Thursday, 8 August 2013

মূল সুতিৰ অসমীয়া জাতিৰ পাচটা ভুল

This article was published in Asomiya Pratidin on 26 September, 2012  

ইতিহাস কিয় পঢ়িব লাগে ? প্ৰায় ২৫০ বছৰ আগতে বিখ্যাত ইংৰাজ ৰাজনীতিক তথা দাৰ্শনিক এডমাণ্ড বাৰ্কে এষাৰ সুন্দৰ উক্তি দিছিল যে ‘ যিসকলে ইতিহাস নাজানে তেওলোকে ভুলৰ পুণৰাবৃত্তি কৰাটো নিশ্চিত (Those who dont know history are condemned to repeat it) | যোৱা ৬৫ বছৰে তথাকথিত মূল সুতিৰ অসমীয়া মানুহে কিছুমান মাৰাত্মক ভুল কৰি আহিছে | আজিও এনে লাগে যে নিজৰ ৰাজ্য স্থাপন কৰাৰ সপোন দেখা বড়ো সমাজেও যেন একেবোৰ মাৰাত্মক ভুলেই কৰিছে | গতিকে প্ৰশ্ন হয় : বড়ো সমাজৰ নেতৃত্ব দিবলৈ ওলাই অহা নেতাসকলে স্বৰাজোত্তৰ অসমৰ ইতিহাসৰ পৰা কিবা শিকিলেনে, নে তেওলোকেও এই প্ৰজন্ম আৰু অনাগত প্ৰজন্মলৈ এখন ৰক্তাক্ত পৃথিৱী এৰি থৈ যাব ? তথাকথিত মূল সুতিৰ অসমীয়াসকলেনো বাৰু কি ভুল কৰিছে ? আজি মোৰ মনত পাচটা কথাৰ উদয় হয় :

(১) প্ৰথম মাৰাত্মক ভুলটো হ’ল অসমৰ এটা সীমিত সংজ্ঞা দিয়া | আমাৰ অসমখন এখন ক্ষুদ্ৰ ভাৰতবৰ্ষ | দেশত যিমান বৈচিত্ৰ পোৱা যায়, অসমতো ঠিক তেনেধৰণৰ বৈচিত্ৰ আছে | ইমান জাতি-উপজাতি, গোষ্ঠী-জনগোষ্ঠী, ভাষা-উপভাষা ! এই বৈচিত্ৰৰ প্ৰতি সন্মান নজনাই আমাৰ কেইজনমান উগ্ৰ জাতীয়তাবাদীয়ে অসমখনক অসমীয়াভাষী উচ্চবৰ্ণ হিন্দুভূমি হিচাপে বৰ্ণনা কৰিবলৈ চেষ্টা কৰিলে | ফলস্বৰূপে মাতৃভূমিৰ চিত্ৰখনত বহুতে যেন নিজৰ প্ৰতিচ্ছবি দেখা নাপালে | ইয়াৰ দ্বাৰা কি হ’ল ? এটাকৈ এটাকৈ সামাজিক আৰু ভাষিক গোট অসমীয়া জাতিটোৰ পৰা ফালৰি কাটি যাবলৈ ধৰিলে আৰু এনে এটা অৱস্থা হ’লগৈ যে আমি সুধিবলৈ বাধ্য হ’লো : অসমীয়া কোন ?

যদি অসম মানে অসমীয়াভাষীৰ ভূমি হয়, তেনেহ’লে এই জাতিয়তাবাদীসকলে বৰাক উপত্যকাক অসমৰ পৰা ফালি বেলেগ ৰাজ্য হ’বলৈ নক’লে কিয় ? আৰু যদি বৰাক উপত্যকাক অসমৰ ভিতৰত ৰাখিব লাগে, তেনেহ’লে বাঙালী ভাষাটোৰ প্ৰতি যথোপযুক্ত সন্মান দেখুওৱাত কাৰ্পণ্য কৰিলে কিয় ?

