Wednesday, 14 August 2013

অসম উত্তৰাখণ্ড হ’বলৈ গৈ আছে নেকি ?

This article was published in Asomiya Pratidin on 18 July, 2013

সম্প্ৰতি ঘটি যোৱা উত্তৰাখণ্ডৰ মহাপ্ৰলয়ে সমগ্ৰ পৃথিৱীকে ইক’ ট্যুৰিজিমৰ ওপৰত পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰালে | আমাৰ অসমৰ দৰে ৰাজ্যএখনক এই বিষয়ে অকল চিন্তা কৰাই নহয়, ভয় খুৱাইছে | পোন প্ৰথমেই আহো অসম আৰু উত্তৰাখণ্ডৰ কোনকেইটা বিষয়ত মিল আছে সেই প্ৰসংগলৈ :
(১) উত্তৰাখণ্ড আৰু অসম উভয়ে হিমালয়ৰ ভংগুৰ আৰু ভূমিকম্পনযুক্ত মণ্ডলৰ অৰ্ন্তগত | 
(২) উভয় ৰাজ্য প্ৰচুৰ বৰষুন প্ৰৱন | সেয়ে বাৰিষা কালত প্ৰবল বৃষ্টিপাতৰ বাবে দুয়োখন ৰাজ্যতে ভূমিস্খলন এক উমৈহতীয়া সমস্যা | 
(৩) উত্তৰাখণ্ডৰ উজনি পৰ্বতমালাত থকা নৈ (গংগা, যমুনা, অলকানন্দা আৰু মন্দাকিনী) সমূহত ৭০ টা বান্ধ ইতিমধ্যে নিৰ্মান হৈছে আৰু প্ৰায় ৫০০ টা সৰু-বৰ বান্ধ নিৰ্মীয়মাণ অবস্থাত আছে | অসমৰ উজনি অঞ্চল ‘অৰুণাচল’ত ইতিমধ্যে ১৬৮ টা বান্ধৰ নিৰ্মাণকাৰ্য চলি আছে | নামনি সোৱণশিৰিত নিৰ্মীয়মান হৈ আছে  বৃহত্‍ বান্ধ | নামনি অসমক চুই থকা ভূটানতো আছে কেইবাটও বৃহত্‍ বান্ধ |
(৪) যোৱা দহ বছৰত অসমৰ পৰ্যটন ক্ষেত্ৰসমূহত জধে-মধে নিৰ্মাণ হৈছে ৰাস্তা, ডিনামাইট বিস্ফোৰণ ঘটাই, পাহাৰ কাটি মুকলি কৰা হৈছে ঠাই, অৰণ্য ধ্বংস কৰি, জলাশয় পুতি নিৰ্মান কৰা হৈছে হোটেল, লজ ইত্যাদি | ব্যৱসায়িক কামত ব্যৱহাৰ কৰিবলৈ পাহাৰ আৰু নদীসমূহ বণিক গোষ্ঠীৰ হাতত বিক্ৰী কৰি দিয়া হৈছে | যিটো মাত্ৰাধিক হৈ যোৱা বাবে উত্তৰাখণ্ডৰ ক্ষয়-ক্ষতিৰ মাত্ৰাও বাঢ়ি গ’ল | 
(৫) পৰ্যটকৰ বাবে আকৰ্ষণীয় ঠাইসমূহত পৰ্যটকে এৰি যোৱা আবৰ্জনা, বৰ্ধিত হাৰত গাড়ী-মটৰ, উচ্চস্বৰৰ শব্দ, পানী আৰু বিদ্যুতৰ ব্যৱহাৰ আদিৰ ওপৰত প্ৰশাসনৰ অমনোযোগিতাই যেনেদৰে ভাবুকি মাতিছে জৈৱ-বৈচিত্ৰ্যলৈ, তেনেদৰে ধ্বংস কৰিছে পাৰিপাৰ্শ্বিক আৰু নৈসৰ্গিক অবস্থা | এয়া উত্তৰাখণ্ড আৰু অসম উভয়ৰ ক্ষেত্ৰতে প্ৰযোজ্য |

