Tuesday, 13 August 2013

ম্যানমাৰনো কি ৰিং এটাৰ বাট !

This article was published in Dainik Agradoot on April 4, 2013

ভ্ৰমণৰ নিচাই যাক এবাৰ মূৰত ধৰিছে, সি আৰু সহজতে সেই নিচাৰ পৰা মুক্ত নহয় | ময়ো মোৰ সীমিত উপাৰ্জনেৰে পৃথিৱীৰ ভালেকেইখন দেশলৈ গৈছো, তাৰ মানুহৰ ভিৰত হেৰাই গৈছো, বিচিত্ৰ ৰং আৰু ৰূপৰ শোভাত বিমোহিত হৈছো, স্থানীয় খাদ্যৰ মোহনীয়া সম্ভাৰৰ জুতি লৈছো আৰু জীৱনটোক জীপাল কৰিছো সীমাহীন অভিজ্ঞতাৰ আনন্দেৰে |

কিন্তু এখন দেশ ভ্ৰমণ কৰাৰ নিচা মোৰ মূৰত এতিয়াও লাগি আছে | দেশখন হ’ল ‘ম্যানমাৰ’ | ‘মান’ৰ দেশ ম্যানমাৰ | ‘মান’ বুলি ক’লে এতিয়াও আতংকত কপি উঠে বুকু | অসমৰ ইতিহাসত মানৰ নাম কলংকেৰে স’তে লিখা আছে | বুৰঞ্জীয়ে কয়,  মানৰ অসম আক্ৰমণৰ অন্তত বহু অসমীয়া লোকক দাস-দাসী কৰি আৰু যুদ্ধবন্দী হিচাপে ধৰি লৈ গৈছিল | এনে লোকৰ সংখ্যাও হেনো প্ৰায় ৩২,০০০ | সেই সময়ৰ কম জনসংখ্যাৰ দেশ অসমৰ ৩২,০০০ মানুহ কিন্তু কম নহয় | পৰৱৰ্তী পৰ্যায়ত সেই অসমীয়া মানুহবোৰে মানৰ দেশতেই গাও পাতি লৈছিল আৰু তাতেই নিগাজীকৈ থাকিবলৈ লৈছিল | তেন্তে স্বজাতিৰ সেই মানুহবোৰৰ অস্তিত্ব ? এতিয়াও আছেনে সেই মানুহৰ অসমীয়া সুবাসৰ অৱশিষ্ট ? আৰু তেওলোকৰ উত্তৰপুৰুষ ? অসমীয়াৰ তেজ ধমনীৰে প্ৰবাহিত হৈ থকা আজিৰ যুৱ-প্ৰজন্ম ? তেওলোকৰ ক্ষণিক আবেগ জানো নাই তেওলোকৰ ককাক-আইতাকৰ আপোন দেশখনৰ বাবে ? অকণমান হ’লেও আবেগ ?