আজি বড়োলেণ্ড আৰু বড়ো নেতৃবৰ্গই একেটা ভুলকে কৰা নাইনে ? আজি বড়োলেণ্ডক যদি অকল বড়োভাষী বড়ো জনগোষ্ঠীৰ একচ্ছত্ৰ গৃহভূমি সজায়, তেনেহ’লে তাত থকা বাকী মানুহবোৰ ক’লৈ যাব ? আমি সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীৰ কথা কোৱা নাই, কিন্তু বড়োলেণ্ডৰ ভূমিত ধাৰাবাহিকভাৱে এশ বছৰ বাস কৰা কিছুসংখ্যক মুছলমানতো আছে | আজি বড়োলেণ্ডত এই ভাৰতী আইৰে সন্তান আদিবাসীসকলতো আছে | এই বড়োসকলৰ সমানে আদিম কোচ ৰাজবংশীসকলতো আছে | আজি এই নাগৰিকসকলক বাদ দি যদি বড়োলেণ্ডৰ সংজ্ঞা দিবলৈ যোৱা যায়, সেইটো জানো সঠিক হ’ব ? বা সেই প্ৰচেষ্টা জানো সফল হ’ব ?

আজি বড়ো নেতৃত্বই কিয় পাহৰি গৈছে যে ১৬ নৱেম্বৰ, ১৯৫২ চনত বড়ো সাহিত্য সভা স্থাপন কৰিছিল হাফলঙৰ ওচৰত জন্ম লোৱা ডিমাচা নেতা জয়ভদ্ৰ হাগজেৰে | আৰু সেয়ে নহয়, উক্ত কাছাৰ পাৰ্বত্য জিলাৰ প্ৰথম স্নাতক হাগজেৰে ১৯৬৭ চনলৈকে বড়ো সাহিত্য সভাৰ সভাপতিৰূপে নেতৃত্ব দিছিল |  এনে এটা ইতিহাসৰ পিচত আজি বড়োসমাজৰ সংজ্ঞা ঠেক নহৈ বহল হ’ব লাগিছিল | কিন্তু হ’ল জানো ? আজিতো ডিমাচাসকলে নিজকে বড়ো বুলি চিনাকি নিদিয়ে, আজি শৰণীয়া কছাৰী বা সোণোৱাল কছাৰী বা ঠেঙাল কছাৰীসকলে নিজকে বড়ো বুলি চিনাকি নিদিয়ে | এই লঘুকতৃত্বই (Reductionism) বড়ো সমাজক লাভৱান কৰিলে নে ক্ষতি কৰিলে ?

(২) দ্বিতীয় ডাঙৰ ভুলটো হ’ল যে এটা বিশেষ গোটে ক্ষমতা অকলে ধাৰণ কৰিব বিচাৰিলে | দেশৰ স্বাধীনতাৰ সময়লৈ যদি চায়, তেতিয়াও অবিভক্ত অসমৰ কেইবাটাও জনগোষ্ঠীয়ে অসমৰ পৰা নতুবা ভাৰতৰ পৰা বিচ্ছিন্ন হ’ব বিচাৰিছিল |  স্বাধীনতাৰ এদিন আগতে, অৰ্থাত্‍ ১৪ আগষ্ট ১৯৪৭ তাৰিখে নগা নেতা ফিজোৱে নগা পাহাৰক এক স্বাধীন ৰাষ্ট্ৰ হিচাপে গঠন কৰাৰ কথা ঘোষনা কৰিছিল | তাৰ পিচত নগা পাহাৰৰ ৰক্তাক্ত ইতিহাসৰ বিষয়ে আমি কম-বেছি পৰিমাণে সকলোৱে জানো | নগা পাহাৰৰ বিদ্ৰোহৰ প্ৰায় পাচ বছৰমান পিচত, অৰ্থাত্‍ ১৯৫২ত, গাৰো আৰু খাচী পাহাৰত এখন নতুন পাহাৰীয়া ৰাজ্য গঠনৰ দাবী উঠিবলৈ ধৰিলে | এই আন্দোলনৰ মূল নেতা আছিল কেপ্তেইন উইলিয়ামছন চাংমা, পিচলৈ নৱগঠিত মেঘালয়ৰ প্ৰথম মুখ্যমন্ত্ৰী | কিন্তু এই বিভিন্ন আন্দোলনৰ মাজত এজন নেতা আছিল যি অসমৰ পৰা বিচ্ছিন্ন হোৱাটোৰ বিৰোধ কৰিছিল | তেও আছিল ৰেভাৰেণ্ড জে জে এম নিকলচ ৰয় | আজি আমি অসমখন টুকুৰা-টুকুৰ হোৱা বুলি দুখ কৰো, কিন্তু ৰেভাৰেণ্ড নিকলচ ৰয়ৰ নিচিনা মানুহক আকোৱালী লৈ বিচ্ছিন্নতাবাদী মনোভাবৰ বিৰুদ্ধে যুজিবলৈ নমাই নিদিয়া কথাটোত আপত্তি নকৰো | কেপ্তেইন চাংমা আৰু পাহাৰীয়া নেতাসকলে যেতিয়া ক্ষমতাহীনতা অনুভৱ কৰাৰ কথা কৈছিল, কিয় আমাৰ নেতৃত্বই তেওলোকক ক্ষমতাৰ ভাগ দিব নোৱাৰিলে ?

