This article was published in Dainik Agradoot on 3 June, 2013
আমি সৰুৰে পৰাই কিতাপে-পত্ৰই পঢ়ি আহিছো যে অসমীয়া মানুহ মৰমিয়াল, সৰল আৰু শান্ত প্ৰকৃতিৰ | অসমৰ বাহিৰত থকা বন্ধুসকলৰ আগতো আমি এই কথা গৌৰৱেৰে কও | কিন্তু সাম্প্ৰতিক সময়ত নিউজ চেনেলসমূহৰ কৃপাত যিবোৰ বাতৰি সঘনাই দেখিবলৈ পাইছো, তাৰ পাছত ভাবিবলৈ বাধ্য হৈছো যে সচাই অসমীয়া মানুহ মৰমিয়াল, সৰল আৰু শান্ত প্ৰকৃতিৰ হয়নে ?
অসমত চেটেলাইট চেনেলসমূহৰ প্ৰচলন হোৱাৰ লগে লগে কোনে কিমান চাঞ্চল্যকৰ বাতৰি প্ৰচাৰ কৰিব পাৰে তাৰ যেন এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈ গ’ল | আৰু সঘনাই দেখিবলৈ পোৱা এটা বাতৰি হ’ল অপৰাধীক ৰাইজে ধৰি বান্ধি কিলোৱা | আইন হাতত তুলি লোৱাৰ অধিকাৰ আচলতে ৰাইজৰো নাই, কিন্তু অপৰাধৰ বিচাৰ চলোৱাৰ ভাৰ আৰু বিচাৰৰ শেষত শাস্তি দিয়াৰ গুৰুদায়িত্ব যেন ৰাইজেই পালন কৰিবলৈ লৈছে | এটা দুৰ্ঘটনা সংঘটিত হৈছে, তাৰ পাছত দেখা গৈছে ৰাইজে গাড়ীখন জ্বলাই দিছে, চালকক গুৰুলা-গুৰুলকৈ পিটিছে | ৰোগীৰ মৃত্যু ঘটিছে, উত্তেজিত ৰাইজে নাৰ্ছিংহোম লণ্ড-ভণ্ড কৰিছে | শান্ত আৰু সৰল প্ৰকৃতিৰ মানুহে এনে কাম কৰিব পাৰে বুলি মোৰ মনে নধৰে | ঘটিচোৰ-বাতিচোৰৰ পৰা আৰম্ভ কৰি চৰকাৰী বৰমুৰীয়ালৈ ৰাইজৰ হাতত কোনো সাৰি যোৱা নাই | আনকি বহু সময়ত নাৰী আৰু শিশুও ৰাইজৰ হাতত প্ৰহৃত হৈছে, লাঞ্ছিত হৈছে | ৰাইজৰ হাতত অপৰাধীৰ মৃত্যু হোৱা ঘটনাও কম নহয় | মাত্ৰ কিছুদিন আগতে চুৰিৰ অপৰাধত গুৱাহাটীত এটি কণমানি শিশুৰ মৃত্যু ঘটিছে ৰাইজৰ হাতত | অসামাজিক কামত লিপ্ত বুলি দোষী সাব্যস্ত কৰি এহাল নগ্ন নৰ-নাৰীক কেমেৰাৰে আবদ্ধ কৰি গোটেই ৰাজ্যতে প্ৰচাৰ কৰি দিছিল সাংবাদিক আৰু ৰাইজে মিলি | খেদি খেদি বাঘ হত্যা কৰাৰ ঘটনাও সঘনাই প্ৰচাৰ হবলৈ লৈছে সাংবাদিক আৰু ৰাইজৰ দ্বৈত প্ৰচেষ্টাত | বহুঠাইত এনেকুৱাও হয় যে নিউজ চেনেলৰ কেমেৰা আহি পোৱালৈ আমাৰ ৰাইজ ৰৈ থাকে আৰু কেমেৰা অন হোৱাৰ লগে লগে আৰম্ভ হৈ যায় ৰাইজৰ বীৰত্ব আৰু ন্যায় প্ৰদানৰ দৃশ্য |
কিন্তু মই কব খোজা কথাটো হ’ল ৰাইজৰ হাতত প্ৰহৃত হোৱা এজন দোষী যদি দোষী নহয় বুলি পাছত প্ৰমাণিত হয়, তেন্তে সেই ঘটনাৰ বাবে ৰাইজ জগৰীয়া হব নে নহয় ? উক্ত বাতৰি প্ৰচাৰ কৰা মাধ্যমটোৱে দুখ প্ৰকাশ কৰি বা মাৰ্জনা বিচাৰি বাতৰি এটা প্ৰচাৰ কৰিব নে নাই ? এবাৰ এজন মানুহৰ চৰিত্ৰত কালিমা সানি দিয়াৰ পাছত হয়তো তেও সহজতে তাৰপৰা মুক্ত নহব, কিন্তু ৰাইজ বা টিভি চেনেলটোৰ মানুহজনৰ ওচৰত কৰণীয় বুলিবলৈ একো নাই নেকি ? দুখৰ কথা, অসমত আমি এই প্ৰশ্নবোৰৰ সদুত্তৰ আশা কৰিব নোৱাৰো | এজন মানুহ সমাজত অসত্ বা দুৰ্নীতিপৰায়ন বুলি পৰিচিত হৈ যোৱাৰ পিচত যদি তেও আচলতে তেনে অপৰাধী নহয়, তেন্তে তাৰ পাছৰ পৰ্যায়ত মানুহজন মানসিকভাৱে এটা ভয়ংকৰ অৱস্থালৈ গুচি যাব পাৰে | কিন্তু বাতৰি প্ৰচাৰ কৰাতেই সাংবাদিকৰ দায়িত্ব শেষ হৈ যায় | ইয়াৰ আৰত যদি কাৰোবাৰ ষড়যন্ত্ৰ আছিল বা সেয়া পূৰ্ব পৰিকল্পিত আছিল, তেন্তে তাক জনাৰ আৰু কোনো উপায় পৰবৰ্তী পৰ্যায়ত নাথাকে |
