Thursday, 1 August 2013

অসমৰ তেল উদ্যোগ : আৱেগৰ পৰা বাস্তৱলৈ

This article was published in Asomiya Pratidin on May 15, 2012


অসম আন্দোলন চলি থাকোতে মই জনা-বুজা বয়সৰ আছিলো; কিন্তু অংশগ্ৰহণ কৰিব পৰাকৈ ডাঙৰ হোৱা নাছিলো | সি যি কি নহওক, সেই সময়ত অসমৰ আকাশ-বতাহ কপাই তোলা এটা শ্ল’গান আজিও মোৰ মনত ৰৈ গ’ল - ‘তেজ দিম তেল নিদিও’ | এতিয়াও কেতিয়াবা কেতিয়াবা তেজ আৰু তেল শব্দ দুটা ক’ৰবাত ক’ৰবাত একেলগে উচ্চাৰিত হোৱা শুনো | আৰু লগে লগে মোৰ ভাব হয় - ‘হে ঈশ্বৰ, এইটো কি আৱেগিক জাতি !’ কিয়নো, পৃথিৱীৰ ক’তো বোধহয় তেজ আৰু খনিজ পদাৰ্থ এটা একেলগে উচ্চাৰিত নহয় | কৰ্ণাটকে ক’বনে ‘তেজ দিম, সোণ নিদিও’ | ৰাজস্থানে বাৰু ক’বনে ‘তেজ দিম, ৰূপ নিদিও’ | ঝাৰখণ্ডে বাৰু ক’বনে ‘তেজ দিম লোহা নিদিও’ | আনকি কেইবছৰমান আগতে যেতিয়া নদী সংযোজন আচনিখন ঘোষনা কৰা হৈছিল, তেতিয়া দুজনমানে ইমান পৰ্যন্ত শ্ল’গান দিছিল ‘তেজ দিম পানী নিদিও’ | আমাৰ অসমত প্ৰাণৰ মূল্য ইমানেই কম নে যে প্ৰতিটো আন্দোলনত আমি তেজক টানি আনো !

তেজ আৰু তেল - এই দুটা শব্দ একেলগে উচ্চাৰণ কৰোতে এনেকুৱা এটা ভাব হয় যেন অসমেহে ভাৰতবৰ্ষৰ সৰ্বাধিক তেল উত্‍পাদন কৰে | মই দুজনমান বন্ধুক এই বিষয়ে সুধিও চাইছিলো - ‘কোৱাচোন অসমে ভাৰতবৰ্ষৰ কিমান শতাংশ তেল উত্‍পাদন কৰে ?’ এজনে ক’লে ৮০%, এজনে ক’লে ৭০%, এজনে ৫০% | কিন্তু তথ্যলৈ যদি চাও ছবিখন সম্পূৰ্ণ বেলেগ |

প্ৰথমে উত্‍পাদনলৈ আহো | শেহতীয়া তথ্যমতে ২০১০-১১ চনত ভাৰতবৰ্ষৰ ২০ টা শোধনাগাৰে ২০৬.১৫ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল শোধন কৰিবৰ বাবে ক্ৰয় কৰিছিল | ইয়াৰে শোধিত হৈ উঠা তেলৰ অধিকাংশৰ দ্বাৰা আভ্যন্তৰীণ চাহিদা পূৰণ হৈছিল, খুব কম পৰিমাণহে ৰপ্তানি হৈছিল | এই ২০৬.১৫ মিলিয়ন মেট্ৰিক টনৰ মাত্ৰ ৩৭.৭১ মিলিয়ন মেট্ৰিক টনহে ভাৰতে উত্‍পাদন কৰে, বাকীখিনি বিদেশৰ পৰা আমদানি কৰা হয় | আৰু এই ৩৭.৭১ মিলিয়ন মেট্ৰিক টনৰ মাত্ৰ ৪.৭১ মিলিয়ন মেট্ৰিক টন অসমে উত্‍পাদন কৰে | গতিকে আমি গম পাও যে অসমে ভাৰতবৰ্ষৰ খাৰুৱা তেলৰ চাহিদা মাত্ৰ ২.২% হে পূৰণ কৰে | খন্তেকৰ কাৰণে আৱেগ পাহৰি কথা এটা ভাবকচোন - কিবা কাৰণত যদি অসমত তেল উত্‍পাদন কাইলৈ বন্ধ হৈ যায়, ভাৰতৰ তেলৰ বজাৰখনত বাৰু কিবা প্ৰভাৱ পৰিবনে ? দেশে যদি নিজে নিজে উত্‍পাদন কৰিয়েই হওক, বা আমদানি কৰিয়েই হওক ৯৭.৮% তেলৰ ব্যৱস্থা কৰি ল’ব পাৰে, দৰকাৰ হ’লে অতিৰিক্ত ২.২% তেল বাৰু আমদানি কৰি ল’ব নোৱাৰিবনে ? মই আমাৰ ৰাজ্যখনক হেয় কৰিবলৈ কথাখিনি কোৱা নাই; কিন্তু পাঠক সমাজৰ আগত বাস্তৱ ছবি এখনহে দাঙি ধৰিব খুজিছো |