ইতিহাসৰ বেছি দূৰলৈ নগৈ যদি আমি ১৯৭৯ চনৰ পৰা ১৯৮৪ চনলৈ চলা অসম আন্দোলনটোলৈ চাও, সেই সময়ৰ আছুৰ নেতৃত্বই কিয় উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নিচিনা নেতাক আকোৱালী ল’ব নোৱাৰিলে | ক্ষন্তেকৰ কাৰণে ভাবকচোন : যদি ৰেভাৰেণ্ড নিক’লছ ৰয় অসমৰ মুখ্যমন্ত্ৰী বা উপেন্দ্ৰ ব্ৰহ্ম আছুৰ সভাপতি হ’লহেতেন অসমৰ ইতিহাস নিশ্চয় বেলেগ নহ’লহেতেন ?

আজি বি টি এ ডিৰ চাৰিখন জিলাত বড়ো নেতৃবৰ্গই একেখিনি ভুলকে কৰা নাইনে ? ৰাজনীতিৰ বিষয়ে কোৱা হয় যে ৰাজনীতি হৈছে সম্ভাৱনা সৃষ্টি কৰা কলা (Politics is the art of the possible) | আজি বড়ো নেতৃবৰ্গই কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতি আখ্যা দিয়াটোৰ বিৰোধ কৰি আহিছে | মই দিব লাগে বুলিও কোৱা নাই বা নালাগে বুলিও কোৱা নাই | কিন্তু এটা প্ৰশ্ন কৰিছো : বড়ো সমাজৰ নেতৃত্বত গোটেইকেইটা গোটে ৰাজনৈতিক ক্ষমতা ভাগ কৰি একেলগে ভোগ কৰিব পৰা ব্যৱস্থা এটা উদ্ভৱ কৰিব পৰা নাযায়নে ?

(৩) তৃতীয় মাৰাত্মক ভুলটো হ’ল ৰাজনৈতিক ক্ষমতা আহৰণ কৰি তাৰ ৰাজভোগটো অকলে খোৱাৰ মানসিকতা | গণতন্ত্ৰৰ নিয়মেই হৈছে সংখ্যাগৰিষ্ঠৰ শাসন | এই লৈ কোনো সংখ্যালঘুৱে মূৰ নঘমায়, যদিহে সংখ্যাগৰিষ্ঠসকলে চৰকাৰী সা-সুবিধা বিলাওতে নিজৰ ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ নকৰে | এই ক্ষেত্ৰত জনজাতিসকলৰ দৃষ্টিত তথাকথিত মূল সুতিৰ অসমীয়াসকলৰ বিশেষ সুনাম নাই | কিন্তু আজি এই কথাখিনি এইকাৰণে উনুকিয়ালো যে আজিৰ বড়ো সমাজৰ নেতৃত্বই বি টি এ ডিত একেটা ভুলেই কৰিছে বুলি ভাব হয় |

এই কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ কিয়নো অবিভক্ত অসমখন টুকুৰা-টুকুৰ হোৱাৰ মূলতে এটা মূল আপত্তি হ’ল বিকাশৰ ফল (Fruits of Development) নোপোৱা | আজি বি টি এ ডিত যি চলি আছে সেই গতিত গৈ থাকিলে যে কাইলৈ ডিভাইড বড়োলেণ্ড ৫০/৫০ৰ শ্ল’গান নুঠিব তাৰ কি মানে আছে ?

