Saturday, 10 August 2013

যুৱ উচ্ছৃংখলতা বনাম প্ৰবীণ সমাজ

This article was published in Dainik Agradoot on 22 March, 2013 

মই প্ৰায়ে পঢ়িবলৈ পোৱা দুটা শব্দ হ’ল ‘যুৱ-উচ্ছৃংখলতা’ আৰু যুৱ সমাজৰ ‘বিপথগামিতা’ | কিন্তু ৰাজনীতিৰ পথাৰত মোৰ সৰহসংখ্যক বন্ধুৱে যুৱ হোৱা হেতুকে মই তেওলোকক প্ৰায়ে জানিবলৈ অথবা বুজিবলৈ চেষ্টা কৰো | সচাকৈ তেওলোকৰ ভিতৰত ক’ৰবাত উচ্ছৃংখলতাৰ বীজ সোমাই আছে নেকি ? তেওলোক কোনোবাখিনিত পথভ্ৰষ্ট নেকি ?

ঠিক এনে প্ৰশ্ন মনলৈ অহাৰ লগে লগে আন এটা প্ৰশ্নও মনলৈ আহে যে নৱ-প্ৰজন্মৰ অভিভাৱক অথবা আমাৰ শিক্ষাগুৰুসকল আৰু সমাজৰ প্ৰবীণ শ্ৰেণীটো, তেওলোক যুৱ সমাজৰ সঠিক বাট দেখুৱাবলৈ কিমানদূৰ যত্নপৰ আৰু কিমান সফল ?

কুমাৰে এটা পাত্ৰ যিটো চাকত দিয়ে পাত্ৰটোৱে তাৰেই আকাৰ লয় | ঘৰ এখনত সৰহসংখ্যক অভিভাৱকে পাত্ৰস্বৰূপ তেওলোকৰ সন্তানক যেনেদৰে চাকত তুলি দিয়ে, সি তেনে চাকৰ আকৃতি ল’বলৈ বাধ্য | মই নীৰৱে লক্ষ্য কৰো যে আমাৰ সমাজত এতিয়া সৰহসংখ্যক মানুহেই সুৰা-আসক্ত | জনজাতীয় সমাজত সুৰা বৰ্জনীয় নহয়, বৰঞ্চ কিছুমান সমাজত সুৰা অপৰিহাৰ্যহে | কিন্তু সুৰাই এতিয়া আমাৰ মধ্যবিত্ত পৰিয়ালবোৰত এনে আসন লৈছে যে সুৰা অবিহনে কোনো উত্‍সৱ বা স্ফুৰ্তি অৰ্থহীন | মই জনাত বহুসংখ্যক গাৱৰ সৰু-সৰু চ’কসমূহত পাণ দোকানতো ‘লালমদ’ মানে বটলৰ সুৰা সহজলভ্য | সুৰা বিক্ৰী কৰি পৰিয়াল এটা চলি আছে, কিন্তু তেনে পৰিয়ালতো জানো সন্তান নজন্মাকৈ আছে ! আৰু তেনে সন্তান মদত আকৃষ্ট হ’বলৈ কিমানপৰ ? মধ্যবিত্ত পৰিয়ালৰ পুৰুষ সদস্য এজনে মদ খোৱাৰ পাছত তাৰ পাছৰ প্ৰজন্মই অথবা কনিষ্ঠজনেও মদ খালেও নিশ্চয় বাধা আৰোপ কৰিব নোৱাৰে | হয়তো এনেদৰেই ৰক্তবীজৰ দৰে বাঢ়ি গৈছে সুৰাপায়ীৰ সংখ্যা | যুৱকসকলক মদ খোৱা পৰিবেশ আৰু সংস্কৃতি (?) এটা আমি ডাঙৰসকলেই জানো তৈয়াৰ কৰি দিয়া নাই | আৰু তেনে অপৰিপক্ক মগজুৰ দুই-এজনে যদি সুৰাপান কৰি ‘দুৰ্ঘটনা’ সংঘটিত কৰে, তেন্তে আমি ‘যুৱ উচ্ছৃংখল’ হোৱা বুলি মন্তব্য দি দায় সাৰিলে হ’বনে ?

কিন্তু আশাৰ কথা এতিয়াও আমাৰ মাজত এনে বহুত যুৱক আছে যাৰ চিন্তা, যাৰ কৰ্মই আমাক আপ্লুত কৰে, সম্ভাৱনাৰ সেন্দূৰীয়া আলি উজলাই তোলে |    