এনে নহয় যে ইক’টুৰিজিমৰ ওপৰত কোনো আচনি উত্তৰাখণ্ডে গ্ৰহণ কৰা নাছিল, কিন্তু এখন আচনি ৰূপায়ন কৰিবলৈ যিধৰনৰ সঠিক গাইডলাইনৰ দৰকাৰ বা সুনিয়োজিত পৰ্যটন ব্যৱস্থাৰ দৰকাৰ, তাৰ ওপৰত উত্তৰাখণ্ড চৰকাৰে বিশেষ দৃষ্টি দিয়া নাছিল বা দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিল | উত্তৰাখণ্ডৰ পৰ্যটন ক্ষেত্ৰ সমূহক সোণৰ কণী পৰা হাহৰ দৰে ব্যৱহাৰ কৰি পৰিবেশৰ সেউজ কোলাত হোটেল, লজ, ৰাস্তা, যান-বাহন, দোকান আদিৰ পোহাৰ মেলি দিয়া হৈছিল | প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা নকৰাকৈ জধে মধে প্ৰকৃতি ধ্বংস কৰাৰ পৰিণতি মহাপ্ৰলয় | প্ৰকৃতিৰ অপৰূপ সমাহাৰ, নদ-নদী, ঐতিহাসিক সমল, জৈৱ-বৈচিত্ৰ, সাংস্কৃতিক পৰম্পৰা আদিৰ দিশত উত্তৰাখণ্ডৰ সমানেই চহকী আমাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চল | উত্তৰাখণ্ডৰ নিচিনাকৈ অসমৰো পৰ্যটন ক্ষেত্ৰ ক্ৰমাত্‍ উদ্যোগলৈ ৰূপান্তৰিত হৈছে | কিন্তু কিমান সুনিয়োজিত আৰু শৃংখলাবদ্ধ আমাৰ পৰ্যটন ক্ষেত্ৰ ? কিমান সাবধানতা অবলম্বন কৰা হৈছে পৰ্যটক আৰু পৰ্যটনৰ প্ৰতি ? পৰিবেশ আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ প্ৰতি কিমান সচেতন আমাৰ চৰকাৰ ? নে আমাৰ অসমখনো উত্তৰাখণ্ড হবলৈ আগবাঢ়ি গৈছে ?

উত্তৰাখণ্ড প্ৰলয়ে অসমলৈ এৰি গৈছে এনে হেজাৰটা প্ৰশ্ন | এই লেখাত সেই প্ৰশ্নৰ কিঞ্চিত্‍ মুখামুখি হবলৈ প্ৰযত্ন কৰা হৈছে |

ইক’ট্যুৰিজিম আমাক কিয় লাগে : অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ‘জৈৱ-বৈচিত্ৰৰ চহকী ক্ষেত্ৰ’ (biodiversity hotspots) আৰু ‘স্পৰ্শকাতৰ পৰিৱেশতন্ত্ৰ’ (eco sensitive zone) ৰূপে চিহ্নিত | অসমৰ ৫ খন ৰাষ্ট্ৰীয় উদ্যান, ১৮ খন অভয়াৰণ্য, ৪৬ খন পক্ষী আবাসভূমি, ৩১২ খন সংৰক্ষিত বনাঞ্চল আৰু ১৪৫ খন প্ৰস্তাৱিত বনাঞ্চলেৰে অসমৰ মুঠ মাটিকালিৰ ৩৫% আগুৰি আছে | এইখিনি সমলেৰে এহাতে যেনেকৈ পৰ্যটনক এক উদ্যোগলৈ ৰূপান্তৰিত কৰিব খোজা হৈছে, তাৰ লগে লগে সংকটৰ গৰাহত পৰিছে জৈৱ-বৈচিত্ৰ, তৰু-তৃণ, জলাশয় আৰু বন্য জীৱ আৰু পক্ষীকুল | অক্টোবৰ মাহমানৰ পৰা ফেব্ৰুৱাৰী-মাৰ্চ মাহমানলৈ অসমৰ ‘টুৰিষ্ট স্পট’সমূহৰ ওপৰত চলে নিৰ্মম অত্যাচাৰ | জাকে-জাকে ‘পিকনিক’ খাবলৈ অহা পৰ্যটকে জমা কৰি যায় আবৰ্জনা, যান-বাহনৰ ধোৱা, উচ্চ গ্ৰামৰ শব্দ আৰু খোৱা খাদ্যৰ পেলনীয়া দুৰ্গন্ধই প্ৰদূষিত কৰে পানী, মাটি আৰু বায়ুমণ্ডল | কিমান পৰ্যটকৰ ভাৰ ঠাইখনে বহন কৰিব পাৰিব, শব্দৰ নিৰ্ধাৰিত মাত্ৰা কিমান হব, বৰ্জ্য পদাৰ্থ আৰু আবৰ্জনাৰ ব্যৱহাৰ ক’ত কেনেকৈ হব এইবোৰৰ ওপৰত কোনো নীতি মানি চলা নহয় | এনে সময়ত ইক’টুৰিজম অবিহনে পৰিবেশ আৰু প্ৰকৃতিৰ নৈসৰ্গ ৰক্ষা কৰাৰ উপায় বিচাৰি পোৱা নাযায় | ইয়াৰ বাবে একান্ত প্ৰয়োজন চৰকাৰৰ সঠিক ইক’টুৰিজম নীতি আৰু পৰ্যটকৰ আগ্ৰহ | 