এই বিন্দুটোৰ আৰু এটা দিশ হ’ল ৰাজনৈতিক ক্ষমতা আহৰণ কৰি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰা | আগতে কোৱাৰ দৰে ন্যায় পালে কোনো সংখ্যালঘুৱে সংখ্যাগৰিষ্ঠৰ শাসনৰ আপত্তি নকৰে | মই বিশেষভাৱে ইংগিত কৰিছো অসমৰ ট্ৰাইবেল্ট বেল্ট আৰু ব্লকৰ বিষয়ে, কিয়নো স্বাধীনতাৰ সময়ত জনজাতিসকলক যি সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, তথাকথিত মূল সুতিৰ অসমীয়াসকলে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে | নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰা ৰাজনীতিকবোৰক বাদ দিয়ক বাৰু, কিন্তু অসমৰ নামজ্বলা বুদ্ধিজীৱীসকলে এইক্ষেত্ৰত কি কৰিছিল ? হয়, এফালে অভিবাসী মুছলমানসকলক ন-অসমীয়া আখ্যা দি আমাৰ মিশ্ৰিত সংস্কৃতিত বিলীন হৈ যাবলৈ সুবিধা কৰি দিছিল, কিন্তু আনফালে ? কেতিয়াবা জনজাতিসকলৰ ভূমিক লৈ মাত মাতিছিলনে ? এই বিষয়টো লৈ কোনো আলোচনীৰ বিশেষ সংখ্যা প্ৰকাশ কৰিছিলনে ?

(৪) চতুৰ্থ মাৰাত্মক ভুলটো হ’ল : নিজৰ ভাষা আৰু সংস্কৃতি আনৰ ওপৰত জাপি দিয়াৰ প্ৰচেষ্টা | এই বিষয়ে আজি দুটা কথা কও : প্ৰথমটোৰ সত্যতাৰ প্ৰমাণ মোৰ হাতত নাই আৰু দ্বিতীয়টো ঐতিহাসিকভাৱে তথ্যভিত্তিক |

অসমলৈ ঘূৰি আহি ২০১০ চনত যেতিয়া প্ৰথমবাৰৰ বাবে বঙাইগাৱলৈ যাও, তেতিয়া বঙাইগাও শোধানাগাৰত বহু দশক ধৰি কৰ্মৰত এগৰাকী বিষয়াই এষাৰ কথা কৈছিল | তেওৰ মতে ১৯৮৫ চন মানলৈকে বড়ো মহিলাই অন্ততঃ শিক্ষিত বড়ো মহিলাই দখনাখন পিন্ধিবলৈ প্ৰায় এৰি দিছিল | কিন্তু ১৯৮৫ চনত আমাৰ নতুনকৈ শাসনাধিষ্ঠিত ডেকা ল’ৰাহতে ক্ষমতালৈ আহিয়ে অধ্যাদেশ এখন জাৰি কৰিলে যে সকলো স্কুলীয়া আৰু কলেজীয়া ছাত্ৰীয়ে ইউনিফৰ্ম হিচাপে মেখেলা-চাদৰ পিন্ধিব লাগিব | লগে লগে এবছুৱে নিৰ্দেশ দিলে যে কোনোবা বড়ো ছোৱালীয়ে যদি মেখেলা-চাদৰ পিন্ধে তেওক শাস্তি দিয়া হ’ব | কথা মতেই কাম | এতিয়া যিসকলে সৌসিদিনালৈকে জীৱনত সামাজিকভাৱে দখনাখন পিন্ধা নাছিল, তেতিয়া স্বইচ্ছাৰে হওক বা শংকিত হৈয়েই হওক দৈনন্দিন দখনাখন পিন্ধিবলৈ ল’লে | মোৰ দৃষ্টিত দখনাখন এখন সুন্দৰ বস্ত্ৰ, ইয়াৰ জনপ্ৰিয় ব্যৱহাৰৰ মূলতে আমাৰ তথাকথিত মূল সুতিৰ অসমীয়াৰ সংস্কৃতিত দখলীকৰণ যে আছিল সেই কথা ভাবি আজি আচৰিত লাগে | অতি হাস্যকৰ বিষয়, তেতিয়াৰ ডেকাল’ৰা আজি গাভৰু ছোৱালীৰ দেউতাক | আজি সেই নিৰ্দেশ দিয়া কিমানে নিজৰ জীয়ৰীহতক মেখেলা-চাদৰ পিন্ধাব পাৰিছে ? 