এতিয়া শোধন অৰ্থাত্‍ ৰিফাইনিঙলৈ আহো | সৰুতে কিমান গৌৰৱেৰে পঢ়িছিলো পৃথিৱীৰ দ্বিতীয় পুৰণি তথা এছিয়া মহাদেশৰ প্ৰথম শোধনাগাৰটো অসমত আছে, ডিগবৈত | আজি পৃথিৱীৰ তেল অৰ্থনীতি অধ্যয়ন কৰি বুজি পাইছো যে ঐতিহাসিক দৃষ্টিকোণৰ বাদে ডিগবৈ শোধনাগাৰক লৈ গৌৰৱ কৰিবলগা বিশেষ একো নাই | এই তথ্যলৈ চাওক - ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা হ’ল বছৰি ০.৬৫ মিলিয়ন মেট্ৰিক টন, গুজৰাটৰ জামনগৰত একেলগে লাগি থকা ৰিলায়েন্স শোধনাগাৰ দুটাৰ বাৰ্ষিক শোধন ক্ষমতা হ’ল ৬০ মিলিয়ন মেট্ৰিক টন | অৰ্থাত্‍ ডিগবৈৰ তেল শোধন কৰা ক্ষমতা হ’ল ৰিলায়েন্সৰ ১% তকৈ অকণমানহে বেছি | এতিয়া ভাবকচোন - এক লিটাৰ খাৰুৱা তেল শোধন কৰিবলৈ ৰিলায়েন্সক যদি ধৰি লওক ১০ টকা লাগে, ডিগবৈক কিমান লাগিব ? গ্ৰাহকেতো পৃথিৱীৰ দ্বিতীয় পুৰণি শোধনাগাৰত শোধন কৰা তেল বুলিতো বেছি মূল্য নিদিয়ে ! তেনেস্থলত আমিনো বাৰু এই প্ৰতিযোগিতামূলক যুগত বিশ্বৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হব পাৰিমনে ? আমি কিমানদিন subsidy, tax holiday আৰু economic package ৰ বোকোচাত বাৰু উঠি ফুৰিম ? যিদিনাখনেই অসমৰ শোধনাগাৰবোৰৰ পৰা কৰ মাফ (tax holiday) স্থিতিটো আতৰোৱা হ’ব, সেইদিনাখনেই চাৰিওটা শোধনাগাৰ বন্ধ হৈ যাব | অসমৰ তেল উদ্যোগৰ বাবে ইয়াতকৈও ভয়াৱহ স্থিতি কিবা আছেনে বাৰু ?

