Wednesday, 14 August 2013

মাকাম পঢ়াৰ পাছত ..

This article was published in Basundhara, the Assamese supplement of Dainik Janambhumi on 26 May, 2013.

পঢ়া-শুনা আৰু তাৰ পিছত কৰ্মক্ষেত্ৰ, এই দুয়োটাই মোক দীৰ্ঘদিন ধৰি অসমৰ বাহিৰত থাকিবলৈ একপ্ৰকাৰ বাধ্য কৰাইছিল | সেয়েহে নিয়মিত বাতৰি-কাকত আৰু বেচ কিছু প্ৰবন্ধ-পাতি পঢ়াৰ বাহিৰে গল্প বা উপন্যাস সাহিত্যৰ সোৱাদ লাভৰ পৰা সুদীৰ্ঘদিন মই বঞ্চিত হৈ ৰ’ব লগা হ’ল | কিন্তু শেহতীয়াকৈ যিকেইখন অসমীয়া গ্ৰন্থ পঢ়ি ভাল লাগিল, তাৰভিতৰত এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল ‘মাকাম’ | ৰীতা চৌধুৰীৰ বহুপঠিত উপন্যাস ‘মাকাম’ | 

হংকঙৰ এটা দুপৰীয়াৰ পৰা আৰম্ভ যাত্ৰা | বহু দীঘলীয়া সেই যাত্ৰা | দক্ষিণ চীনৰ দূৰ্ভিক্ষপীড়িত এখন গাৱৰ পৰা কেন্টন বন্দৰ, তাৰ পৰা কলিকতা, কলিকতাৰ পৰা অসমলৈ যাত্ৰা কৰোতেই হো হানহতে হেৰুৱাইছিল জীৱনৰ সকলো | পাব লগা একো নাছিল দাস হৈ বিক্ৰী হোৱা হো হানহতৰ দলটোৰ | কিন্তু দিবলগীয়া বহুত আছিল | সেয়াও এক অন্য ইতিহাস | ৰবাৰ্ট ব্ৰুছে লগ কৰিছিল চিংফো ৰজা বিচাগামক | মুকলি হৈছিল নতুন এক অধ্যায় | অসমত চাহৰ আৱিস্কাৰে মুকলি কৰা অধ্যায় | ইংৰাজ বনিকৰ অসমৰ প্ৰতি লোভৰ চকু খুলি দিয়াৰ অধ্যায় | অৰ্থনীতি আৰু ৰাজনীতিৰ বাতাৱৰন সলনি কৰি দিয়াৰ অধ্যায় | সেই অধ্যায়ৰে একোটা অংশ হো হানহত | হো হানহতৰে বংশধৰ মাকুম চহৰৰ বিভিন্ন অলি-গলিত | চীনাপট্টি সেই মানুহৰে গাও | চিনাপট্টি যাত্ৰাৰ শেষ নহয় | বৰং চিনাপট্টিৰ পৰা আকৌ আৰম্ভ হৈছে অন্য এক যাত্ৰা | এই যাত্ৰাৰ শেষ ক’ত ? 

যুদ্ধই বহুবাৰ সলনি কৰি দিছে পৃথিৱীৰ ভূগোল, বিভিন্ন দেশৰ মানচিত্ৰ | ১৯৬২ চনৰ যুদ্ধ বুলিলে হয়তো অসমবাসীক সোৱাৰাই দিব নালাগে চীনৰ সৈতে হোৱা ভাৰতৰ যুদ্ধৰ কথা | কিন্তু এই কথা হয়তো অসমবাসীৰ বহুতেই নাজানে যে সেই যুদ্ধই উজনি অসমৰ এখন চহৰৰ এমুঠি মানুহৰ জীৱনৰ গতি সলনি কৰি দিছিল | উভালি পৰিছিল তেওলোকে অসমৰ মাটিত ৰোপন কৰা চাহগছৰ দৰে তেওলোকৰ জীৱনসত্বাও | সেয়া লুকাই পৰা এক প্ৰাচীন সত্য | আন্ধাৰত পোত খাই থকা অপ্ৰিয় সত্য | সেই সত্যকে খুচৰি খুচৰি উলিয়াই আনিছে ৰীতা চৌধুৰীয়ে | ইতিহাসৰ কবৰ খান্দি অবাক কৰিছে আমাৰ দৰে পঢ়ুৱৈক | কাৰন আমি অজ্ঞ, অনাগ্ৰহী সেই প্ৰাচীন সত্যৰ প্ৰতি |