কেতিয়াবা দুজন বা তিনিজন মানুহেও ৰাইজৰ ভূমিকা লোৱা দেখা গৈছে | তেওলোকে তাত্ক্ষণিক বিচাৰ কৰি মানুহ এজনক দোষী সাব্যস্ত কৰে আৰু সাংবাদিকক নিমন্ত্ৰণ কৰে | সাংবাদিকেও ‘এক্সক্লুচিভ’ বুলি চুলি খুৰাই দিয়া মানুহজন বা অৰ্ধউলংগ মানুহজন আৰু তেওক ঘেৰি ৰং তামাচা চোৱা মানুহজাকৰ দৃশ্য প্ৰচাৰ কৰাত লাগি যায় | সাংবাদিকজনে জনাৰ উপায় নাথাকে কোন দোষী বা কোন নিৰ্দোষী | দুজনমান উত্তেজিত মানুহৰ মাজত বেচেৰা অপৰাধীজনৰো নিৰ্দোষিতা প্ৰমানৰ কোনো উপায় নাথাকে | গতিকে এনে বাতৰি প্ৰচাৰ কৰাৰ আগতে সাংবাদিকজন সাৱধান হোৱা উচিত নহয়নে ? কথা হ’ল এনেধৰনৰ বাতৰিৰ দ্বাৰা আচলতে কাৰ লাভ হয় ? কিমান ডাঙৰ অপৰাধী তেওলোক, যাৰ জীৱনক লৈ এখন ‘তামাচা’ সৃষ্টি কৰা হয় ? আমি সৰু থাকোতে সন্ধিয়া সাত বজাৰ বাতৰি চাবলৈ দেউতাই কেতিয়াবা পঢ়া টেবুলৰ পৰাও আমাক উঠাই আনিছিল | বাতৰি পঢ়া আৰু বাতৰি চোৱা একোটা সত্ অভ্যাস বুলিয়েই আমাক শিকাইছিল | কিন্তু এতিয়া আমাৰ ল’ৰা-ছোৱালীক বাতৰি চাবলৈ ক’বলৈ ভয় লাগে | নাচালেই যেন মংগল, তেনে ভাবহে হয় | মানুহক ধৰি বান্ধি কিলোৱা বাতৰিৰ সঘন প্ৰচাৰে এনে ঘটনা সংঘটিত কৰিবলৈ একাংশ লোকক আওপকীয়াকৈ উত্সাহ যোগাইছে | যিবোৰ শিশুৱে এনে বাতৰি প্ৰত্যক্ষ কৰে তেওলোকৰ মনতো একধৰনৰ অপৰাধ প্ৰৱনতাই গা কৰি উঠিব পাৰে | মানুহক ক্ষমা কৰি দিব পৰা গুনৰ পৰিৱৰ্তে, তাক শাস্তি দিয়াৰ মানসিকতাহে সিহতে পোষন কৰিব পাৰে | ‘টি আৰ পি’ৰ পাছত দৌৰা চেনেলবোৰে এই কথা ভাবেনে ?
যি নহওক, একাংশ অসমীয়া মানুহৰ টিভিৰ পৰ্দাত ওলোৱাৰ হেপাহৰ বাবেও কিছু অশোভনীয় দৃশ্য আমি দেখিবলগীয়া হৈছে | টিভি কেমেৰাৰ আগত সৰু-সুৰা চোৰক লপা-থপা দি ‘হিৰো’ হোৱাৰ মানসিকতাই আৰু বহু এনে ঘটনাৰ জন্ম দিব পাৰে | দুস্কৃতি সংঘটিত হ’ব পাৰে | এওলোকে সাধাৰন ঘটনা এটাকো বিৰাট কিবাকিবিলৈ পৰিবৰ্তন কৰিব পাৰে | সেয়েহে গাড়ী মটৰ জ্বলাই দিয়া বা অমানুষিক শাস্তি প্ৰদান কৰাৰ সময়তো এনে মানুহবোৰৰ মুখত হাহি বিৰিঙি থাকে | যেন তেওলোকে ইতিহাসত স্থান পাবলৈ ৰণত নমা একোজন বীৰপুৰুষহে | ৰাইজৰ মাজত থকা এনে মানুহবোৰক ৰাইজেই চিনাক্ত কৰা উচিত | মাৰধৰ কৰা ঘটনা, গাড়ী, ঘৰ জ্বলাই দিয়া, প্ৰমাণ নোহোৱাকৈ কোনো এজনক অপৰাধী সজোৱা, আদি ঘটনা পূৰ্বৰ তুলনাত এতিয়া বৃদ্ধি পাবলৈ লৈছে | ৰাইজৰ হাতত বাঘ নহয়, মানুহৰো প্ৰাণ গৈছে | এয়া আচলতে অপৰাধ | এনে অপৰাধৰো দোষীয়ে শাস্তি পোৱা উচিত | টিভি সাংবাদিকসকলে এনে অপৰাধীকো চিনাক্ত কৰা উচিত আৰু তেওলোকেও এবাৰ চিন্তা কৰা উচিত : এনে অপৰাধীয়ে শাস্তি পাব লাগে নে নালাগে |
__________________________________________________________________
Nice Article.
ReplyDelete