তদুপৰি ইয়াৰ পাৰিপাৰ্শ্বিক আৰু পৰিবেশতন্ত্ৰ অধ্যয়ন কৰি বিভিন্নজন বিজ্ঞানী আৰু ভূ-তত্ববিদে এই মতত উপনীত হৈছে যে পশ্চিম আৰু পূব হিমালয় অঞ্চল যথেষ্ট ভংগুৰ আৰু ই এতিয়াও অস্থিৰ অবস্থাতে আছে | এই অঞ্চলত ভূমিকম্প, ডাৱৰ বৃষ্টি, প্ৰবল বৰষুণ, হঠাত্‍ অহা বানপানী আৰু ভূমিস্খলনৰ প্ৰবনতা যথেষ্ট বেছি | বান্ধ বিৰোধী দল-সংগঠনসমূহে ইতিমধ্যে এনে কথা বহুবাৰ অসমৰ ৰাইজক অবগত কৰিছে | তেনেস্থলত অসমৰ পৰ্যটনৰ বাবে আটাইতকৈ সুফল প্ৰয়াসী আচনি হৈছে ইক’টুৰিজম | 

জানি থোৱা ভাল ইক’টুৰিজিমনো কি ? ইক’টুৰিজিম হৈছে পৰ্যটনৰ এনে এক ব্যৱস্থা য’ত পৰ্যটকে পৰিবেশৰ সতে এক ভাৰসাম্য বজায় ৰাখিব, পৰিবেশক উপভোগ কৰিব পৰিবেশৰ অকণমানো ক্ষতি নকৰাকৈ আৰু আড়ম্বৰহীন ভাৱে; লগতে জ্ঞান আহৰণ আৰু সংৰক্ষনক লৈও চিন্তা-চৰ্চা কৰিব | বিদ্যুত্‍, যান-বাহন, ইলেকট্ৰিক লাইট আদিৰ ব্যৱহাৰ যিমান পাৰি কমকৈ কৰিব, আনকি পানী ব্যৱহাৰৰ ক্ষেত্ৰতো এনে পৰ্যটকে সাবধানতা অবলম্বন কৰিব | আনহাতে ইক’টুৰিজমে স্থানীয় অধিবাসীক আৰ্থিক, সামাজিক আৰু শৈক্ষিক দিশতো লাভাম্বিত কৰিব লাগিব |

১৯৯৭ চনত বহা ‘বাৰ্লিন ডিক্লিয়াৰেচন অব বায়’লজিকেল ডাইভাৰছিটি’ শীৰ্ষক সন্মিলনত ইক’টুৰিজমৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হৈছিল যদিও ‘আন্তঃৰাষ্ট্ৰীয় ইক’টুৰিজম বৰ্ষ ২০০২’ ৰ পিচতহে ইয়াক কেনিয়া, কোষ্টা-ৰিকা, দক্ষিন আফ্ৰিকা আদি বিভিন্ন দেশে পৰ্যটন ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে | অৰ্থনৈতিক, সামাজিক আৰু পাৰিপাৰ্শ্বিক ; ইক’টুৰিজমে এই তিনিটা দিশত বিশেষভাৱে লাভাম্বিত কৰে | আমাৰ দেশত যি ছয় ক্ষেত্ৰ ‘ইক’টুৰিজম ক্ষেত্ৰ’ ৰূপে চিহ্নিত কৰা হৈছে তাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল এখন | অসমৰ গুৱাহাটী, কাজিৰঙা, মাজুলী, তেজপুৰ, শিৱসাগৰ, ভালুকপুঙ, মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জী, নাগালেণ্ডৰ ক’হিমা আৰু অৰুণাচলৰ টাৱাং এই অঞ্চলৰ অৰ্ন্তগত | ভাৰতবৰ্ষই ইক’টুৰিজমৰ সঠিক প্ৰয়োগৰ বাবে ১৯৯৮ চনতে ‘প’লিচি গাইডলাইন’ গ্ৰহণ কৰে | কিন্তু ‘প’লিচি’ নিৰ্ধাৰণেই জানো শেষ কথা ? 
   
