This article was published in Dainik Agradoot on 5 March, 2013
মই মাজে মাজে চিন্তা কৰো এনে কিছু সংখ্যক ডেকা মানুহৰ কথা যিবোৰ মানুহৰ চাউল-দাইলৰ কোনো চিন্তা নাই, কোনো ধৰণৰ কৰ্মব্যস্ততা নাই, পৰিকল্পনা নাই আৰু কৰিবলৈ একো কাম নাই | তেওলোকক চৰকাৰে খুৱাই-ধুৱাই ৰাখিছে, বিনিময়ত তেওলোকৰ পৰা একো বিচৰা নাই | সংখ্যাত কম নহয় এনে অপচয় ঘটোৱা মানৱ সম্পদৰ কথা | এই মানৱ সম্পদসমূহ হৈছে অসমত ডেজিগনেটেড কেম্পত থকা যুদ্ধবিৰত গোটসমূহ | অৰণ্যত থকাৰ সময়ত তেওলোক হয়তো সাংঘাটিকভাৱে কৰ্মতত্পৰ আছিল, ওপৰৱালাৰ নিৰ্দেশ মানিবলৈ সদাসজাগ হৈ থাকিবলগীয়া হৈছিল, শৰীৰটোক আটিল কৰি ৰাখিবলৈ হয়তো ব্যায়াম অথবা পৰিশ্ৰমো কৰিব লগা হৈছিল | কিন্তু ইয়াত ? দিনৰ পাছত দিন চৰকাৰী চাউল-দাইল খাই তেওলোক জানো শ্ৰম কৰিব পৰাকৈ সক্ষম হৈ আছে ? কে’বাটাও যুদ্ধবিৰত গোটৰ শ-শ যুৱকৰ চিন্তা আৰু শ্ৰমৰ এয়া জানো বিপুল অপচয় নহয় ? যিটো বয়সত তেওলোকৰ গাত হাতীৰ সমান বল আৰু গঠনমূলক চিন্তাৰে মগজু ভৰি থাকিব লাগিছিল, সেই সময়ত অসাৰ হৈ পৰি ৰৈছে তেওলোকৰ সকলো সম্ভাৱনাৰ ভাণ্ডাৰ | এয়া পৰিকল্পিত ষড়যন্ত্ৰ নে সময়ৰ স্বাভাৱিক আহ্বান ? ক’ৰবাত কোনোবাই হয়তো আলু-কবিৰ খেতিত লাগিছে, কিন্তু সেয়া তেনেই নগণ্য সংখ্যকহে |
অসমৰ যুৱক-যুৱতীৰ দৰে শ্ৰমবিমুখ মই ভাৰতৰ আন কোনো ৰাজ্যতে দেখিবলৈ পোৱা নাই | সাহিত্য, অভিনয়, কলা, ভাস্কৰ্যৰ দিশত অসমীয়া যুৱচাম হয়তো আগবাঢ়ি গৈছে, কিন্তু শাৰীৰিক শ্ৰম কৰিব লগা হোৱা, গ্লেমাৰ নথকা একো কাম অসমীয়া ল’ৰা-ছোৱালীয়ে যেন কৰিব নোখোজে | কিয় ? মই গাওবোৰত সোমালে দেখা পাও শালি খেতি চপোৱাৰ পাছত বিস্তীৰ্ণ পথাৰসমূহ গৰু-ম’হৰ উদং চৰণীয়া পথাৰ হৈ পৰি থাকে | দুই-এজনক সোধো কিয় মাটিবোৰ কামত খটুওৱা হোৱা নাই | উত্তৰ আহে, ‘কৰোতা নাই’ | আচৰিত হও | তেন্তে বাংগালোৰৰ পৰা ৰেলগাড়ীত ওলমি ওলমি অহা ল’ৰাবোৰ ক’ৰ ? সিহতে কৰে কি ? উত্তৰ আহে ‘ছিকিউৰিটি গাৰ্ড’, ‘হোটেল বয়’, ‘ছেলছমেন’ আদি | আনৰ গোলামী খটা কামবোৰ (যিবোৰত শাৰীৰিক শ্ৰম বুলিবলৈ একো নাই) আমাৰ অসমীয়া ল’ৰাই কৰি আছে, কিন্তু নিজৰ মাটিখিনি চহাই লৈ উত্পাদনৰ গৰাকী হ’বলৈ আমাৰ ল’ৰাই শিকা নাই | শ্ৰমৰ প্ৰতি ইমান উদাস কিয় আমি ?