যি নহওক, মোৰ ম্যানমাৰ ভ্ৰমণৰ নিচা একেটা ‘ফু’তে উৰি গুচি গ’ল যোৱা আঠ ফেব্ৰুৱাৰীৰ দিনা এখন কাকতত প্ৰকাশিত ডঃ বিমল ফুকনৰ প্ৰবন্ধ এটা পঢ়াৰ পাছত |  ‘মান্দালয়ত অসমীয়াৰ সন্ধানত’ প্ৰবন্ধটোত তেও ম্যানমাৰ ভ্ৰমণৰে এছোৱা ছবি তুলি ধৰিছে | তেৱো ঢপলিয়াই ফুৰিছে এজন হ’লেও স্বদেশ আৰু স্বজাতিৰ জ্ঞাতি বিচাৰি | ওপজা ঠাইৰ এডোখৰ হ’লেও স্মৃতি বিচাৰি তেৱো ৰাওনা হৈছে অসমীয়া মানুহৰ গাও ‘দনাজান’ অভিমুখে | কিন্তু সময়ৰ কি কৰুণ পৰিহাস ! ভ্ৰমণৰ অন্তত ডঃ ফুকনে উল্লেখ কৰিলে যে তেও ম্যানমাৰত লগ পোৱা কোনো এজন ভাৰতীয় মূলৰ লোকে অসমীয়া মানুহৰ কথা নাজানে, আনকি শুনাও নাই | নতুন প্ৰজন্ম এতিয়া হাড়ে-হিমজুৱে বৰ্মান, নিজৰ পূৰ্বপুৰুষ সম্বন্ধে তেওলোকে অযথা মূৰ নঘমায় | মানদেশৰ বুৰঞ্জীও হেনো এই বিষয়ত নিমাত | কিন্তু ডঃ ফুকনে এঠাইত চাৰিখন মুখা (ভাওনাত ব্যৱহৃত) দেখা পাইছিল | শেষৰ শাৰীত তেও লিখিছে যে ‘শ্ৰীকৃষ্ণ, হনুমান, ৰাম আৰু লক্ষ্মনৰ এই চাৰিখন মুখাই হয়তো মানদেশৰ দনাজানৰ অসমীয়াসকলে থৈ যোৱা শেষ নিদৰ্শন |’ মোৰ ম্যানমাৰ ভ্ৰমণৰ যিটো নিচা আছিল, এই প্ৰবন্ধটো পঢ়াৰ পাছত আৰু মোৰ ম্যানমাৰলৈ যোৱাৰ কোনো উত্‍সাহ বাচি নাথাকিল | কিন্তু মোৰ এই লিখনিটো লেখাৰ উদ্দেশ্য সম্পূৰ্ণ বেলেগ | মই এজন মানুহৰ কথা ক’ব বিচাৰিছো | সেই মানুহজনৰ নাম পূৰ্ণকান্ত বুঢ়াগোহাঞি |

১৯৩৩ৰে এক এপ্ৰিলৰ দিনা পূৰ্ণকান্ত বুঢ়াগোহাঞিয়ো ম্যানমাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল | উদ্দেশ্য ব্যৱসায় লগতে তাত থকা অসমীয়াসকলক লগ পোৱা, তেওলোকৰ জীৱন-প্ৰণালীৰ স’তে পৰিচিত হৈ অহা | দুৰ্গম গিৰি-কন্দৰ ভেদি সেই যে গ’ল, তাৰ পাছত সুদীৰ্ঘ নটা বছৰ ম্যানমাৰ আৰু চীনদেশৰ ভালেমান অঞ্চলত পৰ্যটক হৈ ঘুৰি ফুৰিলে আৰু লিখিবলৈ আৰম্ভ কৰিলে তেওৰ দিনপঞ্জী | তাত অন্তৰ্ভুক্ত হ’ল ভালেমান অসমীয়া পৰিয়াল আৰু সমাজৰ ৰূপকথাৰ দৰে বিচিত্ৰ কাহিনী | আচৰিত হ’বলগীয়া কথাটো হ’ল তেওৰ ভ্ৰমণ-বৃত্তান্তখনৰ লিখনশৈলী, তথ্যৰ তালিকা, ভৌগোলিক বিৱৰণ, মানুহৰ জীৱন-প্ৰণালী আদিৰ বৰ্ণনা এজন পেছাদাৰী গৱেষকৰ নিচিনাই | ভালেমান লেখাত তেওৰ জাতীয় দায়বদ্ধতা আৰু গভীৰ অসমপ্ৰেম ফুটি উঠিছে | অসমীয়া পৰিয়ালসমূহত পোৱা আহোম ৰজাদিনীয়া পুথি, সাচিপাত আৰু চিত্ৰসমূহৰ বিষয়ে তেও পুংখানুপুংখকৈ বৰ্ণনা কৰিছে | প্ৰাচীন অসমীয়া চিত্ৰকলাৰ বিষয়ে তেও এঠাইত কৈছে, ‘অসমীয়া সাহিত্যই যে আজি কে’বাশ বছৰৰ আগতেই চিত্ৰকলাৰেও পৈণত হৈছিল, অসমত বাংলা ভাষাইহে ভাষাৰ গঢ় আৰু সভ্যতা শিকালে বুলি আন্দোলন কৰাসকলে যেন এই বিষয়ে চিন্তা কৰিব |’ সন্দেহ নাই গভীৰ দায়বদ্ধতাৰে বুঢ়াগোহাঞিয়ে তেওৰ কাৰ্য সম্পাদন কৰিছিল | কিন্তু দুখৰ কথা সুদীৰ্ঘ ৪০ বছৰ তেওৰ ভ্ৰমণ কাহিনীখন হাতেলিখা অৱস্থাতেই পৰি থাকিল | পাছত ১৯৯৩তহে তাই সাহিত্য সভাই সেইখন কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়ায়, যাৰ নাম ‘পাটকাইৰ সিপাৰে ন বছৰ |’