অসমৰ পটভূমিলৈ যদি চাও তেন্তে দেখিম যে অসমলৈ এতিয়া দেশ তথা বিদেশৰ পৰ্যটকৰো আগমন বৃদ্ধি পাইছে | ২০০০-০১ বৰ্ষত অসমলৈ অহা পৰ্যটকৰ সংখ্যা আছিল ৯,৬৮,৪৪৪ ; ২০১০-১১ বৰ্ষত এই সংখ্যা হয়গৈ ৪১,৪৩,০৮০ | কিন্তু কিমান পৰ্যটকৰ আগমন ঘটিছে বা ৰাজহৰ পৰিমান কিমান বাঢ়িছে সেয়া ডাঙৰ কথা নহয়, ডাঙৰ কথা হ’ল পৰিবেশ কিমান সমৃদ্ধ হৈছে আৰু কিমান নিৰাপদ হৈছে সেয়াহে | কিন্তু চিন্তাজনক ভাৱে প্ৰকৃতিৰ ধাৰণ আৰু বহন ক্ষমতা ক্ৰমাত্‍ হ্ৰাস পাইছে | উদাহৰণ স্বৰূপে : প্ৰাকৃতিক পৰিবেশৰ অত্যাধিক চাপ পৰা কাৰণে দেশৰ প্ৰায় ১০ শতাংশ বন্যপ্ৰাণী অৱলুপ্তিৰ পথত, বহুতো অঞ্চলত কৃষি জৈৱ বৈচিত্ৰতা ৯০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে | দেশৰ আধাতকৈও বেছি পানীৰ উত্‍স খোৱাৰ অনুপযোগী | আমাৰ কপিলী জলবিদ্যুত্‍ প্ৰকল্পৰ জলভাণ্ডাৰত ধৰা পৰা বিষাক্ত ছালফিউৰিক এছিডৰ বাবে সমগ্ৰ কপিলী নৈৰ পানী বিষাক্ত হৈ পৰিছে | দুই-তৃতীয়াংশৰো অধিক ভূমিৰ উৰ্বৰা শক্তি হ্ৰাস পাইছে | ইয়াৰ উপৰি সাম্প্ৰতিক সময়ত সমগ্ৰ দেশতে বৃদ্ধি পাইছে নগৰীকৰণ প্ৰক্ৰিয়া | এক সমীক্ষা অনুসৰি অহা ২০৩০ চনৰ ভিতৰত দেশখনৰ নগৰীকৰণৰ হাৰ হ’ব দুই-তৃতীয়াংশ | লগে-লগে বৃদ্ধি পাইছে নগৰ অঞ্চলত অট্টালিকা নিৰ্মান আৰু অট্টালিকাসমূহত বিদ্যুতৰ বহুল ব্যৱহাৰ | নগৰীকৰণ ব্যৱস্থাই পৰিবেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাটো স্বাভাবিক | তদুপৰি ভাৰত গ্ৰীণ হাউচ এফেক্টৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্‍ দেশ হিচাপ পৰিগণিত হোৱাৰ পথত | আনহাতে চলিত বছৰতে বিশ্ববেংকৰ উদ্যোগত চলোৱা এক সমীক্ষাত প্ৰকাশ যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমান হ্ৰাস পাব, কৃষি উত্‍পাদন হ্ৰাস পাব | ইয়ে দেশৰ পৰিবেশ, কৃষি, অৰ্থনীতি আৰু জনস্বাস্থ্যৰ ওপৰত কেনে নেতিবাচক প্ৰভাৱ পেলাব পাৰে, সেয়া সহজে অনুমেয় | ইয়াৰ উপৰি সমগ্ৰ দেশতে বৃদ্ধি পাইছে পুণৰ ব্যৱহাৰ কৰিব পৰা ক্ষমতাতকৈ বহুত বেছি ইলেকট্ৰনিক আৰু ৰসায়নিক বৰ্জনীয় পদাৰ্থ |