অসমত চাহ আবিস্কাৰ হোৱাৰ লগে-লগে ভাৰতৰ আন আন ঠাইৰ লগতে চীনৰ পৰাও যথেষ্ঠ সংখ্যক শ্ৰমিকৰ আগমন ঘটিছিল | তেওলোকক মূলতঃ প্ৰলোভন দেখুৱাই বা দাবী ধমকিৰে লৈ অনা হৈছিল | কিন্তু পৰিস্থিতিৰ তাড়নাত তেওলোকে আৰু কোনোদিনে তেওলোকৰ ঠাইলৈ ঘূৰি যাব নোৱাৰিলে | লাহে-লাহে তেওলোক অসমৰ স্থানীয় লোক হৈ পৰিল, লীন গ’ল অসমৰ বায়ু-পানী আৰু মাটিৰ সৈতে, বিয়া-বাৰু কৰাই ইয়াত সৃষ্টি হ’ল তেওলোকৰো এখন সমাজ, চীনামূলীয় সমাজ | কেইবাটাও প্ৰজন্মৰ পাচত তেওলোকলৈ সন্দেহৰ আঙুলি টোওৱা হ’ল, আৰম্ভ হ’ল ঘৃণা আৰু অবিশ্বাসৰ ছায়াযুদ্ধ | চীনে ভাৰত আক্ৰমন কৰাৰ পাছত হঠাত্‍ এই মানুহখিনি যেন শত্ৰু হৈ পৰিল, তেওলোক ৰাজনৈতিক পাশাখেলৰ গুটিত পৰিণত হ’ল আৰু এদিন তেওলোক ছেদেলি-ভেদেলি হৈ পৰিল |  স্বদেশতে তেওলোক হৈ পৰিল বিদেশী, শৰণাৰ্থী, শত্ৰুদেশৰ এজেন্ট আৰু এদিন মাতৃভূমি ভাৰতৰ পৰা তেওলোক হৈ পৰিল পৃথক, বিতাৰিত | এয়াই মূল কাহিনী মাকামৰ |

মই কোনোদিনে নাজানিলোহেতেন সেই কথাবোৰ | মাকুমৰ কথাবোৰ | কিন্তু মাকাম পঢ়াৰ পাছত মনলৈ আহিছে হাজাৰটা প্ৰশ্ন | অসমখনক আমিনো কিমান জানো ? কিমান জানো আমাৰ অতীত ? কিমান জানিবলৈ দিয়া হৈছে আমাক ? কিন্তু মাকামে জনাইছে আমাক সেইবোৰ কথা, যিবোৰ হয়তো কোনেও আমাক কোনোকালে নকলেহেতেন | 

মাকামৰ কাহিনী আজিৰ অসমীয়া অথবা ভাৰতীয় যুৱ প্ৰজন্মই জনাটো কিমান উচিত কিমান অনুচিত সেয়া মই নাজানো | (‘মাকাম’ প্ৰকাশ হৈ ওলোৱাৰ পিছত হেনো কিতাপখন নিষিদ্ধ হ’ব লাগে বুলিও দাবী উঠিছিল |) কিন্তু আমাৰ ইতিহাসত আৰু বুৰঞ্জীত এনে বহু কাহিনী আছে যিবোৰ দেশৰ নতুন প্ৰজন্মই জনাটো কেৱল দৰকাৰীয়েই নহয়, অপৰিহাৰ্যও | কিন্তু আচৰিত কথা স্কুলীয়া পাঠ্যপুথিৰ পৰা ভূগোল আৰু ইতিহাস কাহানিবাই বিসৰ্জন দিয়া হ’ল | এতিয়া অসমৰে নহয়, ভাৰতৰ আন প্ৰদেশৰো যুৱ-প্ৰজন্মৰ সৰহভাগেই তেওলোকৰ গৰিমাময় অতীতৰ বিষয়ে অজ্ঞ | তেওলোক জানিবলৈ ইচ্ছুক নহয় তেওলোকৰ পূৰ্বপুৰুষ, তেওলোকৰ শিপা অথবা তেওলোকৰ ঐতিহ্যৰ বিষয়ে | তেওলোক উত্‍সাহী নহয় তেওলোকৰ প্ৰবাদ অথবা কিংবদন্তী কাহিনীৰ প্ৰতি | শিপাৰ পৰা বিচ্ছিন্ন ছিন্নমূল প্ৰজন্মই এতিয়া যেন চাৰিওদিশ বিয়পি পৰিছে |