আনটি কথা বেছি তথ্যভিত্তিক (Documented) | মই প্ৰবন্ধটোৰ আগতেই খাছি আৰু গাৰো পাহাৰত নতুন ৰাজ্য গঠনৰ আন্দোলনৰ কথা কৈ আহিছো | ৰেভাৰেণ্ড নিক’লছ ৰয় থকালৈকে আন্দোলনটো ক্ষিপ্ৰ হোৱা নাছিল, জুই উমি উমি জ্বলিহে আছিল | পিচে এক নৱেম্বৰ, ১৯৫৯ তাৰিখে ৰেভাৰেণ্ড নিক’লছ ৰয়ৰ মৃত্যু হয় | আৰু ঠিক ছমাহৰ পিচত, অৰ্থাত্‍ ২২ জুন, ১৯৬০ তাৰিখে মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই ঘোষনা কৰিলে যে অসম বিধানসভাই আগন্তুক বৈঠকত অসমীয়াক ৰাজ্যভাষা হিচাপে ঘোষনা কৰিব | লগে লগে লাগি গ’ল হুলস্থুল | তত্‍ক্ষণাত্‍ ছয় জুলাই তাৰিখে কেপ্তেইন চাংমাই শ্বিলঙত মিটিং পাতি All Party Hill Leaders Conference (APHLC) সৃষ্টি কৰিলে, আৰু পৃথক ৰাজ্যৰ আন্দোলন ক্ষিপ্ৰ কৰি তুলিলে | তাৰ ফলত কি হ’ল ? অসমীয়া ৰাজ্যভাষা হোৱাৰ ন বছৰৰ ভিতৰতে মেঘালয় সৃষ্টি হ’ল : প্ৰথমে ১৯৬৯ চনত স্বায়ত্বশাসিত ৰাজ্য হিচাপে, পিচলৈ ১৯৭২ চনত পূৰ্ণাংগ ৰাজ্য হিচাপে | ১৯৮৫ চনত শাসনভাৰ লোৱা আমাৰ ডেকা ল’ৰাসকলে বাৰু ইতিহাস অধ্যয়ন কৰিছিলনে ? যদি কৰিছিল তাৰ পৰা কি শিকিলে ? আজি অসমীয়া ৰাজ্যভাষা হোৱাৰ ৫২ বছৰ পাৰ হৈ গ’ল | কোনোবাই বিশ্লেষন কৰা উচিত আমি ইয়াৰ দ্বাৰা কি পালো, কি হেৰুৱালো | মজাৰ কথা এইটো হ’ব যদি কোনোবাই উলিয়ায় যে উগ্ৰ ভাষাৰ সমৰ্থক কিমানকেইজনৰ ল’ৰা-ছোৱালী অসমীয়া মাধ্যমত পঢ়িছিল বা পঢ়িছে |