তত্‍সত্বেও অসমৰ পৰ্যটন ক্ষেত্ৰসমূহত যিধৰণৰ আন্তঃগাথনি সেয়া পৰিবেশৰ বাবে মুঠেই অনুকূল নহয় | চৰকাৰে গ্ৰহণ কৰা পৰ্যটন নীতিবোৰ (প’লিচি) চকুত লগা ঠিকেই, কিন্তু ইয়াক প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সঠিক ‘গাইডলাইন’ নোহোৱাৰ বাবেই কোনো আচনিয়েই কাৰ্যকৰী হৈ নুঠে | ট্যুৰিজম পলিচি, ২০০৮ খনতো ৰাজ্য চৰকাৰে পৰ্যটন উন্নয়ন সম্পৰ্কীয় কেইবাটাও আচনি লৈছে যদিও পৰিবেশ সুৰক্ষাৰ মূল বিষয়ৰ পৰাই ফালৰি কাটি গৈছে | ২০০৮-০৯ বৰ্ষৰ পৰা প্ৰতিটো বিত্তীয় বৰ্ষত পৰ্যটন ক্ষেত্ৰত ন্যুনতম এক কোটি টকা বিনিয়োগকাৰীক ২৫ শতাংশ ঘূৰাই দিয়াৰ ব্যৱস্থা, দহ লাখলৈ বিনিয়োগ কৰা সাধাৰণ বিনিয়োগকাৰীক ১০ শতাংশ ৰেহাইৰ ব্যৱস্থা, প্ৰত্যক্ষ বিদেশী বিনিয়োগকাৰীলৈ বিশেষ ৰেহাই ব্যৱস্থা আদি অৰ্থনৈতিক নীতিয়েহে চৰকাৰৰ চকুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে | তদুপৰি ইক’ছেনছিটিভ্ জ’ন বিলাকত হোটেল, ৰিজৰ্ট স্থাপন, ট্ৰেভেল এজেন্সি খোলা আদি বিষয়ত কোনো ধৰনৰ গাইডলাইন নথকা বাবে পৰিবেশ সুৰক্ষাই ধংসৰ মুখলৈ গতি কৰিছে | এটা পৰ্যটন ক্ষেত্ৰলৈ দিনটোত কিমান গাড়ী-মটৰৰ আহ-যাহ চলে, কিমান পৰ্যটকৰ ভাৰ পৰিবেশটোৱে বহন কৰিব পাৰে, পৰ্যটকে ৰাজহৰ বাহিৰেও আন কি উপায়েৰে পৰিবেশ-তন্ত্ৰক সমৃদ্ধ কৰিব পাৰে, এইবোৰৰ ওপৰত চৰকাৰে কোনো গাইড-লাইন মানি নচলে | সঠিক গাইডলাইন অবিহনে কেবল নীতি নিৰ্ধাৰণ কৰিলেই জানো পৰিবেশ বৰ্তি থাকিব ? যদি পৰিবেশ বৰ্তি নাথাকে, তাত হোটেল বা ট্যুৰিষ্ট লজৰ কাম কি, পৰ্যটক আহি কৰিব কি ?

গ্লোবেল ফুটপ্ৰিন্ট নেটৱৰ্ক আৰু ভাৰতীয় বণিক মহাসংঘই ২০০৮ ত প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত বিশ্বৰ তৃতীয় বৃহত্তম পৰিবেশ মণ্ডল আছে, জৈৱ সামৰ্থ্যৰ প্ৰায় দুগুণ সম্পদৰ ব্যৱহাৰ হৈছে আৰু এই জৈৱ সামৰ্থ্য যোৱা কেইটামান দশকত প্ৰায় আধালৈ হ্ৰাস পাইছে | তেনে স্থলত আমাৰ ৰাজ্যৰ বন আৰু পৰ্যটন বিভাগ দুটাই ইক’ট্যুৰিজম সম্পৰ্কে আজিলৈ কোনো নীতি কাৰ্যকৰী নকৰাটোৱে বিভাগদুটাৰ চৰম আন্তঃসাৰশুন্যতা প্ৰমাণ কৰে |  ‘প্ৰকৃতিৰ বহনক্ষমতা’ক লৈ চৰকাৰৰ নীতি শুন্য |  অতি সম্প্ৰতি ৰাজ্য চৰকাৰে কৰিবলগা তিনিটা অতি গুৰুত্বপূৰ্ণ কাম হৈছে : প্ৰথমতে পাৰিপাৰ্শ্বিক বহনক্ষম বিকাশক সন্তুলিত কৰি ৰখা | পৰিবেশত থকা সকলো জৈৱ বৈচিত্ৰক সংৰক্ষন কৰিবলৈ হ’লে বিকাশৰ গতিক পাৰিপাৰ্শ্বিকৰ লগত সন্তুলিত কৰি ৰখাটো অতি দৰকাৰী | দ্বিতীয়তে, বায়ু, পানী, মাটিৰ প্ৰদূষন ৰোধ, জৈৱ বৈচিত্ৰতা, বিলুপ্তপ্ৰায় সকলো জীৱকুলৰ নিৰাপত্তাৰ বাবে আৰু প্ৰকৃতিক ৰক্ষনাবেক্ষনৰ বাবে বিশেষ পাৰিৱেশিক নীতি গ্ৰহণ কৰা | আৰু শেষত পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি আহিব ধৰা বিষয়সমূহক লৈ স্থানীয় ৰাইজক সচেতন কৰি তোলা, তেওলোকক পৰিবেশ-বন্ধু হিচাপে গঢ় দি পৰিবেশক তেওলোকৰ জীবিকাৰ বাবে মুকলি কৰি দিয়া | ইয়ে তেওলোকৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক স্থিতিক সবল কৰি তোলাৰ ক্ষেত্ৰতো প্ৰধান ভূমিকা লব | 