মই যেতিয়া এই কিতাপখনৰ কথা শুনিছিলো, তেতিয়াই মোৰ অনুজপ্ৰতীম নয়নক (নয়নমণি হালৈ) এই কিতাপখন বিচাৰি আনিবলৈ কৈছিলো | কিন্তু এদিন আহি তেও ক’লে বোলে গোটেই পাণবজাৰ আৰু দুটামান ‘লাইব্ৰেৰী’ত বিচাৰিও কিতাপখন নাপালে | অৱশেষত তেও লেখকৰ পৰিয়ালৰ এজন সদস্যৰ লগত যোগাযোগ কৰি কিতাপখন আনিবলৈ সক্ষম হ’ল | নয়নক ধন্যবাদ দিও মনত ভাব হ’ল কিতাপখন আচলতে ইমান দুষ্প্ৰাপ্য হ’ব নালাগিছিল | কিয়নো কিতাপখনে হেৰাই যোৱা আমাৰ এটা অতীতৰ কথা মনত পেলাই দিয়ে, তদুপৰি কিতাপখনৰ বৰ্ণনা উপন্যাসৰ দৰেই, পঢ়ি ভাল লগা, ৰোমাঞ্চকৰ | কিতাপখনৰ নতুন প্ৰকাশৰ বাবে কোনো আগশাৰীৰ প্ৰকাশন গোষ্ঠী আগবাঢ়ি অহা উচিত | পূৰ্ণকান্ত বুঢ়াগোহাঞিয়ে যিটো উদ্দেশ্যৰে তাহানিৰ ব্ৰহ্মদেশ আৰু আজিৰ ম্যানমাৰলৈ গৈছিল, পৰৱৰ্তী পৰ্যায়ত সেই অসমীয়া মানুহখিনিৰ কথা ভবা আৰু তেওলোকৰ লগত সম্পৰ্ক ৰখা আৰু কেইজনমান পূৰ্ণকান্ত ওলালে হয়তো আজি আমি ম্যানমাৰত এখন অসমীয়া সমাজ নোপোৱাকৈ নাথাকিলোহেতেন | কিন্তু হায়, সেয়া হয়তো আৰু কোনোদিনে সম্ভৱ নহ’ব | ভৌগোলিকভাৱে ম্যানমাৰ আমাৰ পৰা বেছি দূৰৰ বাট নহয়, ক’বলৈ গ’লে ওচৰ-চুবুৰীয়া | কিন্তু ৰাজনৈতিকভাৱে আৰু আমাৰ হৃদয়ৰ পৰা ম্যানমাৰলৈ যেন বহু যোজন দূৰ বাট | সেয়ে হয়তো মানে ধৰি-বান্ধি লৈ যোৱা আমাৰ মানুহবোৰৰ কথা দুখৰ এখিলা পাত হৈ কেৱল ইতিহাসতে থাকি যাব চিৰকাল | 
         

No comments:

Post a Comment