এজন খুউব কম বয়সীয়া ল’ৰাই মোক ক’লে যে তেওৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ এখন দিওতে গাওবুঢ়াজনে তেওৰ পৰা ৫০ টকা ল’লে | গাওবুঢ়াজন চৰকাৰী কৰ্মচাৰী | তেওৰ কাম-কাজৰ বাবে নিশ্চয় তেওক চৰকাৰে বেতন দিয়ে | গাওবুঢ়াজনে নিশ্চয় ভাবি নাচায় যে তেওৰ চকুৰ আগত জন্ম হোৱা ল’ৰা এজনক ‘স্থায়ী বাসিন্দা হয়’ বুলি প্ৰমাণ-পত্ৰখন দিওতে ৫০ টকা বিচৰা কাৰ্যই ল’ৰাজনৰ মানসিকতাত কি প্ৰভাৱ পৰিব পাৰে | পইচা নহ’লে যে একোৱে নহয় সেই কথা সি গাওবুঢ়াজনৰ পৰাই শিকা আৰম্ভ কৰিলে | সেয়াই হয়তো ল’ৰাজনৰ মনত দুৰ্নীতিৰ আদিপাঠ হৈ উঠিব পাৰে | নোৱাৰে জানো ? যেতিয়া এজন ল’ৰাই স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ আনিবলৈ স্থানীয় গাওবুঢ়াজনক ঘোচ দিব, ড্ৰাইভিং লাইচেন্সখন ল’বলৈ বাহিৰত দালাল বিচাৰি ঘোচ দিব (এতিয়া হেনো জিলা পৰিবহণৰ কাৰ্যালয়বোৰত কৰ্মচাৰীতকৈ দালালৰ সংখ্যা বেছি), যিকোনো চৰকাৰী লোণ বা আচনিৰ ধন পাবলৈ কাৰোবাক ঘোচ দিব লগা হ’ব, তেন্তে সেই ল’ৰাজনক আমি ‘সু-শৃংখলা’ বা ‘সত্‍’ ৰূপত আশা কৰিব পাৰোনে ? আমি বয়সত ডাঙৰ ‘তৰুণ’সকলে জানো ঘোচ লৈ লৈ সিহতকো পংগু কৰি তোলাৰ লগতে সমাজখনো জানো বিকলাংগ কৰি পেলোৱা নাই ? বৰ্তমান দুৰ্নীতি আমাৰ সমাজত ‘নীতি’ত পৰিণত হৈছে | তাৰ বাবে দোষী যুৱ-প্ৰজন্ম নেকি ? সকলোতকৈ ডাঙৰ কথা ঘোচ খোৱা মানুহজনে কোন সতেৰে নিজৰ সন্তানক ‘সত্‍’ আৰু ‘নীতিপৰায়ণতা’ৰ শিক্ষা দিব ? কাৰ্যতঃ সকলো পণ্ডশ্ৰম |

যেনে-তেনে কোৰোণাৰে হোৰাহোৰে ধন চপোৱা বাপেকৰ সন্তানে এখন ‘বাইক’ খুজিবলৈ হয়তো অকণমানো কুণ্ঠিত নহয় আৰু তেনে সন্তানে ষ্টান্ট কৰি বাইক চলাই পদচাৰীক আতংকিত কৰিলেও বাইক আৰোহীজন যিমান দোষী, ঠিক সিমানে দোষী জানো তেওৰ অভিভাৱক নহয় ?

ইতিহাস আৰু ভূগোলক আমি পাঠ্যপুথিৰ পৰা নিশ্ছিন্ন কৰিব ওলাইছো, যাতে কোনো ল’ৰাই সংস্কৃতি আৰু মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হৈ উঠিব নোৱাৰে | শৈশৱতে সিহতক কিতাপৰ সলনি ম’বাইল বা ভিডিঅ’ গেম তুলি দিছো, ‘ম’ৰেল ছায়েন্স’ গুৰুত্বপূৰ্ণ বিষয় নহয়, যিহেতু পৰীক্ষাত সেয়া নালাগে | গতিকে কুমাৰৰ চাকত দিয়া পাত্ৰৰ দৰে আমাৰ আজিৰ যুৱ চাম ঠিক আকাৰেই লৈছে, যিটো চাকত আমি অগ্ৰজসকলেই তুলি দিছো | 

কিন্তু এয়াই শেষ কথা নহয় | অযুত নেতিবাচক ঘটনাৰ মাজতো এনে যুৱকো নোলোৱা নহয় যিয়ে বহন কৰিছে অযুত সম্ভাৱনাৰ বীজ | যিসকলে বাট দেখুৱাইছে সমাজৰ এটা চামক | 

মিৰ্জাৰ হিমাংশু প্ৰসাদ দাসে এন এছ ডিত পঢ়ি আহি বলিউদত প্ৰতিষ্ঠিত হ’বলৈ চেষ্টা নকৰি নিজ গাৱতে খুলিছে নাটকৰ মাজেৰে মানুহ গঢ়াৰ কাৰখানা | উত্তম টেৰণে ‘পাৰিজাত একাডেমী’ খুলি পাণ্ডৱবৰ্জিত জনজাতীয় গাওসমূহত শিক্ষাৰ পোহৰ বিলাইছে | মনজিত্‍ ৰাজখোৱা নামৰ ল’ৰাজনে এতিয়ালৈ প্ৰায় ২৫০০ গ্ৰন্থৰ প্ৰচ্ছদ আকিছে | নলবাৰীৰ পংকজ গোবিন্দ মেধিয়ে গাঠিৰ ধন ভাঙি আপুৰুগীয়া সম্পদেৰে ঘৰতে গঢ়িছে সংগ্ৰহালয় | তেও ঘৰ ভাড়া দি আয় কৰাৰ কথা ভবা নাই | আৰু বহুতো নবীন আছে যিসকলে নীৰৱেই আৰম্ভ কৰিছে বিল্পৱ, তৰুণ প্ৰজন্মৰ অগোচৰে এই বিল্পৱে আনিছে জাগৰণ | আমি তেওলোকক লৈ কিয় আশাবাদী হ’ব নোৱাৰো ? তেওলোকৰ সংখ্যা বৃদ্ধিৰ বাবে আমি তৰুণসকলে এখন চাক আৱশ্যেই নিৰ্মাণ কৰিব লাগিব, সেই চাক হ’ব লাগিব মানুহ গঢ়াৰ চাক |        

1 comment:

  1. যুৱ উচ্ছৃংলা আৰু শংকৰদেৱ মতা দৰ্শৰ প্ৰভাৱ

    ReplyDelete