(৫) পঞ্চম ভুলটো কৰিলে ৰাজনীটিলৈ কূটনীতি অনা আৰু কূটনীতিৰ দ্বাৰাই ৰাজনীতি নিয়ন্ত্ৰণ কৰাৰ প্ৰৱণতা | কিয়নো কূটনীতিয়ে সাময়িক সকাহ দিব পাৰে, কিন্তু কেতিয়াও চিৰস্থায়ী সমাধান দিব নোৱাৰে | আজি হিতেশ্বৰ শইকীয়াক বহুতে সত্‍ভাৱেৰে স্মৰণ কৰে আৰু মৃত্যুতিথিত দুই-এক উত্‍সাহীয়ে প্ৰবন্ধ-পাতিও লিখে | কিন্তু মোৰ দৃষ্টিত অসমীয়াক জাতিক ধ্বংসৰ ফালে ঠেলি দিয়াৰ ভূমিকা যদি কাৰোবাৰ সৰ্বাত্মক আছিল সেয়া আছিল হিতেশ্বৰ শইকীয়া | শইকীয়াৰ আগতেও বহুতে মুখ্যমন্ত্ৰী হৈছিল বা ৰাজনীতিও কৰিছিল, কিন্তু সেয়া আছিল মূল্যবোধৰ ৰাজনীতি | শৰত্‍ সিংহ আৰু গোলাপ বৰবৰাৰ সময়লৈকে অসমৰ ৰাজনীতিত নীতি বোলা বস্তু এটা আছিল | শইকীয়া আহিয়ে আৰম্ভ কৰি দিলে ব্ৰিটিছৰ Divide and Rule ভিত্তিক দমনমূলক নীতি | প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈয়ে ১৯৮৩ চনত ভাঙোন আনি আমাৰ ডেকাল’ৰাহতক আলোচনাৰ মেজত বহুৱাই এখন কাম নোহোৱা চুক্তিত চহী কৰোৱালে | তাৰ ফলত কি হ’ল ? অসমত ছালফা সৃষ্টি হৈ এটা জটিল আৰু সংকটময় অধ্যায় পাৰ হ’ল | কিন্তু সশস্ত্ৰ সংগ্ৰামৰ অধ্যায়ৰ জানো অন্ত পৰিল ? শইকীয়াৰ আন এটা কৌশল আছিল, যদুক দমন কৰিবলৈ মধুক থিয় কৰোৱা | এই নীতিবোৰ যে কিমান বিনাশকাৰী আছিল হয়তো অসমে এতিয়া বুজি পাইছে | কিন্তু দুখৰ কথা যে  শইকীয়াৰ নীতি শইকীয়াৰ দ্বাৰাই দীক্ষিত বৰ্তমানৰ মন্ত্ৰীসভাত বহা যুৱমন্ত্ৰীৰ দ্বাৰাই চলি আছে | সকলোকে ইমানেই মেনেজ কৰি আছে যে এফালে একুৰা জুই নুমালে আনফালে দুকুৰা জুই জ্বলি আছে | এইবোৰ কথা কম-বেছি পৰিমাণে সমাজে জানে বা অনুভৱ কৰে | কিন্তু আমাৰ শাসকসকলে - দিছপুৰতেই হওক বা কোকৰাঝাৰতেই হওক - যোৱা ৬৫ বছৰৰ ঘটনাক্ৰমৰ পৰা কিমান শিক্ষা লৈছে ?

আৱেগিক শ্ল’গানেৰে ক্ষমতালৈ আহিব পৰা যায়, কিন্তু আৱেগৰ দ্বাৰা দেশ নচলে | আজি বড়োলেণ্ডৰ শাসকগোষ্ঠীয়ে যদি ইতিহাসৰ পৰা শিক্ষা লয়, বি টি এ ডিত সকলোৰে মংগল হ’ব, যদি নলয় আমি এক ৰক্তাক্ত ভৱিষ্যতৰ অপেক্ষা কৰিম |

___________________________________________________
(এই লেখা ‘অসমীয়া প্ৰতিদিন’ত ‘আৱেগিক শ্ল’গানেৰে দেশ চলোৱা নাযায়’ শীৰ্ষক শিৰোনামেৰে প্ৰকাশিত |)                    

6 comments:

  1. ধন্যবাদ আপোনালৈ

    ReplyDelete
  2. বৰ সময়োপযোগী লিখনি...আমাৰ শিকনি

    ReplyDelete
  3. বৰ সুন্দৰ আৰু প্ৰয়োজনী লিখনি

    ReplyDelete
  4. সুন্দৰ আৰু প্ৰয়োজনীয় লিখনি

    ReplyDelete
  5. অতি সুন্দৰ জানৰ লিখনি

    ReplyDelete