উপৰোক্ত ভূমিকা সমূহে নিসন্দেহে পৰিবেশ সংৰক্ষনৰ দিশত গুৰুত্বপূৰ্ণ | কিন্তু চৰকাৰৰ কোনো এটা নীতিয়েই কঠোৰ আৰু দোষমুক্ত নহোৱাৰ বাবে আজি বনাঞ্চল সমূহেই সংকটৰ গৰাহত | চোৰাং চিকাৰীৰ দ্বাৰা গড় হত্যা, বিদ্যুতস্পৃষ্ট হৈ হাতীৰ মৃত্যু হোৱা, ৰাইজৰ হাতত বাঘ হত্যা, সংৰক্ষিত বনাঞ্চলত অনুপ্ৰবেশকাৰীৰ সংস্থাপন আদিৰ উপৰিও বানপানী, গৰাখহনীয়া আৰু পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰতি চৰম অমনোযোগিতাই আমাৰ পৰ্যটন ব্যৱস্থাটোক অধিক অবনতিৰ পিনে লৈ যোৱাহে পৰিলক্ষিত হৈছে | পৰিবেশৰ অবক্ষয়ে চৰম সীমা পাইছেগৈ | ইয়াৰ বাবে বহু কথাৰ সামগ্ৰীক বিশ্লেষন আগবঢ়াব পাৰি, কিন্তু মূল কথা হৈছে ‘নেতৃত্বৰ ব্যৰ্থতা’ | এই ব্যৰ্থতা ৰাজনৈতিক ব্যৰ্থতাও হব পাৰে, আনুষ্ঠানিক ব্যৰ্থতাও হব পাৰে | যেতিয়ালৈ অসমত শক্তিশালী সিদ্ধান্ত লব পৰা শক্তিশালী নেতৃত্বৰ জন্ম নহয়, তেতিয়ালৈ সকলোবোৰ আলোচনা কাৰ্যতঃ অসাৰ প্ৰতিপন্ন হ’ব | কেবল যে ৰাজনৈতিক নেতৃত্বহে শক্তিশালী হব লাগিব তেনে নহয়, বৰং সামাজিক আৰু স্বেচ্ছাসেৱী দল-সংগঠনৰ নেতৃত্বও শক্তিশালী হৈ উঠাৰ প্ৰয়োজন |  ইক’ট্যুৰিজমৰ বাবে সঠিক নীতি গ্ৰহণ নকৰিলে হয়তো দ্ৰুতগতিত পৰিবেশৰ অবক্ষয় হৈয়ে থাকিব | সঠিক আচনি আৰু তাক কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়ি যোৱা যোগ্য নেতৃত্ব অবিহনে অসমৰ পৰিবেশ আৰু পৰ্যটন মুঠেও নিৰাপদ নহয় | উত্তৰাখণ্ডৰ দৰে অসমৰ স্পৰ্শকাতৰ পৰিবেশতন্ত্ৰ্ৰৰ ওপৰতো যেনেদৰে চৰকাৰ আৰু উদ্যোগপতিসকলৰ মুনাফাৰ বাবে অত্যাচাৰ চলিছে, তালৈ চাই অসমতো উত্তৰাখণ্ড কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ আশংকাই বেছি |  

No comments:

Post a Comment