শোধনৰ আন এটা দিশ লৈ আমি গৌৰৱ কৰো | আমাৰ অসমত চাৰিটা শোধনাগাৰ আছে, কেইখন ৰাজ্যনো আমাৰ সমান ভাগ্যৱান | ঠিকেই, কিন্তু কেতিয়াবা ভাবি চাইছেনে এই শোধনাগাৰ কেইটাৰ বাৰ্ষিক শোধন ক্ষমতা কিমান ? ডিগবৈ ০.৬৫ মিলিয়ন মেট্ৰিক টন, গুৱাহাটী ১.০ মিলিয়ন মেট্ৰিক টন, বঙাইগাও ২.৩৫ মিলিয়ন মেট্ৰিক টন আৰু নুমলীগড় ৩.০ মিলিয়ন মেট্ৰিক টন | অৰ্থাত্‍ গোটেই অসমৰ চাৰিটা লগ লগাই অসমৰ বাৰ্ষিক শোধন ক্ষমতা হ’ল ৭.০ মিলিয়ন মেট্ৰিক টন | এতিয়া ভাৰতবৰ্ষৰ বাকী শোধনাগাৰবোৰলৈ চাওক | ভাৰতৰ বাকী ১৬ টা শোধনাগাৰৰ শোধন ক্ষমতা দিবলৈ চাগৈ এই স্তম্ভত ঠাই নহ’ব, কিন্তু পৰিসংখ্যা এনেধৰণৰ - ১২ টা শোধনাগাৰৰ প্ৰতিটোৰ ক্ষমতা ৭ মিলিয়ন মেট্ৰিক টনতকৈ বেছি | অৰ্থাত্‍ গোটেই অসমৰ ৪ টা শোধনাগাৰে যিমান তেল শোধন কৰে, অসমৰ বাহিৰৰ ১৬ টাৰ ভিতৰত ১২ টাই অসমতকৈ বেছি কৰে | আৰু তাৰ পিচতো আমি আমাৰ শোধনাগাৰকেইটাক লৈ ভেমত ওপঙি থাকিব লাগেনে ?

আজি ভাৰতবৰ্ষত ৩ টা নতুন শোধনাগাৰৰ নিৰ্মাণকাৰ্য চলি আছে | যোৱা ৫ বছৰত ৬ টা পুৰণি শোধনাগাৰৰ শোধন ক্ষমতা বঢ়োৱা হৈছে | অসমৰ সাংসদ মনমোহন সিঙৰ নেতৃত্বত চলা কেন্দ্ৰীয় চৰকাৰখনে বাৰু অসমৰ এটা শোধনাগাৰৰো উত্‍পাদন ক্ষমতা বঢ়োৱাৰ কথা নাভাবিলেনে ? ইয়াৰ কাৰণে বাৰু কাক দোষ দিব ? কেন্দ্ৰীয় চৰকাৰক নে ৰাজ্য চৰকাৰক নে অসমৰ পৰা নিৰ্বাচিত কৰা সাংসদগৰাকীক, যিগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ সৌভাগ্য লাভ কৰিছে ?

মই যোৱা বছৰ বঙাইগাৱলৈ গৈছিলো | ৰাতিৰ আহাৰৰ পিচত বঙাইগাও শোধনাগাৰৰ দুজনমান বিষয়াৰ সৈতে আলোচনাত মিলিত হ’লো | কথা-বতৰাত এটা আমোদজনক কথা গম পালো - যিডাল পাইপলাইনেৰে এসময়ত অসমৰ পৰা বাৰাউনিলৈ তেল সৰবৰাহ হৈছিল, আজি সেইডাল পাইপলাইনেৰে বঙাইগাও শোধনাগাৰলৈ বাহিৰৰ পৰা তেল আহে | আগতে কৈ আহিছো যে অসমে বছৰি প্ৰায় ৪.৭১ মিলিয়ন মেট্ৰিক টন তেল উত্‍পাদন কৰে | আনহাতে আমাৰ চাৰিওটা শোধনাগাৰৰ শোধন ক্ষমতা হ’ল ৭ নিযুত মেট্ৰিক টন | তেনেহ’লে অতিৰিক্ত তেলখিনি ক’ৰ পৰা আহে ? সেইখিনি তেল পশ্চিমবংগৰ হালদিয়া ব্ন্দৰলৈ বিদেশৰ পৰা জাহাজেৰে আহে | হালদিয়াৰ পৰা শিলিগুৰি হৈ বঙাইগাৱলৈ পাম্প হয় | শুনি আমোদ পালো যে অসমৰ পৰা খাৰুৱা তেল বাহিৰলৈ নাযায়, বৰং বাহিৰৰ পৰাহে খাৰুৱা তেল অসমলৈ আহে | সেইদিনা মাছ, মাংস, কণীৰ লগত বাহিৰৰ পৰা অহা বস্তুৰ তালিকাখনত আন এটা বস্তু যোগ দিলো : খাৰুৱা তেল | কিমান যে বিভ্ৰান্তিত থাকো আমি !

