ কৰিছিল | হোমেন বৰগোহাঞিৰ সুৰত ময়ো বহুসময়ত বহুকেইজন মানুহক এইটো কথা কবলগা হৈছে যে ‘আপুনি উইনষ্টন চাৰ্চিলতকৈও ব্যস্ত নে যে দহটা বজাৰ মিটিংখনত আপুনি আহি পাওতে চাৰে এঘাৰটা বজালে’ | তেনে সময়ত মোৰ সন্মুখত থকা মানুহজনৰ যিটো উত্তৰ শুনাৰ ‘সৌভাগ্য’ মোৰ হয় সেই উত্তৰটো শুনিলে মোৰ পেটতে হাত-ভৰি লুকুওৱাৰ নিচিনা অৱস্থা হয়গৈ | আচলতে সেইটো পলম হোৱাৰ কোনো কাৰণেই হব নোৱাৰে | সেইটো এটা অজুহাতহে | অজুহাত উলিওৱা আৰু গা এৰা দিয়া মন্তব্যৰ ক্ষেত্ৰত অসমীয়া মানুহৰ সমকক্ষ আন কোনো হব নোৱাৰে নেকি ! এটা সৈনিকৰ দল অহাত পাচমিনিট পলম হোৱাৰ বাবে নেপ’লিয়ন বোনাপাৰ্টে এখন যুদ্ধত পৰাজয় বৰন কৰিবলগা হৈছিল ; এই উদাহৰনবোৰ অসমীয়া মানুহৰ বাবে যেন কেবল এক কাহিনী, তাতকৈ বেছি একো নহয় |

নিৰ্বাচনৰ সময়ত বহু ভিতৰুৱা গাও এখনত এজন সত্তৰোৰ্ধ্বৰ ব্যক্তিক লগ পাইছিলো | সাধাৰণতে সেইটো বয়সৰ মানুহক ‘বুঢ়া’ বুলি বিশেষন এটা লগাই দিয়া হয় | কিন্তু বুঢ়ামানুহজনক মোৰ মোতকৈও বহুত ডেকা যেন ভাব হ’ল | তেও প্ৰায় সূৰ্যোদয়ৰ লগে-লগে উঠে, বাৰীখনৰ চাৰিওফালে কোৰ মাৰি শাক আৰু কেইবিধ যে পাচলিৰ খেতি কৰিছে, নিজে বাহ কাটি খৰাহি, ঢাৰি বোৱা কাম কৰে, বাৰিষা পথাৰত চেপা পাতে, ঘৰৰ চাৰিওফালৰ জেওৰা-জপনা তেও নিজ হাতে দিয়ে | অথচ মানুহজনে এটা চৰকাৰী চাকৰিও কৰিছিল | পেঞ্চনৰ টকাকেইটাৰে তেও আৰামেৰে খাই-বৈ থাকিব পাৰে | কিন্তু যিটো কাৰণত বুঢ়া মানুহজনৰ মনত গভীৰ দুখ সেইটো হ’ল তেওৰ চৰিজন পুতেক | চাৰিও শুই-বহি, ঘূৰি-ফুৰি সময় কটায়, অথচ বুঢ়াটোৱেনো কি কৰিছে বুলি চাই যোৱাৰো সময় নাই এটাৰো | বুঢ়াটোতকৈ যেন তেওলোকৰ ঢেৰ বেছি কাম | বুঢ়া মানুহজনৰ ৰোগহীন তজবজীয়া চেহেৰা আৰু প্ৰাণোচ্ছল কথা-বতৰাই মনলৈ অফুৰন্ত আনন্দ কঢ়িয়াই আনিলে আৰু বুঢ়াৰ পুতেক কেইজনৰ কথা ভাবি সেই আনন্দ ম্লান হৈ পৰিল | আমাৰ অসমীয়া সমাজখনত বুঢ়াটোৰ নিচিনা মানুহ কমি আহিছে, কিন্তু বৃদ্ধি পাইছে ডেকা পুতেককেইজনৰ নিচিনা মানুহ | 

মোৰ কথা বাদ দিয়ক | আপুনি নিজেই কথাটো ভাবি চাওক যে যিদিনা আপুনি কামত ব্যস্ত হৈ থাকে, নিজৰ লগতে সমাজৰো ভাল কিবা এটা চিন্তা কৰে, সেইদিনা আপোনাৰ মনৰ অবস্থাটো নিশ্চয় বুঢ়াটোৰ নিচিনা তজবজীয়া হৈ থাকে | আনহাতে যিদিনা কাম-বন নকৰি, হতাশাচ্ছন্ন মন এটাৰে ঘৰৰ ভিতৰত সোমাই থাকে, সেইদিনা নিশ্চয় আপোনাৰ নিজকেও ৰুগীয়া যেন লাগে | আৰু ৰুগীয়া মন এটালৈ সুস্থ চিন্তা জানো আহিব পাৰে !

ভালদৰে গমি চালে দেখা যায় যে আচলতে কৰ্মহীন বাবেই আমাৰ জাতিটোৰ মাজত নেতিবাচক চিন্তা আৰু অলসতা বৃদ্ধি পাইছে | এনে লোকেৰে সমাজ ভৰি পৰা বাবেই ১০টা বজাৰ মিটিংখন ১২টাত অনুষ্ঠিত হয়, লেহেমীয়া গতিত চলে চৰকাৰী অফিচৰ কাম, কামৰ মাজতো চলে ১০টকাৰ পৰা হাজাৰ কোটি টকালৈ ভেটি খোৱাৰ হিচাব, সকলোতে কেবল কথা আৰু কামৰ সামঞ্জস্যহীন একধৰনৰ হীন মনোবৃত্তিৰ মানুহৰ পৰিবেশ | অসমীয়া জাতিৰ এই দুৰ্দশা কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়া শেষ হব তাৰ যেন কোনো সদূত্তৰ নাই | 

(বিঃদ্ৰঃ - ৰাজনৈতিক জীৱনত বিভিন্ন পৰিস্থিতিয়ে এনে কিছুমান তিক্ত অভিজ্ঞতা দিছে যে তাৰ পাছত মনলৈ অহা এই চিন্তাখিনিক নিলিখাকৈ থাকিব নোৱাৰিলো | মোৰ চিন্তা অবশ্যেই আত্মসমালোচনা মূলকহে, এই কথাষাৰ কৈ থ’লো |)

           

No comments:

Post a Comment