কেইজনমান ল’ৰাক ক’লো, ‘তোমালোক কেইজনমান লগ হৈ সমূহীয়াভাৱে খেতি নকৰা কিয় ? কেইমাহমানৰ বাবে লীজত লৈ বা বন্ধকীত লৈ কৰো বুলিলে মাটি নিশ্চয় পাবা |’ তেওলোকৰ সেমেনা-সেমেনি মুখবোৰ দেখিয়ে গম পালো, ইচ্ছা নাই | গাওবোৰৰ তিনিআলিবোৰত যেতিয়া দেখো দিন-ৰাতি অহৰ্নিশে কেৰমবোৰ্ড এখন আগত লৈ চাৰিজনে গুটিকেইটা টুকুৰিয়াই আছে আৰু দহজনে সিহতক ঘেৰি আছে, তেতিয়া ভাব হয় অসমত যেন কোনো সমস্যা নাই, চিন্তা নাই, সকলোতে যেন জয়জয়-ময়ময় অৱস্থা | অথচ চতুৰ্থ বৰ্গৰ চাকৰি এটা ওলালেও আমাৰ ল’ৰাৰ ‘ফৰ্ম’ নিবলৈ হেতা-ওপৰা লাগে |
শ্ৰমৰ প্ৰতি উদাসীন এটা জাতিৰ উন্নতি সম্ভৱনে ? ইতিহাসত আছেনে তেনে উদাহৰণ ? আমাৰ পতন আচলতে তেতিয়াই আৰম্ভ হৈছে, যেতিয়া চৰ-চাপৰিত শ-শ বিঘা পৰিত্যক্ত মাটিত বিদেশী বুলি চিল-মোহৰ মৰা এচাম লোকে আহি সেউজীয়া ফচলেৰে জাতিস্কাৰ কৰি তুলিছে, সৰিয়হৰ ৰঙেৰে ইপাৰ-সিপাৰ নমনা কৰি তুলিছে আৰু আমি বিনাকষ্টে তাৰ সুধা পান কৰি গৈছো | এয়াই আচল সত্য আৰু এয়াই বাস্তৱ |
ডেজিগনেটেড কেম্পত থকা আমাৰ ল’ৰাবোৰে হওক বা তাচপাত, কেৰম গুটি লৈ বহি থকা গাৱৰ ল’ৰাবোৰে হওক, তেওলোকক এটা কৰ্মময় আদৰ্শৰ প্ৰতি আৰু শ্ৰমৰ প্ৰতি আকৰ্ষিত কৰাৰ সময় আজি আহি পৰিছে | সময় হৈছে এক বিল্পৱৰ | জিন্দাবাদ-মুৰ্দাবাদ ধ্বনি দি ফুৰাতকৈ, নেতাৰ পাছে পাছে দৌৰি ফুৰাতকৈ আমাৰ ল’ৰাবোৰে পথাৰত সময় দিয়াৰ প্ৰয়োজন বেছি হৈ পৰিছে | অসমীয়া জাতি শক্তিশালী হৈ উঠিবলৈ খেতিপথাৰসমূহো শক্তিশালী হোৱাৰ প্ৰয়োজন আছে | অসমীয়া ডেকা-ডেকেৰীক এই কথাটো মন্ত্ৰৰ দৰে কাণত উচ্চাৰণ কৰিব কোনে ?
No comments:
Post a Comment