আজি মই এই কথাখিনি লিখাৰ উদ্দেশ্য মূলতঃ দুটা | এটা হ’ল আমাৰ তেল উদ্যোগৰ শোচনীয় অৱস্থা দাঙি ধৰা আৰু দ্বিতীয়টো হ’ল আমাৰ ভ্ৰম ভংগ কৰি এখন নতুন অসমৰ পৰিকল্পনাৰ হকে আগবঢ়া | ইতিমধ্যে প্ৰবন্ধৰ আগভাগত আমাৰ তেল উদ্যোগৰ শোচনীয় ছবিখন দাঙি ধৰা হৈছে | এতিয়া আমি কি পৰিকল্পনা কৰিব পাৰো ? কিন্তু পৰিত্ৰানৰ কথা বাখ্যা কৰাৰ আগতে এটা খবৰ দিও |

অলপতে পঞ্জাবৰ ভাটিণ্ডা চহৰত ১৯,০০০ কোটি টকাৰে নিৰ্মিত, ৯ মিলিয়ন মেট্ৰিক টন শোধন ক্ষমতাৰ গুৰু গোবিন্দ সিং শোধনাগাৰ উদ্বোধন হ’ব | শোধনাগাৰটোৰ নিৰ্মাতা ‘হিন্দুস্থান পেট্ৰ’লিয়াম’ আৰু বিশ্ববিখ্যাত আৰবপতি এল এন মিট্টালৰ কোম্পানী ‘মিট্টাল এনাৰ্জি’ | কিন্তু পঞ্জাবৰতো খাৰুৱা তেল নাই, তেন্তে খাৰুৱা তেল ক’ৰ পৰা আহিব ? পৰিকল্পনামতে, খাৰুৱা তেল আহিব বিদেশৰ পৰা, প্ৰমুখ্যে আৰবৰ পৰা |সেই তেল গুজৰাটৰ মুন্দ্ৰা বন্দৰলৈ আহিব আৰু মুন্দ্ৰা পৰা ১,০১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপ লাইনেৰে পঞ্জাবলৈ নিয়া হ’ব | কিন্তু এই তেল অকল স্থানীয়ভাৱে বিতৰণ নহয় | কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা যে শোধন কৰা তেলৰ বুজন পৰিমাণ পাকিস্থানলৈ ৰপ্তানি কৰিব | যোৱা ২২ জানুৱাৰী তাৰিখৰ ‘Business India’ আলোচনীত প্ৰকাশিত বাতৰিমতে (পৃঃ ৩৮) : In the UPA Governments foreign policy calculus, the refinery could emerge as a pivot to Indias emerging business relations with Pakistan, which may also include trading in petroleum products and power. The two countries have also decided to trade in electricity through a specially-built, high-voltage, direct current link between Amritsar and Lahore | এতিয়া এটা কথা ভাবি চাওকচোন - এহেজাৰ কিলোমিটাৰ পাইপলাইনেৰে তেল আনি পঞ্জাবত শোধন কৰি, পাকিস্থানত যদি বেচিব পাৰি, ঠিক তেনেধৰণৰ কাম অসমতো কৰিব নোৱাৰিনে ? আমাৰ যদি vision বা লক্ষ্য থাকে আৰু লগতে ৰাজনৈতিক দৃঢ়তা থাকে এনে কথা নিশ্চয় ভাবিব পাৰো |