নিজৰ মাতৃক ভাল নোপোৱাকৈ দেশমাতৃক ভাল পোৱাটো যেনেকৈ অবাস্তৱ কথা, নিজৰ ইতিহাস নজনা আৰু ঐতিহ্যক সন্মান কৰিব নজনা যুৱ প্ৰজন্মৰ পৰাও দেশসেৱা আশা কৰাটো তেনে অবাস্তৱ কথা | হয়তো সেইবাবেই আজিৰ ভাৰতত দেশে বিদেশে উচ্চ শিক্ষা লাভ কৰা মন্ত্ৰী, আমোলা বা বিষয়াৰ পৰা নিৰ্ভেজাল দেশপ্ৰেম আশা কৰিব নোৱাৰা কথা হৈ পৰিছে | সচা অৰ্থত জাতি বা সমাজৰ প্ৰতি দায়বদ্ধতাসম্পন্ন ব্যক্তি আজিৰ সময়ত বিৰল হৈ পৰিছে | শাসনযন্ত্ৰৰ মুষ্টিমেয় অংশ তেনে লোকৰ হাতলৈ গুচি যোৱাৰ লগে লগে সমাজ থান-বান হৈ যোৱাৰ, ইটো সম্প্ৰদায়ৰ লগত সিটো সম্প্ৰদায়ৰ সংঘাত আৰু ৰাজনৈতিক অভিসন্ধিৰে সাধাৰন মানুহক বলিৰ পঠা সজোৱাৰ প্ৰক্ৰিয়া ব্যাপক হৈ উঠিছে | মাকামত অসমৰ আন আন জনগোষ্ঠীৰ দৰে সহজ সৰল, জটিলতাৰ আও ভাও নোপোৱা, শ্ৰমেই জীৱনৰ ব্ৰতত পৰিণত হোৱা চীনামূলীয় সমাজৰ কৰুণ জীৱনৰ ছবি প্ৰতিফলিত হৈছে | সেয়া আজিৰ পৰা তিনিটা দশক আগৰ কথা | কিন্তু আজিও জানো তেনে পীড়িত মানুহেৰে বিশ্বৰ বিভিন্ন প্ৰান্ত তথা ভাৰতবৰ্ষ বা অসম ভৰি থকা নাই ? আজিও জানো তেনে পৰিস্থিতিৰ পৰা আতৰত বিশ্বৰ ৰাজনীতি ? সাধাৰন মানুহ জানো যুদ্ধৰ শংকাৰ পৰা দূৰত ? আমাৰ অসমনো কিমান মুক্ত ঘৃণা, সন্দেহ, অবিশ্বাস আৰু বিভাজনৰ ৰাজনীতিৰ পৰা ?      

মাকাম পঢ়া অসমৰ হাজাৰজন বিবেকবান মানুহক নিশ্চয় এই কথাই ভবাই তুলিছে | ভবাৰ সময়ো হৈছে | কাৰন অসমৰ আকাশতো এতিয়া প্ৰায়ে জুইৰ লেলিহান শিখাই আৱৰি ধৰে | সেই জুই ধানৰ ভৰাল আৰু পৈতৃক ঘৰ জ্বলাই দিয়া জুই | ভেটি মাটিৰ পৰা উচ্ছেদিত হৈ শৰণাৰ্থী শিবিৰৰ বাসিন্দা হব লগা হয় এতিয়াও ৰাজনীতি নুবুজা বহুত মানুহ | সন্দেহ আৰু অবিশ্বাসে ওচৰা-ওচৰি দুটা চুবুৰিকো পৰিণত কৰিছে দুটা শত্ৰু শিবিৰত | দুখৰ কথা, এইবোৰ কোনো বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণ নহয়, এই আক্ৰমণ যেন স্বদেশৰ মানুহৰ হাতত স্বদেশীক আক্ৰমন | ই জানো শত্ৰুৰাষ্ট্ৰৰ আক্ৰমনতকৈও ভয়াৱহ নহয় ? 

অসমত অন্ততঃ মাকুমৰ পুনৰাবৃত্তি নহওক, পুনৰাবৃত্তি নহওক কোকৰাঝাৰ বা ৰাভা-হাছং কাণ্ডৰো | নতুন প্ৰজন্মই অতীত অধ্যয়ন কৰক, পৰ্যালোচনা কৰক আৰু ভূলৰ পৰা শিক্ষা লৈ নতুন ইতিহাস গঢ়াৰ দিশেৰে ধাৱমান হওক | মাকাম পঢ়াৰ পাচত তেনে এক আশাই মনৰ মাজত যেন তিৰবিৰাই উঠিল | 

No comments:

Post a Comment