ভাৰত চৰকাৰৰ Look East Policy যেতিয়া প্ৰথম বাখ্যা কৰা হৈছিল, তেতিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ সচিব ৰাজীৱ ছিক্ৰীয়ে কৈছিল যে এই নীতিটোৱে envisages the North-East region not as the periphery of India, but as the centre of a thriving and integrated economic space linking two dynamic regions with a network of highways, railways, pipelines, transmission lines criss-crossing the region. অৰ্থাত্‍ অসম তথা উত্তৰ-পূৰ্বাঞ্চলক গোটেই দক্ষিণ-পূব এছিয়াৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰ কথা কৈছিল | 

এতিয়া আহো এখন নতুন অসমৰ পৰিকল্পনালৈ | ছিক্ৰীৰ কথাৰ যদি যুক্তিযুক্ততা আছে, তেনেহ’লে আমি অসমক গোটেই দক্ষিণ-পূব এছিয়াৰ refining hub (শোধন কেন্দ্ৰ) ৰূপে গঢ় দিব নোৱাৰোনে ? হালদিয়া তথা চিটাগং বন্দৰেৰে বিদেশৰ পৰা খাৰুৱা তেল অসমলৈ আনি আৰু সেই তেল শোধন কৰি নেপাল, ভূটান, বাংলাদেশ, উত্তৰ ম্যানমাৰ আদিত আমি বিক্ৰী কৰিব নোৱাৰিমনে ? ভাটিণ্ডাৰ তেল শোধনাগাৰ যদি ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ প্ৰসাৰৰ অস্ত্ৰ হ’ব পাৰে, ঠিক তেনেদৰে উত্তৰ-পূৰ্বাঞ্চলস্থিত শোধনাগাৰ এটায়ো আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰে সম্পৰ্ক গঢ়াত সুবিধা কৰিব নোৱাৰোনে ?

আজি ভাৰতবৰ্ষৰ দিল্লী, নয়দা, গুড়গাও, পুণে আৰু চেন্নাই যান-বাহন উত্‍পাদনৰ কেন্দ্ৰ হৈ পৰিছে (যাৰবাবে লাগে mechanical engineering ৰ মানুহ) | দিল্লী, গুড়গাও, মুম্বাই আৰু হায়দৰাবাদ এই তিনিখন চহৰতে কেন্দ্ৰস্থিত হৈছে ভাৰতৰ সৰ্ববৃহত্‍ প্ৰথম দহটা কনষ্ট্ৰাকচন কোম্পানী (Civil Engineering) | দিল্লী, নয়দা, গুড়গাও, মুম্বাই, হায়দৰাবাদ, বাংগালুৰু আৰু চেন্নাইত আছে ভাৰতৰ সৰ্ববৃহত্‍ কম্পিউটাৰ ছফটৱেৰ কোম্পানীকেইটা (Computer Engineering) | হায়দৰাবাদ, বাংগালুৰু আৰু থিৰুৱনন্তপুৰমত আছে ভাৰতৰ আকাশী যান আৰু মহাকাশ যান নিৰ্মানৰ কেন্দ্ৰ (Aeronautical Engineering) |

আমি এইকেইখন চহৰৰ সৈতে বা এইখিনি মানুহৰ সৈতে, এইবোৰ বিষয়ত প্ৰতিযোগিতা কৰাতকৈ কিয়নো পেট্ৰলিয়াম ইঞ্জিনীয়াৰিঙ (Petroleum Engineering)ত জোৰ নিদিও ? আজিলৈকে কিমানকেইজন অসমীয়া অইল ইণ্ডিয়া আৰু অ’ এন জি চিৰ চেয়াৰমেন অথবা ডাইৰেক্টৰ হৈছে ! আমাৰ অসমীয়া কিমান শ তেল-অভিযন্তা আছে ! আমাৰ মানুহ তেল উদ্যোগৰ তিনিওটা মূল বিষয় exploration & production, refining, marketing ৰ সৈতে অভিজ্ঞ নহয়নে ? কেইখন ৰাজ্যৰ মানুহে এইক্ষেত্ৰত ইমান দক্ষতা দেখুৱাব পাৰিব ?

আমি আমাৰ কৰ্মদক্ষতা আৰু পাৰদৰ্শিতাৰ ভিত্তিত প্ৰতিযোগিতা নকৰি আমাৰ দুৰ্বলতাৰ ভিত্তিত কৰাটো উচিত হ’ব জানো ? কিন্তু অসম চৰকাৰে কি কৰিছে চাওকচোন ! অসমতনো কি বৃহত্‍ সমবায়ক্ষেত্ৰ আছে যে শিৱসাগৰত এখন সমবায় বিশ্ববিদ্যালয় পাতিবলৈ যো-জা কৰিছে ? অসমত আজিলৈকে কিয় গুজৰাটৰ ‘আমুল’ৰ দৰে সমবায় অনুষ্ঠান এটা গঢ় লৈ নুঠিল ? ৰাইজে গাখীৰ এটোপা পাবলৈ হাহাকাৰ কৰিয়ে থাকিল আৰু ৰাজ্য চৰকাৰে ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ যো-জা কৰিছে ! ইয়াৰ দ্বাৰাই অসমত সমবায় বিপ্লৱ হৈ উঠিব নেকি ? গুৰুত্বপূৰ্ণতা বা লাভালাভৰ ফালে চালে, আমি কিহৰ দ্বাৰা বেছি উপকৃত হ’লোহেতেন ! এখন পেট্ৰলিয়াম বিশ্ববিদ্যালয় নে এখন সমবায় বিশ্ববিদ্যালয় ? আনহাতে চাওক উত্তৰাখণ্ডৰ ডেৰাডুনত স্থাপিত হৈছে University of Petroleum & Energy Studies আৰু গুজৰাটৰ গান্ধীনগৰত স্থাপন হৈছে Pandit Deendayal Petroleum University |

আজি অসমৰ তেল উদ্যোগৰ সন্মুখত অস্তিত্ব ৰক্ষাৰ প্ৰত্যাহ্বান | এই প্ৰত্যাহ্বানৰ মুখামুখি আমি subsidy, tax holiday আৰু economic package   আদি উপায়েৰে কৰিব নোৱাৰো | যদি কৰিব পাৰো একমাত্ৰ ভাল পৰিকল্পনা আৰু প্ৰতিযোগিতামূলক নীতিৰ দ্বাৰাহে পাৰিম | এই subsidy য়ে আমাৰ বাণিজ্য কৰাৰ মানসিকতাক পংগু কৰিছে | যদি subsidy য়ে কাৰোবাক লাভাম্বিত কৰিছে সেয়া হৈছে এটা বৃহত্‍ ব্যৱসায়ী শ্ৰেণীক |

একবিংশ শতিকাৰ অসমখনৰ পৰিকল্পনা আমি তথ্য আৰু যুক্তিৰ ভিত্তিত কৰিব লাগিব | অসমৰ ঔদ্যোগীকৰণ আৱেগৰ ভিত্তিত নহয় | পাঠকে নিশ্চয় Infosys নামৰ ছফটৱেৰ কোম্পানীটোৰ নাম শুনিছে, এইটো ভাৰতৰ সৰ্ববৃহত্‍ বাণিজ্যিক অনুষ্ঠানৰ এটা | এই কোম্পানীটোৰ শ্ল’গান হ’ল Powered by Intellect, Driven by Values - মোৰ এই কথাষাৰি খুব ভাল লাগে | আৰু ভাবি চালে মোক এনে এখন অসমেই লাগে, বুদ্ধি-বৃত্তিৰ দ্বাৰা চালিত আৰু মূল্যবোধৰ দ্বাৰা নিয়ন্ত্ৰিত |    

               

1 comment:

  1. Bar dhunia katha likhile dai.moi aji bahutu najana katha sikilu.thanks

    ReplyDelete